পৰিবৰ্তনৰ ছশমাজোৰ- চন্দ্ৰ শেখৰ পৰাজুলী

PC Great place to work

পৰিবৰ্তনৰ ছশমাজোৰ

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম

অই হৰেন দেশখনত পৰিৱৰ্তন হবলৈ সময় আহিল নহয়। কি কৈছ অ’ অনুপ একো বুজি পোৱা নাই নহয় ? ইয়াৰ আগতেও সময়ে সময়ে দেশখনত পৰিবৰ্তন হৈ আহিছিল আৰু পৰিৱৰ্তন সময়ৰ অনুসৰি হৈ গৈয়েই থাকিব নহয় জানো ?অনুপ, নহয় অ’ বন্ধু ইলেকচন আহি আছে নহয় । সেয়েহে সকলোবোৰ দল,সংগঠনে দেশত পৰিৱৰ্তন আনিবলৈ শ্লোগান দি ফুৰে। আমি আনিম ,আমি আনিম দেশত পৰিৱৰ্তন বুলি। কিন্তু পৰিৱৰ্তন শব্দটো কেৱল শুনিবলৈ ভাল লগা হৈছে নহয়নে ? হৰেন, আৰে বন্ধু পৰিৱৰ্তন একেবাৰতে নাহে নহয়। কাৰণ পৰিৱৰ্তন হবলৈ সময় লাগে। চা, ভাই আমাৰ দেশ তথা আমাৰ ৰাজ্যত পৰিৱৰ্তন ব্যক্তি বিশেষে হয়। আজি মন্ত্ৰী,এমেলেবোৰৰ জীৱন পৰিৱৰ্তন হৈছে ।এনেদৰে অহা কিছুবছৰ পিছত আমিও ৰাজনীতিত ঠিয় দি নিজৰ নিজৰ নিজাববীয়াকৈ পৰিবৰ্তন সাব্যস্ত কৰিম তাতে কি ডাঙৰ কথা। অনুপে, হাঁহি এটি মাৰি কলে,তাৰমানে নিজ পকেটত ধনৰ টোপোলা এটা নপৰালৈকে আমি মানে পৰিবৰ্তন হোৱাটো নেদেখো আৰু যিয়েই গান্ধী জেপত পৰে আমি কেৱল চৌদিশে পৰিবৰ্তনে পৰিবৰ্তন হোৱা দেখা পাওঁ নে, কি বন্ধু।হৰেন, নিশ্চয় পৰিৱৰ্তন নামৰ নাটকখনি আমি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ইলেকচন অহাৰ সময়তে দেখা পাওঁ। তাৰ পাছত দেখোন দেশ তথা ৰাজ্যৰ জনসাধাৰণে নাকে,কানে মিঠাতেল দি শুই পৰে। আচলতে আমি কিবা পৰিৱৰ্তন হোৱা দেখা পাওঁ তেনে নহয়। আচলতে আমি একো একোজন জ্ঞানী মূৰ্খ । যাক ৰাজনীতি কৰা মানুহবোৰে আহি বাৰে বাৰে ঠগি যায়। অনুপ,বুজিলোঁ বন্ধু বুজিলোঁ, সেই পৰিবৰ্তনৰ ছশমাজোৰৰ দাবীদাৰ দলটো বা কোনটো ? আচলতে মই আৰু আপুনি পৰিৱৰ্তন নামৰ ছশমাজোৰ(গান্ধী) পিন্ধাৰ পৰা বঞ্চিত নেকি বাৰু ? হৰেন, বুজিলিয়েই নহয় কথাটো তেন্তে সৰধৰ কৰ আকৌ ।