লেখাপানীত আলফা(স্বা)ৰ ৭ লিংকমেন আৰক্ষীৰ জালত

লেখাপানীত আলফা(স্বা)ৰ ৭ লিংকমেন আৰক্ষীৰ জালত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ আটক হৈছে আলফা (স্বাধীন) ৰ লিংকমেন।  তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত আৰক্ষীয়ে চলোৱা এক তীব্র অভিযানত নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন)ৰ সাতজনকৈ লিংকমেনক আটক কৰিবলৈ সক্ষম হয়। বর্তমান অধিক তথ্যৰ বাবে আটকাধীন লোককেইজনক লেখাপানী থানাত আৰক্ষীয়ে জেৰা চলাই আছে। আটকাধীন লোককেইজনৰ পৰিচয় ক্ৰমে বর্লিন নেওগ (বৰডুমচা), মিঠু গোহাঁই (পেঙেৰী), লীলাম্বৰ মৰাণ (পেঙেৰী), বিকাশ ডেকা (কাকপথাৰ), শিৱ দে’ (অৰুণাচল প্ৰদেশৰ মিয়াও), পৰিতোষ দে’ (অৰুণাচল প্ৰদেশৰ মিয়াও), মানৱ দে’ (মাকুম)। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, গোপন সুত্ৰৰ পম খেদি চলোৱা এই অভিযানত সংগঠনটোৰ হৈ বিভিন্ন কাম-কাজত সহায় কৰি অহাৰ অভিযোগত তেওঁলোকক আটক কৰা হৈছে। অঞ্চলটোত আলফা (স্বা)ৰ কোনোধৰণৰ সক্রিয়তা বা ধন দাবীৰ দৰে ঘটনাৰ সৈতে তেওঁলোক জড়িত নেকি, সেই দিশটো আৰক্ষীয়ে বিশেষভাৱে পৰীক্ষা কৰি আছে। অৱশ্যে তদন্তৰ খাতিৰত এই সন্দৰ্ভত বর্তমানলৈকে আৰক্ষীয়ে অধিক তথ্য প্রকাশ কৰিব খোজা নাই। ইফালে এই ঘটনাই সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব তেওঁলোক নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে কেনেদৰে জড়িত হৈ আছে।