ব’হাগ বিহুত আমি কি কি খাম?
প্ৰিয়ম ৰাগিণী
ডিব্ৰুগড়
ডিব্ৰুগড়
ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিত যেন বসন্তই আহি ভুমুকি মাৰিলেহি।বসন্ত মানেই আনন্দৰ লহৰ কঢ়িওৱা সময়।চাৰিওফালৰ পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবোৰলৈও সতেজতা ,ৰঙীয়াল মনৰ কুশল বাৰ্তাবোৰৰ যেন আগমন ঘটে।স্বত:স্ফূতভাৱেই ৰঙীণ ফাগুনৰ আৱাহনী গীতৰ তালে তালে বৈভৱী বসন্তৰ গুণগান চলে।
অতি বৈচিত্ৰময়তাৰে আমাৰ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সংস্কৃতিৰে অসমীয়া এক বৃহৎ জাতি গঢ় লৈ উঠিছে। উৎসৱ অনুষ্ঠান হৈছে জাতি এটাৰ একো একোখন জীয়া দলিল।যি জাতিয়ে সংস্কৃতিক শ্ৰদ্ধা নকৰে সেই জাতিৰ অস্তিত্ব নাই।অসমীয়া জাতিয়ে নিজ অস্বিত্ব ৰক্ষাৰ স্বাৰ্থতে যুগে যুগে উৎসৱ অনুষ্ঠিত কৰি আহিছে।অসমীয়া চহা জনজীৱনৰ তিনিটা মূল বিহু উৎসৱ আছে।অসমীয়া লোকে পৰম্পৰাগতভাৱে এই তিনিটা বিহু বছৰৰ তিনিটা নিৰ্দিষ্ট সময়ত নিজস্ব গুণ গৰিমাৰে অনুষ্ঠিত কৰি আনন্দ কৰি আহিছে।বিহু উৎসৱ কৃষিৰ লগত সম্পৰ্কিত এক উৎসৱ।কৃষি আৰম্ভণি আৰু সামৰণিত অসমীয়া মানুহে বিহু পালন কৰি আহিছে যুগ যুগ ধৰি।অসমীয়া বৰ্ণিল ইতিহাসৰ সংস্কৃতিৰ বৰ ঘৰত অসমীয়া জনগোষ্ঠীক একত্ৰিত কৰি ৰখাত বিভিন্ন উৎসৱ পাৰ্বনে সহায় কৰি আহিছে অতীজৰেপৰাই।মুঠৰ ওপৰত অসমীয়া মানুহৰ জাতীয় স্বাভিমান স্বৰূপ জাতীয় উৎসৱটোৱে হৈছে বিহু।বছৰৰ ভিন্ন তিনিসময়ত তিনিটা বিহু পালনেৰে অসমীয়া এক চহকী জাতি বুলি জনমানসত যুগে যুগে পৰিগণিত হৈ আহিছে।এই বিহু তিনিটাত বিভিন্ন খাদ্য সম্ভাৰৰ কথা জড়িত হৈ আছে।ব’হাগ বিহুৰ কথাটো আৰু সুকীয়া।এই বিহুক আকৌ ৰঙালী বুলি কোৱাৰো কাৰণ আছে।ৰঙ ধেমালিৰ পৰিমাণ বেছি বাবেই ব’হাগ বিহুক ৰঙালী বিহু বুলি কয়।বিভিন্ন লোকাচাৰ,লোকবিশ্বাস জড়িত হৈ থকা এই বিহুত খাদ্যৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা যায়।চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ পৰা উদযাপন কৰা এই বিহুৰ প্ৰথম দিনটোত গৰুক পূজা কৰা হয়।কৃষি কৰ্মৰ বাবে গৰু কৃষকৰ প্ৰধান আহিলা। গৰু বিহুৰ দিনা পুৱাৰ বেলাতে গৰুক গা-পা ধুৱাই পূজা কৰা হয়।তাৰ পাছৰ দিনা মানুহ বিহু পালন কৰা হয়।ঠিক এনেকৈ সাতদিন বিহু পালন কৰা হয়।প্ৰতিদিনৰে নামসমূহ পৃথক। খোৱা বোৱাৰ কথা চিন্তা কৰা অসমীয়া লোকে মূলত:সাদিনীয়া বিহু উৎসৱ পালন কৰাৰ নিয়ম কৰিলেও কিন্তু চাওঁতে চাওঁতে এই বিহু প্ৰায় এমহীয়াই হয়গৈ।এই এক মাহত ক’ত কিমান যে নিয়ম।ইঘৰ সিঘৰ ফুৰা অঙহী বঙহীক বিহুৱান দিয়াৰ পৰা মাত এষাৰ হলেও লগোৱালৈকে বিহু ৰ লগত সংগতি থকা নিয়ম পালন কৰিবলগীয়া হয়।
গৰু বিহুত গৰুক পুৱাৰ ভাগত মাহ হালধি ঘঁহি গা ধুৱাই মৰম কৰা হয়।সিদিনা গৰুক মাখিলতী আৰু দীঘলতীৰেহে কোবোৱা হয়।এছাৰি ব্যৱহাৰ কৰা নহয়।সন্ধিয়ালৈ চোতালত জাগ দিয়া নিয়ম কৰি গৰুবোৰ পথাৰৰ পৰা ঘুৰি আহিলে ন-পঘাৰে বান্ধি পিঠা লাড়ূ খাবলৈ দিয়া হয়।গৰুক গা ধুওৱাৰ পাছতে সকলো মানুহে খোৱা লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যায়।এশ এবিধ শাক দুপৰীয়াৰ ভাগত বা সন্ধিয়াৰ ভাগত ঘৰৰ গৃহিণীয়ে বুটলি অনাটো নিয়ম।এশ একবিধ শাক পাত একেবাৰতে বিচাৰি উলিওৱাটো সম্ভৱ নহয় বাবে বহুতে সাতশাকী খোৱাৰো নিয়ম কৰে।ইয়াৰ লগে লগে কিন্তু কিছু ঠাইত এশ এবিধ শাকৰ পৰিৱৰ্তে ‘আমৰলি টোপ’ ভাজি খোৱাৰ নিয়ম কৰে।এই ‘আমৰলি টোপ’ খালে এশ এবিধ শাক খোৱাৰ সমান গুনাগুণ লাভ কৰা যায় বুলি ভবা হয়।এই খাদ্য খালে বছৰটোৰ বাবে পেটৰ অসুখ নহয় বা নিৰোগী হৈ থাকিব পাৰি বুলি চহা অসমীয়া লোকসকলৰ জনবিশ্বাস আছে।আমৰলি পৰুৱা হাতেৰে মোহাৰি নাকেৰে শুঙিলে নাকৰ ‘এৱা ভঙা’ ৰোগ নহয় বুলি জনবিশ্বাস জড়িত হৈ আছে।বিহুলৈ এমাহ দেৰমাহ থকাৰপৰাই সকলোটি ব্যস্ত হয় বিহু উৎসৱ আয়োজনক লৈ।খোৱা বোৱাৰ বাবে চিৰা, পিঠা ,হুৰুম ,লাড়ু আৰু এশ এবিধ শাক খোৱাৰপৰা আমৰলি টোপ খিনিলৈকে হিচাপ ৰাখিব লগীয়া হয়।এই এশ একবিধ শাকপাত আকৌ এই চ’তৰ শেষত ন-পানী পাই বাৰী বোৰত লহপহকৈ বাঢ়ি আহে।
এই এশ এবিধ শাকবোৰৰ নামবোৰ হৈছে ক্ৰমে…
১/ অমৰা ফুল,
২/অমিতা ফুল,
৩/আমৰ পাত,
৪/অৰ্জুন গছৰ আগ,
৫/আমলতিৰ পাত,
৬/আমগন্ধি,
৭/আদা পাত,
৮/ওভটা শঠ,
৯/কচুশাক,
১০/কলডিল,
১১/কঁঠালৰ মুচী,
১২/কৰলা পাত,
১৩/কেৰেলা পাত,
১৪/কলমৌ শাক,
১৫/কলপোৰা পাত,
১৬/কেঁহেৰাজ,
১৭/কুকুৰঠেঙীয়া কুমলীয়া পাত,
১৮/কৰ্দৈ পাত,
১৯/কেঞাবন
২০/কাঁচিদৰীয়া
২১/কলাকচুথুৰী
২২/কপৌলতা
২৩/কপৌঢেকীয়া
২৪/খকচা ডিমৰুৰ কুমলীয়া পাত
২৫/খুতৰা শাক
২৬/গৰুখিচ
২৭/ঢেৰুৱা বা গংগামূলা
২৮/গাখীৰতী বন
২৯/গোন্ধোৱা বন
৩০/গুৱামালী বা খৰিকাজাঁই
৩১/চজিনা পাত
৩২/চালকুঁৱৰী
৩৩/চিৰতাতিতা বা কালমেঘ
৩৪/চেনিবন ,মধুমেহাৰী বষ বনধনিয়া
৩৫/চেংমৰা
৩৬/চেমাকচুৰ কুমলীয়া পাত
৩৭/জৱা ফুলৰ পাত
৩৮/জলকীয়াৰ কুমলীয়া পাত বা ফুল
৩৯/জাতিলাও আগ
৪০/জালুক বা জালুকৰ গুটি
৪১/জিলমিল শাক
৪২/জেতুলীপকা পাত
৪৩/টুবুকিলতা
৪৪/টেঙেচি টেঙা
৪৫/টেঙামৰা কুমলীয়া কোঁহ
৪৬/ডিমৰুপোখা
৪৭/ঢেকীয়া শাক
৪৮/তিতাফুল,তিতাবাহক বা তিতাকছি
৪৯/তুলসী পাত
৫০/তেজপাত
৫১/থুঠনি বা মৰলীয়া শাক
৫২/দহি কচুথুৰী
৫৩/দুপৰটেঙা
৫৪/দুৱৰিবন
৫৫/দোৰোণ বন
৫৬/ধনিয়া
৫৭/নৰসিংহ পাত
৫৮/নুনী গছৰ কুমলীয়া পাত
৫৯/নেফাফু পাত
৬০/পকমৌ
৬১/পচতীয়া
৬২/পনৌনৌৱা
৬৩/পালেং
৬৪/পিপলি
৬৫/পিঁয়াজ পাত
৬৬/পিৰালি পালেং
৬৭/ফুটুকা গছৰ কুমলীয়া পাত
৬৮/বগা বাহক
৬৯/বগী টেঙা
৭০/বন আমলখি
৭১/বন জালুক
৭২/বৰ থেকেৰা
৭৩/বৰ মানিমুনি
৭৪/বৰালী বকুৱা
৭৫/বাঘ আঁচোৰ
৭৬/বিহলঙণি
৭৭/বিয়নি সাৱটা
৭৮/বাঁহ গাজ বা গজালি
৭৯/বেঙেনাৰ ফুল বা কুমলীয়া পাত
৮০/বেত গাজ
৮১/বৃন্দাবনী শাক
৮২/ব্ৰাহ্মী শাক
৮৩/ভাং পাত
৮৪/ভাত কেৰেলাৰ আগ
৮৫/ভেদাইলতা
৮৬/ ভোমলতীৰ কুমলীয়া পাত
৮৭/ভেঁকুৰী তিতা
৮৮/মছন্দৰী
৮৯/মটৰমাহৰ আগ
৯০/মদাৰ গছৰ কুমলীয়া পাত
৯১/মধুসোলেং
৯২/মধুৰীৰ কুমলীয়া পাত
৯৩/মহানিম
৯৪/মাটিকঁঠালৰ কুমলীয়া কোঁহ
৯৫/মাটিকাঁদুৰী
৯৬/মানধনিয়া
৯৭/মালভোগ খুটুৰা শাক
৯৮/মেটেকাফুল
৯৯/মেথি শাক
১০০/মেজেঙা
১০১/মেচাকি বনৰ পাত
আৰ অতিৰিক্ত শাকৰ নামসমূহ
১০২/ৰঙালাওৰ আগ
১০৩/ল – বৰুৱা
১০৪/লাইজাবৰি
১০৫/লাচকচি
১০৬/লাজুকি বন
১০৭/লিহিৰীপতিয়া বা সৰ্পজিভা
১০৮/শগুনীলতা
১০৯/শতমূলৰ কুমলীয়া কোঁহ
১১০/শুকলতি
১১১/শেৱালিফুলৰ পাত
১১২/শোহনি বন
১১৩/সৰিয়হ শাক
১১৪/সৰু মানিমুনি
১১৫/সোণবৰিয়াল
১১৬/হাঁচিয়তী বন
১১৭/হাতীখুটুৰা
১১৮/তৰা গজালি
১১৯/চোৰাতপাত
১২০/জাখলেঙ বা মেজাংকৰী
১২১/শতমূলৰ গাজ
১২২/তেজমুৰি
১২৩/নাফু বা কাঠফুলা
১২৪/বঙালীধনিয়া বা মেমেধু বা মানধনিয়া
১২৫/বাৰী সুন্দৰী
১২৬/বন আমলখি
১২৭/বনকলৰ ডিল
১২৮/অগৰাৰ কলি
বিহু আমাৰ বাপতি সাহোন বা আমাৰ মূল জাতীয় উৎসৱ।বিহুত খাদ্যৰ লগত জড়িত লোকবিশ্বাসৰ ভেটিতেই অসমীয়া মানুহৰ এটা সংস্কাৰী মনৰ পৰিচয় পোৱা যায়।সেই তাহানিৰে পৰা পথ্য অপথৰ ধাৰণা আৰু খাদ্যৰ লগত শৰীৰ সুস্থ অসুস্থৰ ধাৰণাৰ জন্ম হৈছিল।
অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোতভাৱে: সংপৃক্ত সাদিনীয়া ৰঙালী তথা ব’হাগ বিহুৰ আকৌ প্ৰতিটো দিনৰে নাম আছে।সেই নামবোৰ হ’ল গৰু বিহু,মানুহ বিহু,হাট বিহু,চেনেহী বিহু,গোসাঁই বিহু,তাঁতৰ বিহু,নাঙলৰ বিহু আৰু চেৰা বিহু।অৱশ্যে ঠাই ভেদে এই সাত বিহুৰ নাম বেলেগ বেলেগ হোৱাও দেখা যায়।গৰু বিহুৰ পাছদিনা মানুহৰ বিহু।মানুহৰ বিহুৰ দিনা সকলো লোকে পুৱাতে গা-পা ধুই নতুন বস্ত্ৰ পিন্ধি পুৱাৰ জলপান বুলি চিৰা, হুৰুম ,সান্দহ,পিঠা লাড়ূ খাই ওচৰ চুবুৰীয়াৰ লগতে নিজৰ বংশ পৰিয়ালৰ ঘৰলৈ ফুৰিবলৈ যায়।আন ইষ্ট কুটুম্ব সকলো ফুৰিবলৈ আহে।ঠিক তেনেকৈ সাতদিনৰ আনকেইটা বাৰতো লোকসকল ইঘৰ সিঘৰ ফুৰি বিহু মাৰি আনন্দ কৰা দেখা যায় ।
বিহু এক সমন্বয়ৰ উৎসৱ।অসমৰ ৰঙালী বিহুটিক আচলতে সকলোৱে ভাল পায়।জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিহু পালন কৰে বুলি কলেও হয়তো অতুক্তি কোৱা নহয়।অসমীয়া জাতিটো যেনেকৈ আৰ্য- -অনাৰ্য ,অস্ত্ৰিক, মংগোলীয় জাতিৰ সংমিশ্ৰণ,ঠিক তেনেকৈ অসমীয়া সংস্কৃতিও সংমিশ্ৰিত সংস্কৃতি।
মুঠতে বিহুৱে জাতি জনগোষ্ঠীক একত্ৰিত কৰি ৰখাত অগ্ৰণী ভুমিকা গ্ৰহণ কৰি আহিছে যুগে যুগে। বিহুৱে সেই একত্ৰিকৰণৰ ধাৰা অক্ষুন্ন ৰাখক যুগে যুগে যুগ যুগান্তৰলৈ…
