নাৰীৰ ঘামবোৰ কিয় অৱহেলিত
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
এদিনৰ বাবে নাৰীৰ পূজা
এটা দিনৰ বাবে নাৰীক শ্ৰদ্ধা
নাৰী দিৱস বুলি
নাৰীক লৈ কি আয়োজন
নাৰীৰ অৱদানবোৰ
এদিনতে শেষ হৈ যায় নে ?
এদিনৰ বাবে নাৰীৰ প্ৰতি ইমান উৎসাহ
মনত পৰে নে…
বৃদ্ধাশ্ৰমত থকা আইতাজনীলৈ
মনত পৰে নে
ফুটপাথত ৰাতি শুই থকা ছোৱালীজনীলৈ
মনত পৰে নে
হোটেলত কাম কৰা কন্যা শিশুগৰাকীলৈ
মনত পৰে নে
বেশ্যালয়ত থকা গণিকাজনীলৈ_
মনত পৰে নে
যৌতুকৰ বাবে জ্বলাই দিয়া বোৱাৰীগৰাকীলৈ
মনত পৰে নে
ল’ৰা সন্তান জন্ম দিব নোৱাৰাত হত্যা কৰা পত্নীলৈ
মনত পৰে নে
বিধৱা এগৰাকীক কুলক্ষণী বুলি কোৱা মানুহখিনি
সংগ্ৰাম কৰি ঘৰ সজোৱা নাৰীগৰাকী
সমাজৰ দৃষ্টিত হৈ পৰে সন্দেহজনক
কিয় ? এই সকল নাৰীক
কোনেও ঢুকি নাপায়…নাৰী দিৱসৰ দিনা,
পেপাৰত ওলায়, বাতৰিত ওলায়
কিমানে আগবাঢ়ি যায়…
কোনে সহানুভূতিৰে চায় ?
সংকল্প লোৱাৰ সময়ত এই নাৰীসকলক
মঞ্চখনলৈ কিয় কোনেও নানে
ইতিহাসবোৰ আৰু দীঘলীয়া হৈ থাকিব
নাৰীৰ শত্ৰুবোৰ কোনে চিনাক্ত কৰিব
সন্তানবোৰে মাতৃক শুশ্ৰূষাৰ সময়ত
পেলাই থৈ যায়,
ড্ৰাগছৰ কবলত সন্তানে মাতৃক হত্যা কৰে,
এগৰাকী সম্ভ্ৰান্ত বোৱাৰীয়ে সম্পত্তিৰ বাবে
শাশুক ডিঙি কাটি পেলাই দিয়ে পাহাৰত,
অবৈধ সম্পৰ্কৰ বাবে গাভৰুতে
সেন্দূৰ মচিব লাগে বহু নাৰীয়ে
আইন কানুনৰ ঢিলা নীতিত সাৰি যায় সকলো
নাৰীৰ পক্ষে থিয় দিয়া নাৰীৰ সংখ্যাবোৰ
নাৰীৰ অধিকাৰৰ বাবে
নিঃস্বাৰ্থ নাৰীৰ প্ৰতিবাদী কণ্ঠবোৰ
কিমান জোৰদাৰ হয়…দুখলগা একেবাৰে
নিৰ্যাতনত বলি হোৱা মহিলা
বাল্য বিবাহত জীৱন হেৰুৱা নাৰী,
ডাষ্টবিনত কেঁচুৱা এৰি যোৱা নাৰী
এন্ধাৰত অসামাজিক বৃত্তিধাৰী নাৰী,
সুৰুঙাৰে কেনেকৈ বাচে পুৰুষসকল
যৌনতাৰ বজাৰখনত পুৰুষৰ উপস্থিতি
কুমলীয়া বয়সত শিশুক ধ্বংস কৰা পুৰুষসকল
নাৰীৰ জীৱনত ভাবুকিৰে প্ৰলোভিত কৰা
নাৰীক শোষণৰ আহিলা বনোৱা পুৰুষক
কোনে সজায় মহান…
নাৰীবাদত এই জাৱৰবোৰ
কিয় উৎখাত নহয় চিৰদিনৰ বাবে
নাৰী দিৱস মানেইতো উৎসৱ নহয়
