বজাৰ
প্ৰভাত বণিয়া
বজাৰ বাৰ শনিবাৰ দেওবাৰ
খাদ্য সামগ্ৰীৰ উভৈনদী
মানুহৰ ভিৰ নানা তৰহৰ বস্তু বাহিনী
গ্ৰাহক দোকানীৰ উৎফুল্লিত হাঁহি
মন পছন্দৰ কাপোৰ-কানি, চাউল, দাইল, তৰি-তৰকাৰী ,
মাছ-মাংস আৰু লাগতিয়াল সামগ্ৰী লও মোনা ভৰাই
বজাৰলৈ আহিলেই দৰকাৰ
হাতত মোনা পকেটত পইছা
থলুৱা শাক চবজী বিচাৰি হাহকাৰ
চালানি হাইব্ৰিদ পাচলিৰে থাকে গোটেই বজাৰ ভৰি
বজাৰ আৰু পথাৰ,
নোহোৱা হৈছে ক্ৰমে থলুৱাৰ অধিকাৰ
বহিৰাগত বেপাৰীয়ে গোজে গছ হৈ বহিছে
তথাপি বজাৰ বাৰ শনিবাৰ দেওবাৰ
কিবা এটা ভাল লগা দিন
মন মুকলি হয়
বন্ধু বান্ধৱ লগ পাওঁ
দুখ ভাগৰ পাহৰো,কথা পাতো
মনৰ বতৰা লও
সেয়ে
ইমান আপোন আমাৰ সাপ্তাহিক হাট-বজাৰ ।
