চিগাৰেট: তৃপ্তিৰ আঁৰত লুকাই থকা ধ্বংসৰ কাহিনী
জ্যোতিমণি মাহত্ব,
যোৰহাট
মানুহে সুখ , শান্তি আৰু স্বস্তি বিচাৰি জীৱনত বহুতো পথ বাছি লয়। কিন্তু কেতিয়াবা সেই পথবোৰ ভুল সিদ্ধান্তৰ ফলত নিজৰ জীৱনক ধ্বংসৰ দিশলৈ লৈ যায়। ধোঁৱাৰ কুণ্ডলীয়ে আৱৰি ধৰা এক মিছা স্বস্তিৰ মাজত লুকাই থাকে অসংখ্য বিষাদ, বেদনা আৰু অদৃশ্য মৃত্যুৰ ছাঁ। চিগাৰেট এটা সৰু কাঠি যেন লগা বস্তু, ইয়াৰ ভিতৰতে লুকাই থাকে ধ্বংসৰ এক গভীৰ কাহিনী। চিগাৰেট সেৱন এনেকুৱা এটা কু- অভ্যাস যাক বহুতে শান্তিদায়ক বুলি ভাৱে শেষত ই নিঃশব্দে মানুহৰ দেহ আৰু মন দুয়োটাকে ধীৰে ধীৰে ভাঙি পেলায়।
সঁচাকৈয়ে চিগাৰেট খালে মানসিক চাপৰ পৰা মুক্তি পায় নেকি? বৰ্তমান সময়ত যুৱ সমাজৰ মাজত দেখা যায় মানসিক চাপ, দুখ কোনোবা বিশেষ ব্যক্তিৰ পৰা আঘাত পালে চিগাৰেটৰ আশ্ৰয় লয়। চিগাৰেট খোৱাটো কেৱল সেই ব্যক্তিজনৰে নহয় সমাজৰ বাবেও অতি ক্ষতিকাৰক।একে ঠাইত থাকি ধোঁৱা গ্ৰহণ কৰা লোকসকল “পেছিভ স্ম’কিং”ৰ দ্বাৰা ক্ষতি সাধন হয়। এই পেছিভ ধূমপানৰ ফলত শিশু, গৰ্ভৱতী মহিলা আৰু বয়স্ক লোকসকল বিশেষকৈ অধিক ক্ষতিগ্ৰস্ত হয়। কেতিয়াবা উপলব্ধি কৰিছেনে! হয়তো জানে ইয়াৰ অপকাৰিতাৰ বিষয়ে তথাপিও তৃপ্তিৰ বাবে সেৱন কৰে। চিগাৰেট সেৱনৰ ফলত হৃদৰোগ , ষ্ট্ৰোক, হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাও অধিক। ধপাঁত আৰু ইয়াৰ ধোঁৱাত সহস্ৰাধিক ৰাসায়নিক উপাদান থাকে তাৰ ভিতৰত এতিয়ালৈকে প্ৰায় ২০২৭০ মানহে চিনাক্ত কৰা হৈছে। যিকোনো প্ৰকাৰৰ ধোঁৱাবিহীন ধঁপাত সেৱন আৰু ধূমপানে শৰীৰত উদ্দীপনাৰ সৃষ্টি কৰে,যাৰ ফলত ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পায়।
পৃথিৱীত প্ৰতিটো দিনতে এনে দ্ৰৱ্য সেৱন কৰাৰ ফলত শ শ মানুহৰ মৃত্যু হয়। চিগাৰেট সেৱন আধুনিক সমাজৰ এক গুৰুতৰ স্বাস্থ্যজনিত আৰু সামাজিক সমস্যা হিচাপে দেখা দিছে । ব্যস্ততা পূৰ্ণ জীৱনত মানুহৰ মানসিক চাপৰ অৱনতি ঘটিছে । চিগাৰেটত নিকোটিন থাকে,যাৰ ফলত মগজুত প্ৰভাৱ পৰে ,এজন মানুহে যেতিয়া চিগাৰেট খায় তেতিয়া নিকোটিনে শৰীৰত হ’ৰমন নিৰ্গত কৰে যাৰ ফলত তেওঁলোকে তৃপ্তি পায় সুখী আৰু মানসিক চাপৰ পৰা মুক্তি অনুভৱ কৰে কিন্তু ই কিছু সময়ৰ বাবে ভাল লাগে। বহুতক দেখা যায় ইয়াক ফেশ্বন বুলি গণ্য কৰে। বাস্তৱিকতে চিগাৰেট কোনো উপকাৰী বস্তু নহয় ।ই লাহে লাহে মানুহৰ জীৱন পৰিক্ৰমাক অৱক্ষয় কৰি এক ভয়ংকৰ ৰূপলৈ পৰিৱৰ্তিত কৰে । মানসিক আৰু সামাজিক ক্ষেত্ৰতো প্ৰভাৱ পেলায় চিগাৰেটে। ইয়াৰ প্ৰতি আসক্ত লোকসকলক ইচ্ছাশক্তি দুৰ্বল কৰে আৰু আত্মনিয়ন্ত্ৰণ হ্ৰাস কৰে । ইয়াৰ উপৰিও পৰিৱেশ প্ৰদূষণতো অৰিহণা যোগায় লগতে চিগাৰেটৰ অৰ্থনৈতিক অপকাৰো উল্লেখযোগ্য। নিয়মীয়াকৈ চিগাৰেট ক্ৰয় কৰোঁতে ব্যয় কৰা ধন এটা ডাঙৰ অপচয়। বৰ্তমান সময়ত এটা চিন্তনীয় প্ৰশ্ন যে মানৱ দেহৰ বাবে চিগাৰেট সেৱন সঁচাকৈয়ে ফেশ্বন নে অপকাৰী?
শেষত ক’ব পাৰি, চিগাৰেট হৈছে এক নিঃশব্দ মৃত্যুৰ দূত, যি অজানিতে জীৱনৰ দীপশিখা নুমাই দিয়ে। এই ক্ষণস্থায়ী সুখৰ মোহত পৰি আমি যেন নিজৰ জীৱনক ধ্বংস নকৰোঁ। সজাগতাৰ পোহৰেৰে অন্ধকাৰ আঁতৰাই, সুস্থ জীৱনৰ পথ বাচি লোৱা আমাৰ কৰ্তব্য। আহক, জীৱনৰ মিঠা সুৱাস বাছি লৈ চিগাৰেটৰ তিক্ত ধোঁৱাক সদায়ৰ বাবে বিদায় জনাওঁ। সচেতনতা বৃদ্ধি, শিক্ষা আৰু কঠোৰ নিয়ম-নীতিৰ দ্বাৰা এই সমস্যাৰ সমাধান সম্ভৱ। বিশেষকৈ যুৱ প্ৰজন্মই নিজৰ স্বাস্থ্য আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি এই অপকাৰী অভ্যাস ত্যাগ কৰা উচিত।
