আজিৰ পৰা আৰম্ভ হ’ব আইপিএলৰ ১৯সংখ্যক সংস্কৰণ

Pc Cricket Addictor

আজিৰ পৰা আৰম্ভ হ’ব আইপিএলৰ ১৯সংখ্যক সংস্কৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- বছৰজোৰা প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা আৰম্ভ হ’ব বিশ্বৰ অন্যতম জনপ্রিয় টি-২০ প্রতিযোগিতা আইপিএলৰ ১৯সংখ্যক সংস্কৰণ। টি-২০ প্রতিযোগিতাখনৰ আজিৰ উদ্বোধনী মেচখনত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন।  মন কৰিবলগীয়া যে স্থায়ী অধিনায়ক পেট কামিনছৰ অনুপস্থিতিত ঈশানে ছানৰাইজাৰ্ছক নেতৃত্ব দিব। অৱশ্যে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই হাইভ’ল্টেজ মেচখনৰ পূৰ্বে অনুৰাগীয়ে বর্ণিল উদ্বোধনী অনুষ্ঠান উপভোগৰ পৰা বঞ্চিত হ’ব। বিগত বৰ্ষত আৰচিবিয়ে চেম্পিয়ন হোৱাৰ পিছত দলটোৰ বিজয় উদযাপনৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত ১১জন লোকে প্রাণ হেৰুৱাইছিল আৰু তেওঁলোকলৈ শ্রদ্ধা জনাই বিচিচিআয়ে এইবাৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে, উক্ত ঘটনাত মৃত্যু হোৱা লোককেইজনৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে মেচখনত ১ মিনিট সময় মৌনতা অৱলম্বন কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে ষ্টেডিয়ামখনত ১১খন আসনো খালী ৰাখিব বিচিচিআয়ে। বর্ণিল উদ্বোধনী অনুষ্ঠান বাতিল হ’লেও অনুৰাগীয়ে মেচখন উপভোগ কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। ইপিনে, মেচখনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে চিন্নাস্বামী ষ্টেডিয়াম। মেচখনৰ সময়ত যাতে অনুৰাগীয়ে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে।উল্লেখ্য যে এতিয়ালৈকে আৰচিবি আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ২৫খন মেচত মুখামুখি হৈছে আৰু ইয়াৰে ১১খন মেচত আৰচিবি জয়ী হোৱাৰ বিপৰীতে ১৩খন মেচত ছানৰাইজাৰ্ছ জয়ী হৈছে। মাত্র এখন মেচ অমীমাংসিত হয়।