মানৱতাৰ জয় হওক – শুৱলা দাস

Pc The Siasat Daily

মানৱতাৰ জয় হওক

শুৱলা দাস, যোৰহাট

 এই বাৰ ফাগুনৰ
পছোৱাত
তেজৰ ফাকু  !

 যুদ্ধৰ জুইত জ্বলে নিশাবোৰ
দুৰণিৰ পৰা বৈ অহা
সৰ্বহাৰাৰ আটাহ!

 মানৱতাৰ চিৎকাৰ…
“ফাট মেলা বসুমতী পাতালে লুকাওঁ”

যুদ্ধ মানেই  ধ্বংস
নিৰীহৰ  কষ্ট
যুদ্ধত নুফুলে কদাপি ফুল।

যুদ্ধত সুৰুজে নেহাঁহে
কুঁহি পাত  নেমেলে গছত
যুদ্ধত জ্বলে কেৱল জুই
বয় তেজৰ নৈ
যি তেজত উটি যায় মানবতা
চাৰিওফালে মৃত্যুৰ  যন্ত্ৰণা!!

শেষ হওক যুদ্ধ
ঘূৰি আহক শান্তি।
ফাগুনে খেলক ৰঙৰ ফাকু
তেজৰ বিপৰীতে।

কোমল পছোৱা আহক
পৃথিৱীলৈ
কেচুৱাবোৰ মাকৰ কোলাত
শান্তিৰে শোৱক!

নিৰীহ বোৰ শান্তিৰে থাকক
কাৰণ নিৰীহৰ নেলাগে কেতিয়াও
ক্ষমতাৰ  খক
বিচাৰে মাথোঁ  সকলোতে শান্তি
বিচাৰে মাথোঁ শান্তি।
যুদ্ধবোৰ বন্ধ হওক।
মানৱতাৰ জয় হওক।
যুদ্ধবোৰ বন্ধ হওক।।