বৰ্তমান সমাজৰ যুৱ উচ্ছৃঙ্খলতা – বন্তি বৰা

বৰ্তমান সমাজৰ যুৱ উচ্ছৃঙ্খলতা

 বন্তি বৰা
দেৰগাঁও, গোলাঘাট 

যিকোনো এখন দেশ বা জাতিৰ মেৰুদণ্ড হ’ল সেই দেশৰ যুৱশক্তি। যুৱক-যুৱতীসকলৰ অফুৰন্ত উৎসাহ, সাহস আৰু সৃজনীমূলক চিন্তাই সমাজৰ প্ৰগতিৰ পথ মুকলি কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ, বৰ্তমান সময়ত আমাৰ দেশৰ যুৱশক্তিৰ একাংশ বিপথে পৰিচালিত হোৱা দেখা পোৱা গৈছে। নৈতিকতাৰ অৱক্ষয়, পৰম্পৰাৰ প্ৰতি অৱজ্ঞা আৰু বিশৃংখল আচৰণৰ ফলত সমাজত ‘যুৱ উচ্ছৃঙ্খলতা’ই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

বৰ্তমান সময়ত যুৱ উচ্ছৃঙ্খলতা কেৱল ডাঙৰক সন্মান নকৰা বা স্কুল-কলেজ ক্ষতি কৰাতে সীমাৱদ্ধ হৈ থকা নাই। ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ অবাধ ব্যৱহাৰ, অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হোৱা, সামাজিক মাধ্যমৰ অপব্যৱহাৰ, যান-বাহন চলোৱাৰ ক্ষেত্ৰত অতিপাত বেগী হোৱা আৰু সৰু সুৰা কথাতে হিংসাত্মক ৰূপ ধাৰণ কৰাটোৱেই ইয়াৰ মূল লক্ষণ হৈ পৰিছে।

যুৱপ্ৰজন্মৰ এই বিপথগামী যাত্ৰাৰ আঁৰত কেইবাটাও কাৰণ বিৰাজমান।  পৰিয়াল হ’ল শিশু এজনৰ প্ৰথম শিক্ষানুষ্ঠান। বৰ্তমান সময়ত ব্যস্ততাৰ বাবে বহু পিতৃ-মাতৃয়ে সন্তানক পৰ্যাপ্ত সময় দিব নোৱাৰে যাৰ ফলত সঠিক পথপ্ৰদৰ্শনৰ অভাৱত বহু সন্তান অকলশৰীয়া হৈ পৰে আৰু বাহিৰৰ কু-সংস্পৰ্শত পৰি উচ্ছৃঙ্খল হৈ উঠে।  শিক্ষা আহৰণ কৰাৰ পাছতো সংস্থাপনহীন হৈ থকাটোৱে যুৱক-যুৱতীসকলৰ মনত হতাশাৰ সৃষ্টি কৰে। এই মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে নিচাযুক্ত দ্ৰব্য সেৱন বা অসামাজিক কামত লিপ্ত হয়। ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে অহা বাহ্যিক সংস্কৃতিৰ অন্ধ অনুকৰণে আমাৰ যুৱপ্ৰজন্মক নিজৰ শিপাৰ পৰা আঁতৰাই নিছে। সস্তীয়া জনপ্ৰিয়তাৰ আশাত তেওঁলোকে নীতি-নিয়মৰ দেওনা ভাঙিবলৈ কুণ্ঠাবোধ নকৰে। বহু সময়ত ৰাজনৈতিক দলসমূহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যুৱশক্তিক অপব্যৱহাৰ কৰে, যিয়ে তেওঁলোকৰ মাজত হিংসাত্মক প্ৰৱণতা বৃদ্ধি কৰে। যুৱ উচ্ছৃঙ্খলতাই কেৱল এজন ব্যক্তিৰ জীৱন ধ্বংস নকৰে, বৰঞ্চ গোটেই সমাজখনৰ শান্তি বিঘ্নিত কৰে। ইয়াৰ ফলত সমাজত অপৰাধৰ মাত্ৰা বৃদ্ধি পায়, পাৰিবাৰিক বিবাদ বাঢ়ে আৰু দেশৰ ভৱিষ্যত সম্পদসমূহ অকালতে হেৰাই যায়।

এই সমস্যা সমাধান কৰিবলৈ হ’লে সমাজৰ প্ৰতিটো স্তৰৰ পৰা সজাগতাৰ প্ৰয়োজন  সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা আৰু তেওঁলোকক নৈতিক শিক্ষা দিয়াটো অতি জৰুৰী। কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, চৰিত্ৰ গঠন আৰু মূল্যবোধৰ শিক্ষাৰ ওপৰতো শিক্ষানুষ্ঠানসমূহে গুৰুত্ব দিব লাগে ।নিবনুৱা সমস্যা সমাধানৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰা আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন কঠোৰ হাতেৰে দমন কৰা উচিত। ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক কাৰ্যকলাপত যুৱক-যুৱতীসকলক জড়িত কৰিব লাগে যাতে তেওঁলোকৰ শক্তি যোগাত্মক কামত ব্যৱহাৰ হয়। যুৱপ্ৰজন্মই হ’ল দেশৰ ভৱিষ্যতৰ কৰ্ণধাৰ। তেওঁলোকক সঠিক দিশত পৰিচালিত কৰাটো সমগ্ৰ সমাজৰ সামূহিক দায়িত্ব। যুৱক-যুৱতীসকলেও বুজি উঠা উচিত যে স্বাধীনতা মানে উচ্ছৃঙ্খলতা নহয়। এক সুস্থ, শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঢ়িবলৈ হ’লে সংযম আৰু অনুশাসন অপৰিহাৰ্য।