কংগ্ৰেছ ত্যাগ কৰি তিতাবৰত নির্দলীয়ভাবে মনোনয়ন দাখিল ভাস্কৰজ্যোতি বৰুৱাৰ

কংগ্ৰেছ ত্যাগ কৰি তিতাবৰত নির্দলীয়ভাবে মনোনয়ন দাখিল ভাস্কৰজ্যোতি বৰুৱাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনটোত কংগ্ৰেছৰ পৰা টিকটবঞ্চিত হৈ তিতাবৰত নির্দলীয় প্রার্থী হিচাপে মনোনয়ন-পত্র দাখিল কৰে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই। তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদিকা পল্লবী শইকীয়ায়ো অনুৰূপ পদক্ষেপ গ্রহণ কৰিছে।  উল্লেখ্য যে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতে অৱশেষত দল ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতিলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি নিজৰ পদত্যাগ ঘোষণা কৰে। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ এই পদক্ষেপে সমষ্টিটোৰ কংগ্ৰেছ মহলত একপ্ৰকাৰ ভূমিকম্পৰ সৃষ্টি কৰিছে। প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুৰ পাছতো ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে ভাস্কৰজ্যোতি বৰুৱাৰ নেতৃত্বত তিতাবৰ সমষ্টিত নিজৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ দলটোৱে এক কৌশলগত সিদ্ধান্ত গ্রহণ কৰি বৰ্তমানৰ বিধায়কজনক টিকটৰ পৰা বঞ্চিত কৰে আৰু তাৰ ঠাইত প্রাণ কুৰ্মীক প্রার্থিত্ব প্রদান কৰে। এই সিদ্ধান্ত প্রকাশ পোৱাৰ লগে লগে সমষ্টিটোৰ প্ৰায় সকলো প্রান্ততে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ সমৰ্থক সকলৰ মাজত গভীৰ অসন্তুষ্টি আৰু ক্ষোভৰ সৃষ্টি হয়। ইফালে, দল ত্যাগ কৰাৰ লগে লগে বিধায়কজনে স্পষ্ট কৰি দিছে যে তেওঁ এইবাৰ তিতাবৰত নিৰ্দলীয় প্রার্থী হিচাপে অবতীর্ণ হ’ব। এই ঘোষণাই বর্তমান নির্বাচনী খুঁজত এক নতুন সমীকৰণ সৃষ্টি কৰিছে আৰু সমষ্টিটো এতিয়া নিশ্চিতভাবে ত্রিকোণীয় প্রতিদ্বন্দ্বিতাৰ দিশে আগবাঢ়িছে। বঙহৰ যুঁজত সম্ভাব্য ভোট বিভাজনে বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালাৰ বাবে বিজয়ৰ পথ অধিক মসৃণ কৰি তুলিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্রকাশ কৰিছে। ইফালে, প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা পল্লবী শইকীয়াই দল ত্যাগ কৰাৰ লগতে তেজপুৰৰ নিৰ্দলীয় প্রার্থী হিচাপে মনোনয়ন-পত্র দাখিল কৰে। উল্লেখ্য যে যুৱপ্ৰজন্মৰ কংগ্ৰেছ নেত্ৰীগৰাকী তেজপুৰত কংগ্ৰেছ দলৰ প্রার্থিত্বৰ প্ৰবল দাবীদাৰ আছিল। কিন্তু মিত্ৰতাৰ বাবে কংগ্ৰেছে তেজপুৰ সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ পাছতে ক্ষুব্ধ হৈ পৰে পল্লৱী শইকীয়াই। এক বৃহৎ সমদলেৰে তেজপুৰত নিৰ্দলীয় প্রার্থী হিচাপে মনোনয়ন দাখিল কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে সতীয়ে নিজৰ অসন্মান হোৱাতকৈ আত্মজাহ বাছি লৈছিল, দ্রৌপদীয়ে মৌনতাৰ পৰিৱৰ্তে যুদ্ধ বাছি লৈছিল, সীতাই আৰামদায়ক জীৱনতকৈ আত্মসম্মান বাছি লৈছিল। আত্মসন্মানতকৈ ডাঙৰ একো নহয়।