বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ চলাব ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰে

Pc India Today

বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ চলাব ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- মনোনয়ন পত্র দাখিলৰ পৰ্ব সমাপ্তি হোৱাৰ পাছতে ৰাজ্যজুৰি সকলো দল আৰু প্ৰাৰ্থী পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ।  অহা ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা সমষ্টিত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব । দল আৰু প্ৰাৰ্থীৰ লগতে নিৰ্বাচনী প্ৰচাৰ চলাব দলৰ ষ্টাৰ কেম্পেইনাৰে । তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামি পৰা বিজেপিৰ প্ৰচাৰক তুংগত তুলিবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে শাসকীয় দলটোৰ ৪০ গৰাকী জ্যেষ্ঠ নেতা।ইতিমধ্যে কেইবাজনে প্ৰচাৰ আৰম্ভ কৰিছে । বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিন, কেন্দ্ৰীয় মন্ত্রী ক্ৰমে ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডা, কিৰেণ ৰিজিজু, শিৱৰাজ সিং চৌহান, অশ্বিনী বৈষ্ণৱ, পবিত্র মাৰ্ঘেৰিটা আৰু সৰ্বানন্দ সোণোৱাল ।তদুপৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, উৰিষ্যাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝি, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্দু, ত্রিপুৰাৰ মুখ্যমন্ত্রী মানিক সাহা, বিজেপিৰ ৰাষ্ট্ৰীয় নেতা বৈজয়ন্ত জয় পাণ্ডা, হৰিশ দ্বিবেদী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণী, দলৰ ৰাষ্ট্ৰীয় নেতা অৰ্জুন মুণ্ডা, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডি, যুৱনেতা তেজশ্বী সূৰ্য, ৰাষ্ট্ৰীয় নেতা সম্বিত পাত্র, উত্তৰাখণ্ডৰ মন্ত্রী সতপাল মহাৰাজ, সাংসদ মনোজ তিৱাৰী, কামাখ্যা প্ৰসাদ তাছা, সমীৰ ওৰান আদি।  উল্লেখ্য যে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আগুৱাই নিয়াৰ লক্ষ্যৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ল এক গুৰুত্বপূৰ্ণ নির্বাচনী বৈঠক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দর্ভত বিস্তৃত আলোচনা কৰাৰ লগতে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই অনুমোদন জনোৱা ষ্টাৰ কেম্পেইনাৰৰ তালিকাক লৈয়ো পর্যালোচনা চলে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্রকাশ কৰা অনুসৰি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রস্তুত হৈছে। সেইমর্মে অসমত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৪-৫খন সভা অনুষ্ঠিত কৰাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৬-৮খন নির্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৬খনকৈ নির্বাচনী সভাত অংশ ল’ব। তদুপৰি কেন্দ্ৰীয়মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাদকাৰী, জে পি নাড্ডা, শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় নেতাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰতিগৰাকী নেতাৰ নিৰ্বাচনী সভা তথা দিন দলে স্থিৰ কৰিছে যদিও সকলো দিশ চালিজাৰি চাই ইয়াৰ কিছু সালসলনিৰো সম্ভাৱনা আছে।আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি আৰু মিত্ৰদলৰ প্ৰতিটো সমষ্টিতে এখনলৈ নির্বাচনী সভাত অংশ ল’ব। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ১০টা স্থানত ৰোডশ্ব’ৱো কৰিব। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰথম পৰ্যায়ত নিৰ্বাচনী সভাৰ দিন ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে স্থিৰ কৰিছে। সেই অনুসৰি অহা ১ এপ্রিল, ৫ এপ্রিল আৰু ৬ এপ্ৰিলত প্রধানমন্ত্রীয়ে তিনিখনকৈ প্ৰচাৰ সভাত অংশ ল’ব। প্ৰধানমন্ত্ৰীৰ লগতে সমান্তৰালভাৱে ২৯ মার্চ, ২ এপ্রিল আৰু ৭ এপ্ৰিলত প্ৰচাৰ চলাব অমিত শ্বাহে। আনহাতে অহা ২৯ আৰু ৩০ মাৰ্চত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব ৰাষ্ট্ৰীয় সভপিত নীতিন নবীন। প্রধানমন্ত্রী, গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনী প্ৰচাৰ সভা বৃদ্ধি হোৱাৰ সম্ভাৱনাক উল্লেখ কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানমন্ত্ৰীৰ সভা ৫ খনলৈ আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা ৮খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে নির্বাচনী প্ৰচাৰত অংশ ল’ব কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, কেন্দ্রীয় ৰাজ্যিকমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা তাছা, সাংসদ পৰিমল শুক্লবৈদ্য, কনাড পুৰকায়স্থ, প্ৰদান বৰুৱাৰ লগতে মন্ত্ৰী পীযূষ হাজৰিকা, ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, ৰূপেশ গোৱালা, ডাঃ ৰণোজ পেগু, জ্যেষ্ঠ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, ড০ তুলিৰাম ৰংহাঙৰ লগতে দলৰ জ্যেষ্ঠ নেত্ৰী ৰেখাৰাণী দাস বড়োবে।