অভিনেতা কবিন্দ্ৰ দাস আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস আৰু নাই।অসমৰ জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ ‘কেৰপা’ চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ মন জয় কৰা অভিনেতা কবিন্দ্ৰ দাস দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আজি পুৱা ৫:২৭ বজাত বৰপেটা কেঞ্চাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ । তেওঁৰ এই অকাল মৃত্যুত সমগ্ৰ বৰপেটা অঞ্চলৰ লগতে সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে । শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মভুমি পাটবাউসীৰ বাসিন্দা কবীন দাসে বৰপেটাৰ স্বনামধন্য কেইবাটাও নাট্য গোষ্ঠীৰ লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল । প্ৰায় দুবছৰ দুৰাৰোগ্য ৰোগবিধৰ চিকিৎসা কৰিও সফল নহ’ল তেওঁ। ৰোগাক্ৰান্ত দেহাৰেই ব্যস্ত হৈ আছিল নাট্যকৰ্মত। অভিনেতা গৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত পিতৃ-মাতৃ, পত্নী আৰু দুজন পুত্ৰক এৰি থৈ যায় ।
