লুৰিনজ্যোতি গগৈক খোৱাংত বিপুল আদৰণি

লুৰিনজ্যোতি গগৈক খোৱাংত বিপুল আদৰণি : আজি ডিব্ৰুগড়ত মনোনয়ন দাখিল কৰিব

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাৰ্থীত্ব ঘোষণাৰ পাছত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে খোৱাং সমষ্টিত উপস্থিত হোৱা অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক উষ্ম আদৰণি জনায়।নৱ-গঠিত খোৱাং সমষ্টিৰ সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকৰ লগতে সমষ্টিবাসী ৰাইজে গগৈক অভূতপূৰ্ব সহাঁৰি জনায়। গগৈক খোৱাং চাৰিআলিৰ পৰা দলীয় কৰ্মী-সমৰ্থকসকলে গায়ন-বায়ন, ঢোলে-দগৰে আদৰণি জনায় । খোৱাং চাৰিআলিৰ পৰা সমদল কৰি জয়মতী প্ৰেক্ষাগৃহত খোৱাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাহাজাৰ দলীয় কৰ্মীক সম্বোধন কৰে লুৰীণজ্যোতি গগৈয়ে। আনহাতে আজি (কাইলৈ ২০ মাৰ্চত )দিনৰ ১২ বজাৰ পাছত তেওঁৰ সমৰ্থকসহ ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই জানিবলৈ দিয়ে।