বহাগ বিহুত এশ এবিধ শাক খোৱা পৰম্পৰা আৰু লোকবিশ্বাস
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও
অসমৰ বহাগ বিহু কেৱল এটা উৎসৱেই নহয় ই আমাৰ প্ৰাচীন জীৱনদৰ্শন, প্ৰকৃতিৰ সৈতে মানৱ সম্পৰ্ক আৰু স্বাস্থ্যসচেতনতাৰ এক গভীৰ প্ৰতিফলন। এই বিহুৰ সৈতে জড়িত এক উল্লেখযোগ্য পৰম্পৰা হৈছে—“এশ এবিধ শাক খোৱা”। এই পৰম্পৰা অসমীয়া গ্ৰাম্য জীৱনত বহু যুগ ধৰি প্ৰচলিত আৰু ইয়াৰ সৈতে বহুতো লোকবিশ্বাস জড়িত আছে। সৰু থাকোঁতে দেউতাই বিহুদিনা এশ এবিধ শাক বিচাৰি আনিছিল আৰু সন্ধিয়া যেতিয়া আয়ে শাক ৰান্ধিছিল গোটেই পাকঘৰটো এক সুবাসে বিয়পি পৰিছিল। এয়া অকল পৰম্পৰাই নহয় ইয়াত স্বাস্থ্য সম্বন্ধ গুণো বিৰাজমান।
এই পৰম্পৰাৰ মূল অৰ্থ হৈছে প্ৰকৃতিৰ বিভিন্ন প্ৰকাৰৰ শাক খাই দেহৰ পৰিশোধন কৰা। শীতকাল পাৰ হৈ বসন্ত আহিলে মানুহৰ দেহত বিভিন্ন ৰোগ-ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায় বুলি পূৰ্বপুৰুষে বিশ্বাস কৰিছিল। সেইসময়ত অসমত বসন্ত ৰোগ হোৱা সম্ভৱনা বেছি হয় সেয়ে বহাগ মাহত এশ-এবিধ নির্বাচিত শাকৰ আঞ্জা খোৱাৰ পৰম্পৰা অতীজৰ পৰা অদ্যাপি প্রচলিত হৈ আহিছে। গৰু বিহুৰ দিনা ৰাতিৰ সাজত এই আঞ্জা খোৱা হয়। কোনো কোনোৱে মানুহ বিহুৰ দিনা খোৱাটো নিয়ম বুলি মানি চলে। বিহুৰ দিনা খোৱা এই আঞ্জাই বছৰটোলৈ বিভিন্ন ৰোগৰ, বিশেষকৈ পেটৰ অসুখৰ প্ৰতিষেধক হিচাবে কাম কৰাৰ জনবিশ্বাস আছে। এশ এবিধ শাকৰ অন্যতম হ’ল- মাটি কাঁদুৰি, মানিমুনি, নৰসিংহ, ভেদাইলতা, বেতগাজ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, মধুসোলেং, ঔ-টেঙা, উৰহী, তিতাফুল, ভেকুৰি, পানীলাউৰ আগ, ৰঙালাউৰ আগ, বিলাহী, কচুথোৰ, মালভোগ শাক, কঁঠালৰ মুচি, ভেটফুল, চজিনাৰ পাত, পিৰালি পালেং, বাবৰি, বনতুলসী, লাই, লফা, পালেং, চুকা, নলটেঙা, বেঙেনা, জিলমিল, খুতৰা, হাতী খুতৰা, ব্রাহ্মী, শুকলতি, মানধনিয়া, বাহক তিতা, লাইজাবৰি, তিতা কেৰেলা, মহানিম, ভেটাই তিতা, হেলচী, ঢেঁকীয়া, নেফাফু, পিপলি, জেটুলি পকা, কলপচলা, পিৰালি কুঁৱৰী, পুনৰ্ণৱা, বৰথেকেৰা, বৰ টেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়হ, মৰলীয়া, বকফুল, মৰিচা, দুপৰটেঙা, চুকা, মেথি, মৰাপাট, কচু, ওলকচু, বিশল্যকৰণী, টেঙা মৰা, সৰিয়হ, লাচকচি, বগা পূৰৈ, ৰঙা পূৰৈ, কণবিলাহী, মেদেলুৱা, ডিমৰু, কিৰিঙালতা, কালমেঘ, শতমূল, কেহেৰাজ, চেংমৰা, মূলা, কাঠ আলু, শিমলু আলু, শেৱালি, শিঙাপাত, লাতুমণি, বাঘ-আঁচোৰা, কেঁচুৱালতি, কুন্দুলি, মিঠা মৰা, ফুটকলা, ডেমডেউকা, তংলতি, টিকনিবৰুৱা, ভাতমেটেকা, টুপুৰীলতা, টুবুকীলতা, শুকতিলতা, হেঙুনীয়া, সোণবৰিয়াল, মজ, লৰবৰুৱা আদি।
লোকবিশ্বাস অনুসাৰে, এই শাকসমূহ খালে বছৰটো ৰোগ-বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। বিশেষকৈ কোৱা হয় যে, তিতা, কেঁচা আৰু বিভিন্ন স্বাদৰ শাক খালে দেহৰ ভিতৰত জমা হোৱা বিষাক্ত পদাৰ্থ দূৰ হয়। ইয়াক এক প্ৰকাৰৰ প্ৰাকৃতিক “ডিটক্স” হিচাপে গণ্য কৰা হয়।
ইয়াৰ উপৰি, এই পৰম্পৰাৰ লগত আধ্যাত্মিক দিশো জড়িত। বহুতে বিশ্বাস কৰে যে, বিভিন্ন ধৰণৰ শাক খোৱাৰ জৰিয়তে মানুহে প্ৰকৃতিৰ বিভিন্ন শক্তিৰ সৈতে সংযোগ স্থাপন কৰে। ই মানুহক মানসিকভাৱে শান্তি দিয়ে।
বহাগ বিহুত এশ এবিধ শাক খোৱাৰ পৰম্পৰা হৈছে আমাৰ পূৰ্বপুৰুষসকলৰ জ্ঞান, অভিজ্ঞতা আৰু প্ৰকৃতিৰ সৈতে থকা গভীৰ সম্পৰ্কৰ এক সুন্দৰ নিদৰ্শন। এইটো কেৱল এটা খাদ্যাভ্যাস নহয়, বৰং স্বাস্থ্য, সংস্কৃতি আৰু লোকবিশ্বাসৰ এক সমন্বয়। সেয়েহে, এই পৰম্পৰাক জীয়াই ৰখা আৰু আগবঢ়াই নিয়াটো আমাৰ সকলোৰে দায়িত্ব।
