বঢ়মপুৰত কোনো মহিলাই ৰাজেন গোহাঁইক ভোট নিদিবঃ পীযূষ হাজৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা- ‘বঢ়মপুৰত কোনো মহিলাই ৰাজেন গোহাঁইক ভোট নিদিব। কিয় কৈছোঁ পাছত নিজে নিজে বুজি ল’ব। আকৌ কৈছোঁ ৰাজেন গোহাঁইক, বিশেষকৈ মহিলাসকলে ভোট নিদিব।’- এই মন্তব্য মন্ত্রী তথা জাগীৰোড সমষ্টিৰ এনডিএৰ প্রার্থী পীযূষ হাজৰিকাৰ। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত প্রতিকূল বতৰৰ মাজতে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ খেলপথাৰত অনুষ্ঠিত প্রথমখন নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰী পীযূষ হাজৰিকাই কয়- ‘বঢ়মপুৰত কোন দলৰ পৰা কোনে প্রার্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা কৰিছে, ৰাইজে পাহৰি থাকিল। বঢ়মপুৰত জিতু গোস্বামীয়ে ৰাস্তা-ঘাটকে ধৰি চাৰিওফালে যথেষ্ট উন্নয়ন কৰিছে। জিতু গোস্বামী এইবাৰ বিপুল ভোটত জয়লাভ কৰিব। এই বাৰ জয়ী হ’লে বঢ়মপুৰত ডাঙৰ উদ্যোগ স্থাপন কৰা হ’ব। মাটি চাই থোৱা আছে।’

আনহাতে কংগ্রেছক সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই আৰু কয়- ‘বঢ়মপুৰত আজি কংগ্ৰেছ শূন্য হ’ল। কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি বিতুষ্ট হৈ বঢ়মপুৰৰ সকলো পৰ্যায়ৰ নেতা-কর্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আমাৰ বিজেপিত যোগদান কৰিছে। ৰাজ্যত তৃতীয়বাৰলৈ মিত্রজোটে সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব।’ বঢ়মপুৰ সমষ্টিৰ ৰাইজে এটা এটা ভোট পদুম ফুলত দি উচিত উত্তৰ দিব লাগিব বুলি উদাত্তকণ্ঠে দিয়া ভাষণত অগপ, গণশক্তি তথা মিত্রজোট দলক বিজেপিৰ অভিন্ন অংগ বুলি তেওঁ উল্লেখ কৰে। বঢ়মপুৰ বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ পৰা প্রার্থিত্ব লাভ কৰা জিতু গোস্বামীয়ে ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক তথা কেন্দ্রীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। বিজেপি দলৰ পুৰণি কাৰ্যকৰ্তা তথা প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে বিজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত জিতু গোস্বামীয়ে ৰাজেন গোহাঁইক মহাভাৰতৰ গুৰু দ্রোণাচাৰ্যৰ লগত তুলনা কৰি নিজকে অর্জুন বুলি অভিহিত কৰে। সভাখনত কংগ্ৰেছৰ প্রার্থিত্বপ্রত্যাশী তথা বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাই সমষ্টিটোৰ বিভিন্ন পৰ্যায়ৰ কমিটীৰ দায়িত্বত থকা স্থানীয় নেতাসকলক লগত লৈ মন্ত্রী পীযূষ হাজৰিকা আৰু জিতু গোস্বামীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
