ৰূপহীহাটত কংগ্ৰেছ ত্যাগ কৰি চাৰি শতাধিক নেতা-কর্মীৰ অগপত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰূপহীহাটৰ অগপ প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীয়ে সমষ্টিটোত নির্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। ৰূপহীহাটত জাকিৰ হুছেইন ফৰাজীৰ হৈ বিজেপিৰ ছালমা জেছমিন, আবুল হুছেইন, বাবুল আহমেদক প্ৰচাৰত নামি পৰা দেখা গৈছে। সমষ্টিটোৰ বিভিন্ন পঞ্চায়তত বিজেপি আৰু অগপ নেতা-কর্মীসকলে ব্যাপক প্ৰচাৰত নামি পৰা দেখা গৈছে। আনহাতে ৰূপহীহাট কংগ্রেছত আৰম্ভ হৈছে দল ত্যাগৰ জোৱাৰ। ৰূপহীহাটৰ জুৰীয়া, বগৰিগুৰি, কছাৰীগাঁও, ফুটালজাৰ আদি পঞ্চায়তত অগপ প্রার্থী জাকিৰ হুছেইন ফৰাজীয়ে প্ৰচাৰ চলায়। অগপ প্রার্থী জাকিৰ হুছেইন ফৰাজীৰ নিৰ্বাচনী প্ৰচাৰত বিভিন্ন পঞ্চায়তৰ পৰা আজি চাৰি শতাধিক কংগ্ৰেছৰ নেতা-কর্মীয়ে অগপত যোগদান কৰে। অগপ দলত যোগদান কৰাসকলক অগপ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীয়ে অগপ দলৰ গামোচা আৰু টুপীৰে আদৰি লয়। এইবাৰ নিৰ্বাচনত ৰূপহীহাটত কংগ্ৰেছবিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে। সমষ্টিটোৰ প্রান্তে প্রান্তে ভোটাৰ ৰাইজ ক্ষুব্ধ হৈ নুৰুল হুদাৰ বিৰুদ্ধে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে।
