এখন চহৰ আৰু অলপ কাহিনী – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Vecteezy

এখন চহৰ আৰু অলপ কাহিনী

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও

এখন চহৰ আছিল
তাত অসংখ্য কাহিনী আছিল;
কিছুমান কাহিনী দুৰ্বল,
আৰু কিছুমান সৱল।
চহৰখনে কাহিনীবোৰক নিচুকাই থাকে,
কাহিনীৰ মাজতেই নিজেই
আকৌ এটা কাহিনী হৈ।
সন্ধিয়া নামিলে
আন্ধাৰবোৰক মায়াৰে আৱৰি ধৰে
যাক চহৰখনে কেতিয়াও
সম্পূৰ্ণকৈ চিনিব নোৱাৰে।
ৰাতিৰ বুকুত জিলিকি থকা কাহিনীবোৰ
বৰ সৰলতাৰে ভৰা;
সেইবোৰ যেন অভাৱে জুৰুলা কৰা অগ্নিশিখা,
প্ৰলোভনৰ আৱৰণে ঢাকি থোৱা
একোটা নীৰৱ আৰ্তনাদ।
এই চহৰে জানে..
এনে দুৰ্বল কাহিনীৰ আঁৰত অশ্ৰু থাকে;
প্ৰতিটো কাহিনীৰ ভাঁজত
এটা অপূৰ্ণ সপোনৰ গোন্ধ লুকাই থাকে।
মায়াৰে আৱৰা কোলাহলবোৰ দেখি
আন্ধাৰৰ কোলাত বহি
চহৰখনে প্ৰভাতৰ বাবে অপেক্ষা কৰে
যেন সেয়া কোনো দেৱতাৰ আগমনৰ অপেক্ষা
যি আহিলে বুকুৰ গহীন ক্ষতবোৰত
একটুকুৰা উষ্ণতা থৈ যাব।

কিন্তু পোহৰ এতিয়া
সকলোৰে বাবে নহয়
সেয়া কেৱল কিছুমান
শক্তিশালী কাহিনীৰ
হাতৰ মাজত বন্দী।

আৰু চহৰখন..
আন্ধাৰৰ সৈতে চুক্তি কৰি
প্ৰতিদিনে নিজক অলপ অলপকৈ
হেৰুৱাই পেলাইছে।