সময়ৰ সোঁতত – কৰবী দাস

Pc Vecteezy

সময়ৰ সোঁতত

কৰবী দাস 
কামৰূপ গ্ৰাম্য 

দেউতাক হেৰুৱাৰ দিনা
মায়ে হিয়া ঢাকুৰি কন্দা দেখিছিলোঁ;
বুকুখন মোৰো বিষাই উঠিছিল।
তেতিয়া বুজা নাছিলোঁ—
মানুহ হেৰুৱাৰ বিষ কিমান গভীৰ।
এতিয়া সময়ৰ সোঁতত হেৰাই যোৱা কাহিনীবোৰে
সেই কথাই মোক বুজাই দিয়ে।
আইতাৰ গালৰ সোঁতোৰা চাই
মনত বহু স্মৃতি জাগে;
মনটো তেতিয়া সোঁতোৰা হয়,
যেতিয়া হৃদয়খন
বাৰম্বাৰ জীৱনৰ ঠেকা খায়।
মোৰ শৈশৱ—
কেতিয়াবা ম‌ই ঘূৰি ফুৰো বিচাৰি
সেই নিষ্পাপ মুখখন।
উভতি আহি আইনা খন চাওঁতে দেখোঁ—
মোৰ নিজৰ মাজতেই
নিশব্দে হেৰাই গৈছে
মোৰ লৰালি।