বৌদ্ধ ধৰ্মৰ দৰ্শন– এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী ,গোৱালপাৰা
আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম-বিশ্বাস আৰু জীৱন-দৰ্শনৰ নামেই হৈছে বৌদ্ধ ধৰ্ম। বুদ্ধদেবে পৰিনিৰ্বাণ লাভ কৰাৰ পিছত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হীনযান বা থেৰবাদ ( সংস্কৃত ভাষাত স্থবিৰবাদ) । দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান বা তান্ত্ৰিক মতবাদটো মহাযানৰ এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আৰু কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ-পূব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে।
বৌদ্ধ ধৰ্মৰ দৰ্শন মূলতঃ বেদ-উপনিষদৰ আধাৰত গঢ়ি উঠিছে যদিও বেদ-উপনিষদৰ কৰ্ম-কাণ্ড যেনে বৈদিক যাগ-যজ্ঞ, পূজা-পাতল , বাহ্যিক আচাৰ-অনুষ্ঠান, জাতিভেদ প্ৰথা বিশ্বাস কৰা নাছিল।
বুদ্ধই বেদক অপৌৰুষেয় বা ঈশ্বৰীয় সৃষ্টি বুলি বিশ্বাস কৰা নাছিল। তেওঁ পশু বলিদান সমৰ্থন কৰা নাছিল। উপনিষদত জগতৰ অস্থায়ী প্ৰকৃতিৰ কথা কোৱা হৈছে,যাক বুদ্ধই ‘ অনিচ্চা ‘ ( সকলো অনিত্য) হিচাপে গ্ৰহণ কৰিছিল।
বুদ্ধদেবে উপনিষদৰ দৰে পুনৰ্জন্মৰ ধাৰণা বিশ্বাস কৰিছিল, কিন্তু উপনিষদৰ ‘ আত্মা ‘ বা চিৰন্তন সত্তাৰ ধাৰণা অস্বীকাৰ কৰিছিল।
উপনিষদৰ ‘ আত্মা’ বা ‘ ব্ৰহ্ম’ৰ ধাৰণাৰ বিপৰীতে বুদ্ধই ‘ অনাৎম ‘ বা ‘আত্মা’ বুলি একো নাই — এই মতবাদ প্ৰতিষ্ঠা কৰে।
উপনিষদৰ মোক্ষৰ ( আত্মা- ব্ৰহ্মৰ মিলন) ধাৰণা সলনি কৰি বুদ্ধই ‘ নিৰ্বাণ ‘ বা দুখৰ পৰা মুক্তিৰ কথা উল্লেখ কৰিছে।
পালি ভাষাত ৰচিত বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম হৈছে ‘ ত্ৰিপিটক ‘ । ইয়াত গৌতম বুদ্ধৰ দৰ্শন, উপদেশ,বিনয় নিয়মসমূহ সংকলিত হৈছে। ত্ৰিপিটক তিনিটা প্ৰধান ভাগত বিভক্ত: বিনয় পিটক, সূত্ৰ পিটক ( সুত্ত পিটক) আৰু অভিধৰ্ম পিটক ( অভিধম্ম পিটক) ।
থেৰবাদী বৌদ্ধ ধৰ্মত এই ত্ৰিপিটকক মূল ধৰ্মগ্ৰন্থ হিচাপে গণ্য কৰা হয়। আনহাতে মহাযান বৌদ্ধধৰ্মত ত্ৰিপিটকৰ বাহিৰেও বিভিন্ন সূত্ৰ বা শাস্ত্ৰীয় গ্ৰন্থক অত্যন্ত গুৰুত্বপূৰ্ণ জ্ঞান কৰা হয়।
বৌদ্ধ ধৰ্মগ্ৰন্থ ‘ ত্ৰিপিটক ‘ আৰু সূত্ৰসমূহৰ ভিত্তিত মূলতঃ বৌদ্ধ ধৰ্মৰ দৰ্শন গঢ়ি উঠিছে।
বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ হ’ল ” অহিংসা পৰম ধৰ্ম” । এই ধৰ্মৰ মূল উদ্দেশ্য হ’ল জীৱনৰ দুখ আৰু তাৰ কাৰণ ( তৃষ্ণা বা কামনা) উপলব্ধি কৰি চতুৰাৰ্য সত্য আৰু অষ্টাঙ্গিক মাৰ্গ অনুসৰণ কৰি নিৰ্বাণ বা মুক্তি লাভ কৰা। গৌতম বুদ্ধৰ শিক্ষাৰ মূল কেন্দ্ৰবিন্দু হ’ল প্ৰেম,কৰুণা আৰু সৰ্বজীৱে দয়া।
চতুৰাৰ্য সত্য:- ( Four noble truths)
(১) দুখ( Dukkha):- সংসাৰ দুখময়, জন্ম, মৃত্যু,জৰা( বাৰ্ধক্য),ব্যাধি , অপ্ৰিয় মিলন, প্ৰিয় বিচ্ছেদ বা ইচ্ছা পূৰণ নোহোৱা সকলো দুখৰ অন্তৰ্গত। মানৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিভিন্ন ধৰণে দুখ বিদ্যমান।
(২) দুখ সমুদয় (Samudaya):-প্ৰতিটো দুখৰ অন্তৰালত এটি বিশেষ কাৰণ থাকে ; যিয়ে মূলতঃ তৃষ্ণা বা কামনা-বাসনা। এই অতৃপ্ত বাসনা বা তৃষ্ণাই বাৰে বাৰে দুখৰ জন্ম দিয়ে।
(৩) দুখ নিৰোধ (Nirodha):-দুখৰ কাৰণ বা তৃষ্ণা বিনাশ কৰা সম্ভৱ। যেতিয়া তৃষ্ণা বা কামনা সম্পূৰ্ণ ৰূপে নিৰ্বাপিত হয় , তেতিয়া দুখৰ অৱসান ঘটে আৰু মানুহে ‘ নিৰ্বাণ’ বা পৰম মুক্তি লাভ কৰে। অৰ্থাৎ বাসনা বা তৃষ্ণা বিনাশেই দুখৰ পৰা মুক্তিৰ উপায় (নিৰ্বাণ )
(৪) দুখ নিৰোধ মাৰ্গ (Magga) দুখৰ পৰা মুক্তিৰ উপায় বা অষ্টাঙ্গিক মাৰ্গ। এই চাৰিটা সত্যৰ জৰিয়তে বুদ্ধদেবে জীৱনৰ দুখৰ কাৰণ আৰু তাক দূৰ কৰাৰ উপায় বিশ্লেষণ কৰিছে।
অষ্টাঙ্গিক মাৰ্গ:- দুখ নিবৃত্তি লাভৰ প্ৰকৃত পথ অষ্টাঙ্গিক মাৰ্গ। এইবোৰ হ’ল—
বৌদ্ধ দৰ্শনৰ ‘ সম্যক দৰ্শন ‘ ( Right View or Right Understanding) হ’ল অষ্টাঙ্গিক মাৰ্গৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধাপ বা স্তৰ ; যিয়ে জীৱন আৰু জগতৰ সত্য স্বৰূপ — বিশেষকৈ চাৰিটা আৰ্য সত্য( দুখ, দুখৰ কাৰণ,দুখ নিৰোধ আৰু দুখ নিৰোধৰ পথ) সঠিক ভাবে উপলব্ধি কৰা। এটি জীৱনৰ নশ্বৰতা আৰু কৰ্মফল বুজি অবিদ্যা ( অজ্ঞানতা) দূৰ কৰি নিৰ্বাণ লাভৰ সঠিক দৃষ্টিভংগী প্ৰদান কৰে।
সম্যক সংকল্প (Right Intention or Resolve) :- সম্যক সংকল্প হ’ল অষ্টাঙ্গিক মাৰ্গৰ দ্বিতীয় অংগ ; যিয়ে মনৰ সঠিক বা সৎ সংকল্প বা সদিচ্ছাক বুজায়। ইয়াৰ মূল লক্ষ্য হ’ল ভোগ তৃষ্ণা ত্যাগ,অন্যৰ প্ৰতি হিংসা বা কুভাৱ বৰ্জন আৰু সহানুভূতি বা অহিংসাৰ মনোভাৱ লৈ জীৱনযাপন কৰা। এটি মূলতঃ অকুশল চিন্তা ত্যাগ কৰি কুশল চিন্তা আৰু মঙ্গল সাধনৰ সংকল্প।
সম্যক বাক :- সম্যক বাক হ’ল বৌদ্ধ দৰ্শনৰ অন্যতম এটি মাৰ্গ ; যাৰ অৰ্থ হৈছে সঠিক কথা বা যথাৰ্থ বাক্য। ইয়াৰ মূল কথা হ’ল মিথ্যা কথা,পৰনিন্দা,কটু কথা আৰু বৃথা আলাপ ত্যাগ কৰি সত্য, মধুৰ, উপকাৰী আৰু সংযত বাণী উচ্চাৰণ কৰা।
সম্যক কৰ্ম ( Right Action/ Right Conduct) :- হ’ল বৌদ্ধ ধৰ্মৰ অষ্টাঙ্গিক মাৰ্গৰ চতুৰ্থ নীতি ; যিয়ে সঠিক নৈতিক আচৰণ বা সৎ কাৰ্যক বুজায়। ই পঞ্চশীল নীতিৰ অংশ হিচাপে হত্যা, চুৰি, যৌন অসদাচৰণ আৰু নিশাৰ পৰা বিৰত থাকি অহিংস, নৈতিক আৰু গঠনমূলক কাম কৰাৰ মাধ্যমৰে নিজৰ আৰু অইনৰ কল্যাণ নিশ্চিত কৰা।
সম্যক আজীৱিকা ( Samma-Ajiva):- বৌদ্ধ ধৰ্মৰ অষ্টাঙ্গিক মাৰ্গৰ পঞ্চম অংগ হ’ল সম্যক আজীৱিকা। ইয়াৰ মূল অৰ্থ হ’ল সৎ বা পবিত্ৰ উপায়েৰে জীৱন ধাৰণ কৰা। ই এনে এটি পেছা বা উপাৰ্জনৰ পথ, যিয়ে কোনো প্ৰকাৰ পাপ,কলুষতা,বা অইনৰ ক্ষতিকাৰক নহয়। অসাধু উপায়েৰে বা ক্ষতিকাৰক উপায়েৰে জীৱিকা নিৰ্বাহ নকৰি নীতিসন্মত ভাৱে অৰ্জিত আয়েৰে জীৱন ধাৰণ কৰাই হ’ল সম্যক আজীৱিকা।
সম্যক ব্যায়াম (Samma Vayama):- সম্যক ব্যায়াম বা সঠিক প্ৰচেষ্টা হ’ল বৌদ্ধ ধৰ্মৰ অষ্টাঙ্গিক মাৰ্গৰ ষষ্ঠ অংগ ; যাৰ অৰ্থ হ’ল সৎ বা কল্যাণকৰ কৰ্মৰ বাবে শাৰীৰিক আৰু মানসিক শক্তিৰ সঠিক আৰু নিৰলস ব্যৱহাৰ। ই মূলতঃ অশুভ চিন্তা বৰ্জন, অশুভ চিন্তা ৰোধ,শুভ চিন্তা জাগৰণ আৰু শুভ চিন্তাৰ স্থায়ীকৰণৰ বাবে সচেতন থকা বুজায়।
সম্যক স্মৃতি ( Samyak Smriti) :- হ’ল বৌদ্ধ দৰ্শনৰ অষ্টাঙ্গিক মাৰ্গৰ সপ্তম ধাপ বা স্তৰ। ইয়াৰ অৰ্থ হ’ল নিজৰ শৰীৰ, অনুভূতি, মন আৰু চিত্তৰ বা মনৰ অৱস্থাবোৰৰ ( যেনে, দুখ, কামনা) সম্পৰ্কে সৰ্বসময় সজাগ, সচেতন, আৰু সতৰ্ক হৈ থকা। ইয়ে মানুহক ক্ষণস্থায়ী বিষয়বোৰৰ প্ৰতি আসক্ত নহৈ বাস্তৱতাৰ আচল ৰূপ বোধগম্য হোৱাকৈ চাবলৈ সহায় কৰা।
সম্যক সমাধি ( Right Concentration) :- সম্যক সমাধি হ’ল বৌদ্ধ দৰ্শনৰ অষ্টাঙ্গিক মাৰ্গৰ অষ্টম তথা চূড়ান্ত ধাপ বা স্তৰ, যিয়ে চিত্তৰ একাগ্ৰতা বা মনৰ স্থিৰ অৱস্থাক বুজায়। ইয়াৰ দ্বাৰা লোভ,মোহ, বিদ্বেষ মুক্ত হৈ সঠিক ধ্যানৰ মাধ্যমেৰে মনক সম্পূৰ্ণ শান্ত,অবিচলিত, আৰু একমুখী কৰাৰ প্ৰক্ৰিয়া, যিয়ে নিৰ্বাণ লাভৰ সহায়ক হয়।
বৌদ্ধ ধৰ্মৰ ত্ৰিশৰণ ( Three Jewels) :- বুদ্ধং শৰণং গচ্ছামি ( বুদ্ধৰ শৰণ লওঁ)
ধম্মং শৰণং গচ্ছামি ( ধৰ্মৰ শৰণ লওঁ)
সংঘং শৰণং গচ্ছামি ( সংঘৰ শৰণ লওঁ)
বৌদ্ধ ধৰ্মত ধৰ্মান্তৰ বুলি একো নাই। সকলোৱে যিকোনো মতাদৰ্শ গ্ৰহণ কৰাত কোনো বাধা নাই। তেওঁ অন্ধ ভাৱে কোনো ধৰ্ম গ্ৰহণ কৰিবলৈ নিষেধ আৰোপ কৰিছে। তেওঁৰ মতে পাঁচ কৰ্ম বা পঞ্চশীল নীতি মানি চলিলেই হ’ল । সেই পাঁচ কৰ্ম বিধি হ’ল সকলো প্ৰাণীক সম মৰ্যাদা প্ৰদান কৰি প্ৰাণী হত্যাৰ পৰা বিৰত থকা, চুৰি নকৰা,কাম- মিথ্যাচাৰ বা যৌন অসদাচৰণৰ পৰা আঁতৰত থকা, মিথ্যাৰ আশ্ৰয় নোলোৱা আৰু মাদক দ্ৰব্য বা নিচা জাতীয় দ্ৰব্য বৰ্জন কৰা।
সংক্ষেপে বৌদ্ধ ধৰ্মৰ দৰ্শনৰ বিষয়ে আলোকপাত কৰা হ’ল।
