উৰুঙা মন – মেৰী বৰদলৈ

PC Melli O'Brien
উৰুঙা মন
                           মেৰী বৰদলৈ
                          নগাঁও,ফুলগুৰি৷
চ’তৰ আকাশত
নাই আজি
ৰঙানীলা ৰঙেৰে অঁকা
সেই তাহানিৰ
ৰঙীল চিলা…. ,
ফাগুনে লঠঙা কৰা
সেউজী বুকুও
আজি ধূলিয়ৰি
নাই চোন সেউজীক
আদৰাৰ সেই বসন্তৰ
বৰষুণজাক… ,
চ’তৰ আবেলিত মনত পৰে বৰকৈ
ল’ৰালিলৈ…
মনত পৰে খিলখিলাই থকা
নিভেজাল হাঁহিবোৰলৈ
মনত পৰে হাতেহাত ধৰি
বসন্তক আদৰাৰ
আখৰালৈ
উৰুঙা মনে হাবাথুৰি খাইছে
বিচাৰি বসন্তক আদৰা
ল’ৰালিৰ
বৰষুণজাকলৈ !