নগাঁও জিলা কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা-কর্মীৰ বিজেপিত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আন জিলাৰ লগতে নগাঁও জিলাতো কংগ্ৰেছৰ নেতা-কর্মীৰ পদত্যাগৰ ধাৰাবাহিকতা অব্যাহত আছে। নগাঁৱত শতাধিক কংগ্ৰেছ নেতা-কর্মীয়ে বিজেপিত যোগদান কৰে। নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোটাই ডেকা খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত এই কংগ্রেছ নেতা-কর্মীসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সমষ্টিটোৰ এন ডি এৰ প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত কংগ্রেছ নেতা কর্মীসকলে বিজেপিত যোগদান কৰে।


নগাঁও জিলা কংগ্ৰেছৰ উপ-সভাপতি ভাস্কৰ গোস্বামী, খাগৰিজান ব্লক কংগ্ৰেছৰ সভাপতি প্রমোদ বৰা, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰা, নগাঁও জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি পল্লৱজ্যোতি নাথ, ভাষিক সংখ্যালঘু কোষৰ সভাপতি দুলাল দেৱনাথ, জিলা কংগ্ৰেছৰ সম্পাদক গোবিন্দ্ৰ দাস গান্ধী, ৰজুদ্দিন আহমেদৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিজুৱানা খান, হীৰেন বৰা, ডিৰেন্দ্ৰ বিশ্বাস, বিমল কলিতা, পিংকু শইকীয়া, মৃদুল বৰা, মাধৱ বৰবৰা, মিন্টু কলিতা, চাবিৰ আলম, ৰিবুল আহমেদ আদি শতাধিক কংগ্রেছ নেতা-কর্মীয়ে আজি বিজেপিত যোগদান কৰে।
