প্ৰাণৰ বহাগ – দৰ্শনা দত্ত

Pc Wikimedia Commons

প্ৰাণৰ বহাগ 

দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট 

“চ’তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা ।”

ফাগুনে লঠঙা কৰা প্ৰকৃতিক নতুন সাজ পিন্ধাবলৈ প্ৰকৃতিৰ বুকুলৈ আহিল বসন্ত ।ধূলিৰ আৱৰণ গুচাই পৃথিৱীক শ্যামল কৰিবলৈ মেঘৰ পৰা নামি আহিছে আশা আৰু হেঁপাহৰ বৰষুণজাক । ন সজ্জীৱতাৰে গছৰ ডালে ডালে হাঁহি মাৰিছে কুঁহিপাতবোৰে । কৃষ্ণচূড়াৰ ডালত পৰি কুলিজনীয়েও কৰিছে নৱ বসন্তক আলিংগন। প্ৰেমৰ সুগন্ধি বিলোৱা কপৌফুল পাহেও নিজৰ সৌন্দৰ্য্যতাৰে কৰি তুলিছে চাৰিওদিশ সুশোভিত ৷ঢোলৰ চাপৰ,পেঁপা-গগনাৰ মাতে চাৰিওফালে সৃষ্টি কৰিছে ৰঙীন পৰিৱেশৰ। এনেদৰেই বসন্তৰ নৱগানে চৌদিশে আনিছে আনন্দ আৰু উলাহৰ বন্যা।

“ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ ,
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ ।”

বহাগ – মাথোঁ এটি মাহ নহয়। বহাগ হ’ল প্ৰতিজন অসমীয়াৰ প্ৰাণবিন্দু । বহাগে আনে নতুন সৃষ্টি। সৃষ্টি নৱ উন্মেষণ কেৱল প্ৰকৃতিতে নহয়, ই মানু্হৰ জীৱনকো সামৰি লয় । এই সৃষ্টিৰ বতৰা আনে হেঁপাহৰ ৰঙালী বিহুটিয়ে। বিহু অসমীয়া সমাজৰ কৃষি পৰম্পৰাৰ লগত জড়িত অবিচ্ছেদ্য অংগস্বৰূপ। অসমীয়া চহা জীৱনৰ মূল বিশেষত্বৰ অস্তিত্ব নিহিত হৈ থাকে বিহু উদযাপনৰ অন্তৰালত। বিহু কেৱল অসমীয়া জনজীৱনতে নহয়, অসমৰ প্ৰতিটো জনগোষ্ঠীক সামৰি বিহুৰ সুকীয়া ৰূপ আৰু স্বকীয়তা আছে। যি স্বকীয়তাত থাকে সমন্বয়,ঐতিহ্য আৰু একতাৰ বান্ধোন ৷ বিহু গীতৰ সুৰত কোৱা হৈছে –

“বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।”

আনহাতে, বিহু মানেই ডেকা – গাভৰুৰ প্ৰেম, আশা – আকাংক্ষাক উজ্জীৱিত কৰাৰ এক উৎসৱ। চেনাইলৈ বুলি নাচনীয়ে অতি হেঁপাহেৰে তাঁতশালত বহি গুটিফুলৰ গামোচা বয় । নাচনীয়ে নেঘেৰী খোপাত কপৌফুল গুজি, সুগন্ধিময় জেতুকাৰে দুয়োহাত ৰঙীন কৰি,গাত মুগাৰ সাজ, হাতত গামখাৰু, ডিঙিত জোনবিৰি,ঢোলবিৰি, গলপতা আদি পৰিধান কৰি বিহুৰ তলিলৈ আহে আৰু ঢুলীয়াৰ ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচি আনন্দত আত্মহাৰা হয়। বিহুৰ তলিতে ডেকা গাভৰুৰ হৃদয়ৰ মিলন হয় ৷ বিহুৰ তলিত নাচনীলৈ উদ্দেশ্যি বিহুৱাই গাই –

“নামদাং নৈ ভেটিব জেঙে জাবৰে
দিখৌ নৈ ভেটিব কোনে
ভগা খুলাকটি কুমাৰে গঢ়িব
তোমাকনো গঢ়িব কোনে?”

বিহু অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰস্বৰূপ তথা আপুৰুগীয়া সম্পদ। বহাগে ছটিয়াই আশা প্ৰতিশ্ৰুতিৰ বীজ। বহাগে আনে আশাৰ ৰেঙণি । বিহু থকালৈকে অসমীয়াৰ অস্তিত্ব অনন্য ৰূপত চিৰদিন জিলিকি থাকিব।