নিমাতীঘাটত চলন্ত ফেৰীৰ পৰা বুঢ়া লুইত জাঁপ দিলে যুৱকে
ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ কমলাবাৰী নিমাতীঘাটত অঘটন। ৰঙালী বিহুৰ আনন্দৰ মাজতেই মাজুলীত সংঘটিত হৈছে এক দুর্ভাগ্যজনক ঘটনা। কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাট অভিমুখে গৈ থকা এখন যাত্রীবাহী নাৱৰ পৰা এজন যুৱকে হঠাৎ ব্রহ্মপুত্রত জাঁপ দিয়া বুলি জানিব পৰা গৈছে। ফেৰীৰ পৰা যুৱকজনলৈ লাইফ জেকেট দলিয়াই দিছিল যদিও, যুৱকজনে কোনো সহাঁৰি নিদিলে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান চলাবলৈ SDRFৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰাৰ পিছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
