যোৰহাটৰ ৰজামৈদামত ভয়ংকৰ বিস্ফোৰণ

যোৰহাটৰ ৰজামৈদামত ভয়ংকৰ বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল যোৰহাট চহৰ ।  যোৰহাট নগৰত ৰজামৈদাম নিউকলনীৰ এটা ভাৰাঘৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত এজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে এটি সাত বছৰীয়া শিশুৰ মৃত্যু হয়। আনহাতে এই বিস্ফোৰণত আহত হোৱা এগৰাকী মহিলা কিছু পৰিমাণে আঘাতপ্রাপ্ত হোৱাৰ লগতে আন এটি শিশুৱেও মৃতুৰে যুঁজি আছে। বিস্ফোৰণত মৃত্যু হোৱা ব্যক্তিজনৰ নাম নুৰ মহমদ আৰু শিশুটিৰ নাম ইকবাল হুছেইন। জানিব পৰা মতে বাবুল আনছাৰি নামৰ ব্যক্তিজনৰ ভাৰাঘৰত থাকি নুৰ মহম্মদ নামৰ ব্যক্তিজনে নগৰ খনৰ বিভিন্ন স্থানৰ পৰা ভঙা-ছিঙা সামগ্রী সংগ্ৰহ কৰি ডেম্পত বিক্ৰী কৰি আহিছিল। কিন্তু ব্যক্তিজনে সংগ্ৰহ কৰা কিছু সামগ্ৰী ভাৰা ঘৰটোত মজুত কৰি থৈছিল। শনিবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত নুৰ মহম্মদে ভাৰা ঘৰটোত মজুত ৰখা সামগ্ৰীসমূহৰ পৰাই সংঘটিত হয় এই বিস্ফোৰণৰ। এই বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে নুৰ মহম্মদ নামৰ ব্যক্তিজন কোঠাটোৰ পৰা প্ৰায় সাত/আঠ ফুট দূৰত উফৰি পৰে আৰু সমগ্ৰ শৰীৰ ক্ষত বিক্ষত হৈ পৰাৰ লগতে এখন ভৰি ছিঙি যায়। তদুপৰি ব্যক্তিজন নব্বৈ শতাংশ জুলি যায়। তদুপৰি এই বিস্ফোৰণত দুগৰাকী সাত আৰু আঠ বছৰীয়া শিশু আৰু এগৰাকী মহিলাও আহত হয়। এই বিস্ফোৰণৰ ফলত উফৰি পৰা স্পিটাৰে এখন ৱালৰ বৃহৎ অংশ ক্ষতি কৰাৰ লগতে প্রায় ত্রিশ ফুট দূৰত থকা আন এটা ঘৰৰ খিৰিকীৰ গ্লাছ পর্যন্ত ভাঙি পেলায়। প্ৰাৰম্ভিক অৱস্থাত স্থানীয় ৰাইজে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰি কৰি ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ নুৰ মহম্মদসহ আহত হোৱাকেইজনক উদ্ধাৰ কৰে যদিও ঘটনাস্থলীতে ব্যক্তিজনৰ মৃত্যু হয় আৰু আহত দুই শিশুসহ মহিলাগৰাকীক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভর্তি কৰে। কিন্তু চিকিৎসাধীন অৱস্থাতেই ইকবাল হুছেইন নামৰ শিশুটিৰ মৃত্যু হয়। সম্প্রতি আঘাতপ্রাপ্ত আন এগৰাকী কন্যা শিশু আৰু এগৰাকী মহিলা যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে আঘাতপ্রাপ্ত কন্যা শিশুটিৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া বিস্ফোৰণস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ফৰেনচিক বিশেষজ্ঞৰ পৰীক্ষাৰ পিছতহে এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি, জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। তেওঁ উল্লেখ কৰিছে যে মৃত নুৰ মহম্মদৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই। ব্যক্তিজনে সামগ্রীসমূহ সংগ্রহ কৰি অনা স্থানসমূহতো অনুসন্ধান চলোৱা হ’ব বুলি উল্লেখ কৰে। নির্বাচনৰ পূৰ্বে যোৰহাটত সংঘটিত এই ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।