ফাষ্টট্রেক আদালতত জুবিন হত্যাকাণ্ডৰ দ্বিতীয়টো শুনানি সম্পন্ন 

ফাষ্টট্রেক আদালতত জুবিন হত্যাকাণ্ডৰ দ্বিতীয়টো শুনানি সম্পন্ন 

ৰঙিলী বাৰ্ত্তাসেৱা- ফাষ্টট্রেক আদালতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ দ্বিতীয়টো শুনানি সম্পন্ন হয়। আদালতত হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ হৈ ৰাজদীপ বেনাৰ্জীয়ে যুক্তি প্রদর্শন কৰে। বেছ দীঘলীয়া সময়জুৰি শ্যামকানুৰ অধিবক্তাই ভিডিঅ’ কনফাৰেঞ্চিংযোগে আদালতত যুক্তি দর্শায়। প্ৰথম শুনানিত আধৰুৱা হৈ থকা অমৃতপ্রভা মহন্তৰ শুনানিও আদালতে গ্ৰহণ কৰে যদিও কিছু অংশ বুধাবাৰে শুনানি ল’ব আদালতে। আনহাতে গোচৰটোৰ অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ হৈ অনিল মিশ্র আৰু অংকিত ধাৱানে আদালতত যুক্তি প্রদর্শন কৰে যদিও সেয়াও আধৰুৱা হৈ ৰয়। বুধবাৰে বাকী অংশৰ শুনানি আদালতে গ্রহণ কৰিব বুলি লোক অধিবক্তা প্রদীপ তালুকদাৰে জানিবলৈ দিছে। তেওঁ কয় যে শেখৰজ্যোতি গোস্বামী, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গৰো শুনানি পর্যায়ক্রমে আদালতে গ্রহণ কৰিব। অভিযুক্তসকলৰ অধিবক্তাৰ যুক্তি প্ৰদৰ্শন সমাপ্ত হোৱাৰ পাছতে চৰকাৰী লোক অধিবক্তাই নিজৰ বক্তব্য আদালতত দাঙি ধৰিব। উভয়পক্ষৰ যুক্তি প্ৰদৰ্শনৰ অন্তত আদালতে এক সিদ্ধান্ত গ্রহণ কৰিব। ইপিনে শুনানিত উপস্থিত থাকে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আইনৰ গণ্ডীৰ মাজত থাকিয়ে সকলোৱে আগবাঢ়িব লাগিব বুলি মন্তব্য কৰি গৰিমা শইকীয়া গার্গে কয় যে খুব এটা পজিটিভ মন লৈ আমি অপেক্ষা কৰি আছোঁ। বহু আশাৰে বাট চাই আছোঁ। সঠিক উত্তৰটো আদালতৰ পৰা পাম বুলি আশা কৰিছোঁ। তদুপৰি শেহতীয়াকৈ বিভিন্ন ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ কৰা ৰাজনীতি সন্দৰ্ভতো তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে গৰিমা শইকীয়া গার্গে। তেওঁ কয় যে মই কোনো দল-সংগঠনৰ নাম লৈ নকওঁ ।  জুবিন গাৰ্গৰ নামটো আচলতে আহিবই নালাগে। তেওঁ এজন অৰাজনৈতিক ব্যক্তি। তেওঁক সম্পূর্ণ নিজৰ মতে, সসম্মানে থাকিবলৈ দিয়ক। সকলো দল-সংগঠনৰ প্ৰতি কৰযোৰে অনুৰোধ জনাই আৱেগিকভাৱে গৰিমা শইকীয়া গার্গে কয় যে সকলোৰে প্ৰতি মোৰ এটাই প্রার্থনা- তেওঁৰ নিজৰ যিটো সত্তা-পৰিচয় আছিল সেইমতেই সকলোৱে জুবিন গাৰ্গক ৰাখক। আমাৰ পৰিয়ালক ৰাজনীতিৰ মাজলৈ নাটানিব।