ঘোষণা কৰা হ’ল চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

ঘোষণা কৰা হ’ল চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ চেণ্ট্ৰেল ব’ৰ্ড অৱ চেকেণ্ডাৰী এডুকেশ্যন চমুকৈ চিবিএছইয়ে ঘোষণা কৰে চলিত বৰ্ষৰ দশম শ্ৰেণীৰ ফলাফল৷ এইবাৰৰ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৯৩.৭ শতাংশ ৷ বিগত বৰ্ষত উত্তীৰ্ণ হৈছিল ৯৩.৬৬ শতাংশ ৷ ইফালে এই বৰ্ষত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে চিবিএছই কৰ্তৃপক্ষই ৷ চিবিএছই কৰ্তৃপক্ষই এক প্ৰেছ বিজ্ঞপ্তি যোগে কয়, এই বৰ্ষত ২৪.২৭ লাখ শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মুঠ ৮,০৭৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা ৷ ১৪,০৮,৫৪৬ জন ছাত্ৰৰ বিপৰীতে ১০,৯৯,৭৭৩ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । মুঠ ৮৩টা বিষয়ত পৰীক্ষা অনুষ্ঠিত হৈছিল । এই বৰ্ষত ৯৪.৯৯ শতাংশ ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণ ১.৩ শতাংশ বেছি ৷ চিবিএছই কৰ্তৃপক্ষই উল্লেখ কৰিছে যে, ৫৬,৩৬৮ হাজাৰ শিক্ষাৰ্থীয়ে এই বৰ্ষত ৯৫ শতাংশ লাভ কৰিছে ৷ বিপৰীতে ২,২১,৫৭৪ গৰাকী শিক্ষৰ্থীয়ে ৯০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৷ ইফালে কম্পাৰ্টমেণ্টেল পৰীক্ষাত ১.৪৭ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ পৰিমাণ কম আছিল বুলি উল্লেখ কৰিছে চিবিএছই কৰ্তৃপক্ষই ৷  এইবাৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ৬ মাৰ্চত সমাপ্ত হৈছিল চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা। মুঠ ২৫,০৮,৩১৯ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল, য’ত ১৪,০৮,৫৪৬ জন ল’ৰা আৰু ১০,৯৯,৭৭৩ গৰাকী ছোৱালী আছিল । ৮,০৭৫টা কেন্দ্ৰত ৮৩টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।