পবিত্ৰ গুড ফ্ৰাইডে আৰু ইয়াৰ  তাৎপৰ্য – নিবেদিতা হাজৰিকা

Pc Guideposts

পবিত্ৰ গুড ফ্ৰাইডে আৰু ইয়াৰ  তাৎপৰ্য

নিবেদিতা হাজৰিকা
লখিমপুৰ

গুডফ্ৰাইডে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে পালন কৰা এক পবিত্ৰ আৰু ভাৱনাত্মক দিন।খ্ৰীষ্টান ধৰ্মত গুড ফ্ৰাইডে বৰদিনৰ দৰেই গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।   সমগ্ৰ জগতক প্ৰেমৰ বাৰ্তা প্ৰদান কৰা যীশুখ্ৰীষ্ট  বা যীচুক আজিৰ দিনটোতে ক্ৰুছবিদ্ধ কৰি হত্যা কৰা হৈছিল। কথিত আছে যে ৰোম সাম্ৰাজ্যত যীশুখ্ৰীষ্ট অতিশয় জনপ্ৰিয় লোক আছিল।যীশুৰ জনপ্ৰিয়তাত তাত থকা ধৰ্মগুৰু সকল তেওঁৰ বাঢ়ি অহা জনপ্ৰিয়তাক লৈ ভিতৰি শংকিত আৰু চিন্তিত হৈ পৰিছিল। সেয়ে তেওঁক ৰাজদ্ৰোহী সজাই ক্ৰুচবিদ্ধ কৰা হৈছিল।যীশুৰ এই বলিদান কিন্তু অথলে নগ’ল।যীশুৰ ক্ৰুছবিদ্ধ হোৱা আৰু তেওঁৰ মৃত্যুৰ মৃত্যু মানৱ জাতিৰ বাবে  এক বৃহৎ বলিদান আছিল।যীশুৰ আত্মত্যাগ মানৱ জাতিৰ বাবে এক বৃহৎ অনুগ্ৰহ আছিল।এই বলিদানে মানৱ জাতিৰ পাপ মোচন আৰু মুক্তিৰ পথ প্ৰশস্ত কৰিছিল।ক্ৰুছত থকা অৱস্থাতো যীশুৱে তেওঁক যি সকলে শাস্তি দিছিল তেওঁলোকক ক্ষমা কৰিছিল। ই শত্ৰুক ক্ষমা কৰাৰ মহানুভৱতা শিকায়।মানৱতাৰ হকে  থিয় দিয়া আৰু ক্ষমা পথ অৱলম্বন কৰাৰ দৰে মহান মানৱীয় গুণৰ আদৰ্শক গ্ৰহণ কৰিবলৈ শিকায়।

এই দিনটোত তেওঁলোকে গীৰ্জাত প্ৰাৰ্থনা কৰে, ব্ৰত পালন কৰে আৰু যীশুখ্ৰীষ্টৰ আত্মত্যাগৰ কথা স্মৰণ কৰে। এই দিনটো পবিত্ৰ শুক্ৰবাৰ, মহান শুক্ৰবাৰ তথা ক’লা শুক্ৰবাৰ হিচাপেও অভিহিত কৰে। এই পবিত্ৰ দিনটোত প্ৰেমৰ বাৰ্তা প্ৰেৰণ কৰা যীশুখ্ৰীষ্টক শ্ৰদ্ধাঞ্জলি জনাই , উপবাস আৰু  মৌন প্ৰাৰ্থনাৰে ধ্যান কৰা হয়।এই মহান ত্যাগী জনৰ বলিদানে মানৱ জাতিক যি নতুন জীৱন দান দিলে বা হৃত সাধন কৰিলে সেই কথা অনস্বীকাৰ্য।

ই মানৱ জাতিৰ পাপৰ প্ৰায়শ্চিত্ত ,নিঃস্বাৰ্থ  প্ৰেম ,ক্ষমা আৰু আত্ম ত্যাগৰ প্ৰতীক।  শোক আৰু পৱিত্ৰতাৰ এই দিনটো প্ৰভূৰ পৰম প্ৰেম আৰু আত্ম ত্যাগৰ স্মৰণীয় দিৱস হিচাপে গণ্য কৰা হয়।যীশুক ক্ৰুছবিদ্ধ কৰা ,কবৰ দিয়া তথা পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশই হৈছে গুড ফ্ৰাইডে।গুড ফ্ৰাইডে কেৱল শোকৰ  দিন নহয়, ইয়াৰ মাজত লুকাই আছে মানৱ জাতিৰ মুক্তিৰ বাবে প্ৰভু যীশুৱে কৰা মহান বলিদানৰ বাৰ্তা।