ঈদ মোবাৰক ! কোনে জনাব ?
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আব্বা অ’ আব্বা
ঈদ মোবাৰক কোনে জনাব?
তুই তো আসমানেৰ ধলা চাদৰ গাত নিয়ে
চিৰ শান্তিৰ নিন্দত নিমগ্ন , মুখত চাপা কান্দোন!
ঈদ মোবাৰক জনাবলৈ আমাৰ ঘৰত কোনো যে নাই
অ’ আব্বা ,আব্বা অ’!
চিৰা ফাড়া খেতাত ঢাকি চাঙেৰ বিছনাত পৰি
এক দীঘলা সময় পাৰ কৰছে আঃ উঃ কৰি
মোৰ চিৰ ৰোগা দুঃখিনী মা!
যেতিয়া ঈদৰ কাঁচি জোনৰ স্নিগ্ধ পোহৰত
চাৰিওপিনে নামিছে আনন্দৰ ধল,
তেতিয়া আমাৰ ঘৰত ঈদ মোবাৰক জনাবলৈ
কোনো নাই নহয় ,আব্বা!
প্ৰকৃতিৰ ৰূপ-সৌন্দৰ্যত ভোল গৈ শিল্পী মনা দাদাও
কোনোবা গহন বনত গৈ তেজেৰে লুতুৰি পুতুৰি হ’ল !!
কোনোবা গহন বনত গৈ তেজেৰে লুতুৰি পুতুৰি হ’ল !!
কণমান ভন্টিৰ মুখত ঈদ-মোবাৰক দিবলৈ
মোৰ হাতত অকণমান সামগ্ৰীৰো অভাৱ !!
হে চান, ঈদেৰ কাচুৱা চান ,
তুই আমাৰ বাৰীত হয় আনন্দেৰ মোবাৰক আন
না হয় দাফন-কাফনেৰ কাপোৰ দান কৰি
সগাকে মৰণ পথেৰ যাত্ৰী কৰ!
ঈদ মোবাৰক জনাবলৈ
আমাৰ যে কোনো নাই আব্বা অ’ আব্বা!!
( অসমীয়া ভাষা আৰু অবিভক্ত গোৱালপাৰা জিলাৰ দেশী ভাষাৰ সংমিশ্ৰণত কবিতাটি ৰচনা কৰিলোঁ।)
