অনুভৱৰ দ্যোতনা
———–
শুকাই যোৱা গছবোৰৰ
পাতৰ উচুপনি
মাটিত জাহ যায়।
কুঁহিপাতৰ কুৰুলিত
চৰাইজাকে বাহৰ পাতে।
ডুব যোৱা বেলিটোৰ স’তে
একাত্ম হৈ
বিষন্নতাৰ আবেলিটোৱে
গা ঢাকে।
তৰা ফুলা ৰাতিটোৱে
পুৱতিলৈ বাট চায়।
এনেকৈয়ে ডেই যোৱা দুখবোৰ লুকাই
পানী যুঁৱলিত জিলিকি থাকে
স্বৰ্ণীম সূৰ্য।
আস কি অনিন্দ্য।
মাধুৰী শৰ্মা সভাপণ্ডিত