Is it Destiny,,,,,,?” – নাচিমা য়াচমিন,

PC Freepik
 Is it Destiny,,,,,,?”
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি।

ঘাই পথৰ নেৰা -নেপেৰা যান -বাহনৰ সোঁত। অহাই আহিছে যোৱাবিলাক গৈছে। এই অৱস্থাত আটাইতকৈ বেছি  অসুবিধা পোৱা সকল হৈছে  খোজ কাঢ়ি যোৱাসকল। এনে সময়ত ৰাস্তা পাৰ হোৱাটো আটাইতকৈ কঠিন কাম।

ৰাগিনিয়ে প্ৰায় দহ মিনিট ধৰি চেষ্টা কৰি আছে ৰাস্তাৰ আনটো মূৰত যাবলৈ। কিন্তু তাইৰ আগৰে দুৰ্বলতা — তাই ৰাস্তা পাৰ হ’বলৈ বৰ ভয় কৰে। সমুখৰ পৰা হাই স্পিডত অহা গাড়ী -মটৰজাক চকুত পৰিলেই যেন তাইৰ গা- মূৰ ঘূৰি যায়।
কান্ধত থকা বেগটো অলপ টানকৈ ধৰি তাই সমুখত আহি আমনি কৰা চুলিবিলাক আঁতৰাই পঠিয়ালে। হাতঘড়ীলৈ এবাৰ চকু ফুৰাই তাই আগতকৈ বেছি নাৰ্ভাচ হৈ পৰে। চকুৰ চচমাযোৰ এহাতেৰে নাকৰ ওপৰৰ পৰা অলপ ঠেলি উঠাই ভগৱানৰ নাম লৈ ৰাস্তা ক্ৰছ কৰিবলৈ চেষ্টা কৰে।
পাৰ হ’ব লওঁতেই গাড়ী এখনে আহি তাইক বাধা দিলে। তাই আকৌ এবাৰ বিফল হৈ পিছুৱাই আহে। এইবাৰ অন্য এক সমস্যাই আহি তাইৰ মূৰৰ ওপৰত বাস সাজিলে যেন। তাইৰ পিন্ধনত থকা ফ্লেট চেন্দেলযোৰৰ ফিটা এডাল চিঙি থাকিল।
চব সমস্যা আজিয়েই আহিব পালে বুলি তাইৰ চকুযোৰ সেমেকা হৈ পৰে। বাৰিষাজাক নামো নামো অৱস্থা।
চেন্দেলৰ এপাত হাতত লৈ চকুযোৰ বন্ধ কৰি তাই মহানগৰীৰ ব্যস্ততাপূৰ্ণ ৰাস্তাটি পাৰ হ’বলৈ ধৰে। মূহুৰ্ততে ধুমুহা গতিত কোনোবা দিশৰ পৰা হাত এখন আহি তাইৰ হাতত স্পৰ্শ কৰিলে। তাইৰ বন্ধ চকুৱে অনুভৱ কৰিলে এটি পুৰণি চিনাকি সুবাস। হাতৰ স্পৰ্শই তাইক উৰুৱাই লৈ যায় চাৰি বছৰ  আগৰ অতীতলৈ।
চকু মেলাৰ সাহস হোৱা নাই তাইৰ। লগতে হাতখন এৰুৱাই নিবলৈও ইচ্ছা জগা নাই। এই স্পৰ্শই তাইক শান্তি দিয়ে। শক্তি দিয়ে প্ৰতিটো কঠিন পৰিস্থিতিত।
ৰাস্তাৰ আনটো মূৰ পোৱাত তাই নিজৰ চকু মেলিলে। তাইৰ মনে ঠিকেই চিনি পায় এই সুবাস, যি কেতিয়াও ভুল হ’ব নোৱাৰে।
:” আজিও চকু বন্ধ কৰি ৰাস্তা ক্ৰচ কৰা?”
 অনুৰাগ — তাইৰ নিচেই কাষত থিয় হৈ আছে অনুৰাগ। তাইৰ অনুৰাগ।
:” তোমাক কেলেই লাগে?” — চচমা ঠিক কৰি তাই কলে।
:” উফ্, সেই একেই নাকত উলমি থকা খংখিনি?  তুমি অলপো সলনি হোৱা নাই।”
:” হুম, সলনি হোৱা মোৰ স্বভাৱ নহয়। কিন্তু কিছুমান মানুহ আছে, সময়ত ৰং সলনি কৰে। “
:” এইবোৰ বাদ দিয়া, তুমি ইয়াত? “
:” তুমি থাকিবা বুলি জানিলে কেতিয়াও নাহিলোঁ হয়।”
:” কিয় মই ইমান বেয়া নি?”
:” নিজে জানা নহয়। “
ৰাগিনি আৰু অনুৰাগ —তিনিটাকৈ বছৰ একে লগত পঢ়া। অনুৰাগ আছিল গোটেই কলেজৰ জনপ্ৰিয় মুখ। তাৰ সুৰে ছোৱালীবিলাকৰ মনত প্ৰেমৰ জোৱাৰ তুলিছিল।  ফ্ৰেচাৰ্চত গান গোৱা সময়ৰ পৰাই অনুৰাগ হৈ পৰিছিল ছোৱালীবিলাকৰ নতুন ক্ৰাছ।
সেই ছোৱালীবিলাকৰ লিষ্টত অনৰ্ভুক্ত আছিল সহজ- সৰল মনৰ ৰাগিনিয়ো। তাইয়ো লুকাই- চুৰকৈ অনুৰাগক চাই থাকিছিল। কিন্তু তাৰ লগত কথা পাতিবলৈ কেতিয়াও সাহস গোটাব পৰা নাছিল।
বাইকৰ ওপৰত বহি লগৰ বোৰৰ লগত আড্ডা দি থকা অনুৰাগক এপলক চাবলৈ তাইৰ মন ব্যাকুল হৈ পৰিছিল। কলেজ উইকত “নীলা  খামৰ চিঠি ”  প্ৰতিযোগিতাত তাই অনুৰাগৰ প্ৰতি থকা অনুভৱখিনি লিখি প্ৰথম হৈছিল।
:” ৰাগিনি, মই তোমাক ড্ৰপ কৰি দিও,আহা মোৰ লগত।”
:” আৰু কিমান দয়া কৰিবা অনুৰাগ, নালাগে তোমাৰ দয়া মোক। “
:” ৰাগিনি প্লিচ, তোমাৰ অৱস্থা চোৱা এবাৰ। “
সঁচাকৈ, তাই নিজৰ ফালে এবাৰ লক্ষ্য কৰিলে। হাতত এপাত চেন্দেল লৈ  ৰৈ আছে তাই। ততালিকে তাই চেন্দেলপাত হাতৰ পৰা পেলাই দিলে। তাই অনুৰাগৰ আগত অলপ লাজ পালে। অনুৰাগে তাইৰ ফালে চাই হাঁহিলে মাত্ৰ। সঁচাকৈয়ে অলপো সলনি হোৱা নাই তাই।  চাৰিবছৰ আগৰ আজলী ৰূপহী ৰাগিনিজনীয়েই আছে।
কলেজৰ প্ৰথম দিনটিৰ কথা তাৰ এতিয়াও মনত আছে। ঠিক এনেদৰেই ৰাগিনিয়ে চকু মুদি ৰাস্তা পাৰ হ’বলৈ চেষ্টা কৰি আছিল।  এই দৃশ্যটি অনুৰাগৰ বাইকৰ মিৰ’ৰত দৃশ্যমান হৈ পৰিছিল। সি বাইক ৰখাই ঠিক আজিৰ দৰেই হাতত ধৰি তাইক ৰাস্তা পাৰ কৰাই দিছিল।
সেইদিনা আৰু আজিৰ পৰিস্থিতি যদিও একে কিন্তু ইয়াৰ মাজত অতিক্ৰম কৰিছে চাৰিটাকৈ বছৰ। অলেখ ভুল বুজা -বুজিৰ লগতে মান -অভিমানৰ প্ৰকাণ্ড পাহাৰখন।
:” ৰাগিনি, ব’লা মোৰ লগত। “— উত্তৰৰ অপেক্ষা নকৰি তাইৰ হাতত ধৰি অনুৰাগ আগুৱাই যায়। গাড়ীৰ দুৱাৰখন খুলি তাইক বহিবলৈ ক’লে। কিন্তু তাই অমান্তি হয়, চকু ডাঙৰ কৰাত যেনিবা তাই উঠি বহিলে।  চিট বেল্ট পিন্ধাই দিয়াৰ সময়ত অনুৰাগে তাইৰ চকুৰ কোণত এটি শুভ্ৰ কণিকা জিলিকি থকা দেখিলে। সি নিজ হাতেৰে আঁতৰাই পঠিয়ালে সেই কণিকাটিক।
: কোৱা এতিয়া, ইয়াত কি কৰিছাঁ? অকলে আহিছা ? লগত কোনো অহা নাই? “
:” জব এটাৰ ইণ্টাৰ্ভিউ আছে। আৰু মই এতিয়াও সৰু হৈ আছোঁ নি কাৰোবাৰ লগত ফুৰিবলৈ কিবা,,”
:” তাকে, গম পোৱা গৈছে , কিমান ডাঙৰ হৈছা।”
:” ক’ত আছে interview, আৰু কেতিয়া আছে?”
:” কাইলৈ আছে,,।”
:” থাকিবা ক’ত? I mean কোনোবা চিনাকি আছে? “
:” নাই। থাকি যাম কৰবাত।”
:” miss ৰাগিনি এইয়া তোমাৰ গাঁও নহয়, গুৱাহাটী হয়। ইয়াত তুমি অকলে মেনেজ কৰিব নোৱাৰিবা।”
:” পাৰিম মই। চব পাৰিম। তোমাক এৰি ইমান বছৰ থাকিব পাৰিছোঁ যেতিয়া চব পাৰিম মই।”
অনুৰাগৰ মুখত কোনো উত্তৰ নাই। সি যিমানেই তাইক নুবুজাই কিয়, তাই ভুল বুজাটো নিশ্চিত। তাৰ অভিমান মাথোঁ ইমানেই যে ৰাগিনিয়ে তাক বিশ্বাস নকৰি অন্যৰ কথা বিশ্বাস কৰিছিল। বেলেগৰ কথা শুনি তাক ভালপোৱাক অবিশ্বাস কৰিছিল।
:” তুমি মোৰ লগত যাবা। মোৰ লগত থাকিবা। “
:” নাযাও তোমাৰ লগত। “
:” মই তোমাক অনুৰোধ কৰা নাই। অৰ্ডাৰ দিছোঁ বুজিছা?”
:” আৰু মই তোমাৰ অৰ্ডাৰ শুনিম, কেনেকৈ ভাৱিলা?”
:” ভৱা নাই, মই sure, তুমি মোৰ লগতেই যাবা।”
:” মিচা,”
:” সঁচা।”
অনুৰাগৰ ফ্লেটৰ ভিতৰত ৰাগিনিয়ে ভৰি দিয়ে। মন নোযোৱা স্বত্তেও তাই অনুৰাগৰ লগত আহিলে। কিয়নো অনুৰাগৰ বাহিৰে আন কোনো চিনাকি মানুহ নাই এইখন চহৰত। তদুপৰি এই চাকৰিটো তাইৰ বৰ প্ৰয়োজন। তাই নিজৰ অভিমানখিনিক এৰি অলপ সময়ৰ বাবে স্বাৰ্থপৰ হয়।
:” ৰাগিনি, বহা। কি খাবা কোৱা? চাহ খাবা?”
:” মই একো নাখাও। “
:” কিন্তু মই খাম, চাহ খাম। বনাই আনাগৈ চোন দুকাপ। “
তাই কথা নবহাই কিৎচেনলৈ যায়। তাইৰ মাথাটো বৰকৈ বিষাইছে। চাহকাপ খালে ভাল লাগিব।।
চাৰি বছৰৰ আগত সকলো শেষ হৈছিল যদিওঁ destiny য়ে আকৌ এবাৰ সুযোগ দিছে যেন সকলো ভুল বুজা -বুজিৰ অন্ত পেলাবলৈ। অনুৰাগে ৰাগিনিৰ মনত বাস লৈ থকা ভুল ধাৰণাখিনি শেষ কৰিব বুলিয়েই তাইক লগত লৈ আহিছে।
:” ৰাগিনি, এই ফালে আহা।”
বেলকণিত থিয় হৈ আছে দুয়ো। জোনবাইজনীৰ উজ্জ্বল পোহৰ আহি ৰাগিনিৰ মুখমণ্ডল স্পৰ্শ কৰিছে। অনুৰাগে তাইৰ চচমাযোৰ খুলি দিলে। এহাতেৰে তাইৰ গালত হাত ফুৰাই দি একেৰাহে চকুৰ ফালে চাই থাকিল। তাই আকৌ এবাৰ অনুৰাগৰ চকুৰ গভীৰতাত ডুবি যোৱাৰ পৰা বাচিবলৈ পলাই আহিব খোজে।
:” ৰাগিনি, নাযাবা প্লিচ। সেইদিনা মই যিবোৰ কৈছিলো, সঁচা কৈছিলো। এটা শব্দয়ো মিচা নাছিল।”
:” হুম, জানো মই।”
:” তেন্তে কিয় মোৰ পৰা পলাব বিচাৰি আছা? থাকা না অলপ। “
বেলকণিত থকা বেঁতৰ ছফাখনত ৰাগিনি বহি পৰে। তাই নিজৰ অনুভূতিৰ আগত আজি বৰ ক্লান্ত । ঠিক তেনেদৰে অনুৰাগেও হাৰ মানি ল’লে।
অনুৰাগে কোনো  কথা নক’লে, মাথোঁ তাইৰ কোলাত নিজৰ মূৰটো পেলাই দি চকু দুটা বন্ধ কৰি দিলে। । তাইয়ো মৰমেৰে অনুৰাগৰ চুলিবিলাকত হাত ফুৰাই দিলে।
:” অনুৰাগ, “
:” হুম।”
:”মোৰ কথা মনত পৰিছিল তোমাৰ?”
:” পাহৰিলে হে মনত পেলাম? “
:” এতিয়াও ভালপোৱা মোক?”
:” হুম। “
:”কিন্তু  এইয়া কেনেকৈ সম্ভৱ?”
:” কিয় অসম্ভৱ? “
:” চাৰি বছৰ হ’ল আমাৰ মাজত কোনো ধৰণৰ যোগাযোগ নাছিল। “
:” তাতে কি হ’ল? ভালপাবলৈ যোগাযোগ থাকিবই লাগিব বুলি কি কথা আছে? ভালপোৱা মনৰ পৰা অনুভৱ কৰা বস্তু। বিশ্বাস  নহ’লে নিজৰ মনক প্ৰশ্ন কৰি চোৱা এবাৰ ।”
:” মিচা, মই তোমাক ভাল নাপাও, মনতো নপৰে মোৰ তোমাৰ কথা।”
:” হা, হা, তুমি আজিও মোক ভালপোৱা। বহুত বেছি ভালপোৱা। মোতকৈও বেছি ভালপোৱা।”
:” নাপাওঁ।”
:” পোৱা।”
:” হুম, বহুত পাওঁ। সদায় মনত পৰে তোমাৰ কথা। “
কান্দি দিয়ে তাই। ইমান বছৰে দুচকুত লুকুৱাই ৰখা বৰষুণজাক নামি আহে। অনুৰাগে তাইক নিজৰ দুবাহুৰ মাজত আঁকোৱালি লয়।
ৰাগিনি, অনুৰাগ আৰু নিশাৰ জোনবাই— তিনিও মিলি সকলো মান- অভিমানক আঁতৰাই পঠিয়ালে আৰু নতুন এটি অধ্যায়ৰ শুভাৰম্ভণি কৰিলে।
সকলো যোগাযোগ বিচ্ছিন্ন হৈ যোৱাৰ পাছতো destiny য়ে সিহঁত হালক আকৌ এবাৰ কাষ চপাই আনিলে যেন। এইবাৰ যাতে কোনো ধৰণৰ ভুল বুজা বুজিয়ে আহি সিহঁতৰ মাজত সোমাব নোৱাৰে তাৰ বাবে অনুৰাগ সচেতন হৈ থাকিব।
এনেতে ৰাগিনিৰ ফোনৰ স্ক্ৰীনটো জিলিকি উঠে। ৱালপেপাৰৰ ফটোখনত লিখা আছে — 11: 11