বিজেপিৰ পৰা বহিষ্কাৰ ৯ গৰাকী নেতাক
ৰঙিলী বাৰ্ত্তাসেৱা- ৯ গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰিলে বিজেপিয়ে। অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্রার্থিত্ব আগবঢ়োৱাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ৬ বছৰৰ বাবে দলৰ পৰা ৯গৰাকী নেতাক বহিষ্কাৰ কৰে। তেওঁলোক হৈছে ক্রমে দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস, বৰপেটা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা উদ্ধৱ দাস, কলিয়াবৰ বিধানসভা সমষ্টিৰ প্রার্থী জিতেন্দ্ৰজিৎ গৌৰ, বৰখলা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা অমলেন্দু দাস, গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ প্রার্থী ধনজিৎ ৰাভা, বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চক্ৰধৰ দাস, বৰপেটা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা গগন চন্দ্র হালৈ, কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অংকুৰ দাস আৰু লামডিং বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা যশোদা দুলাল (শ্যামল) ৰক্ষিত। ইফালে নির্বাচন দলৰ মনোনীত প্ৰাৰ্থীৰ বিপৰীতে অন্য প্রার্থীক সহযোগিতা আৰু সমর্থন আগবঢ়োৱাৰ বাবে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ৬ গৰাকী নেতাক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে। উক্ত ছয় গৰাকী নেতা হৈছে ক্রমে গগন চন্দ্র মণ্ডল (লাওখোৱা মণ্ডল সভাপতি, কলিয়াবৰ), কিশোৰ কৰ্মকাৰ (পশ্চিম কলিয়াবৰ মণ্ডল সভাপতি, কলিয়াবৰ), গুৰু প্ৰসাদ উপাধ্যায় (পশ্চিম কলিয়াবৰ মণ্ডল সাধাৰণ সম্পাদক), তুশান্ত কলিতা (পূব কলিয়াবৰ মণ্ডলৰ সাধাৰণ সম্পাদক), মণি হাজৰিকা (জিলা সভাপতি, অনুসূচিত জাতি মৰ্চা, কলিয়াবৰ) আৰু পিংকি মির্ধা চুনা (সাধাৰণ সম্পাদিকা, চাহ জনগোষ্ঠী মর্চা)। উল্লেখযোগ্য যে প্রার্থিত্ব লাভ নকৰি নিৰ্দলীয়ভাৱে নির্বাচন খেলিব বিচৰা নেতাসকলক সৈমান কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল যদিও উক্ত নেতাসকল বুজনিত সৈমান নহ’ল। যাৰ বাবে দলটোৱে আজি তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ’ল।
