সন্মান – অনিন্দিতা কলিতা,

অনুগল্প,

সন্মান,

অনিন্দিতা কলিতা,
বঙাইগাঁও(সৃজনগ্ৰাম)
ক্লাছৰ আটাইতকৈ চোকা ল’ৰাজনৰ কথাৰে ৰুমটো গুঞ্জৰীত হ’ল। ৰৈ গ’ল শিক্ষকৰ মুখত ক্লাছৰ আটাইতকৈ কম পঢ়া অৰ্থাৎ গাধ লৰাটোৰ বিষয়ে কবলৈ।
দহ বছৰ পিছত একেখন সভাতে নিমন্ত্ৰণ কৰিছে অঞ্চলৰ সন্মানীয় শিক্ষকজন, নতুনকৈ জৈন কৰা বিশেষজ্ঞ ডাক্তৰজন, লগতে সমাজকর্মী গাধ ল’ৰাজনক। পিছে সেই গাধ জনে হে চকীখনত বহিব নোৱাৰিলে।তাৰ শিক্ষাই হেনো শিক্ষকৰ সমপৰ্যায় বহাৰ জ্ঞান নিদিয়ে।