উৰা-বাতৰি
পংকজ দাস ,
গহপুৰ ,বিশ্বনাথ
বু-বু বা-বা কৈ
ইকাণে সিকাণে
কথাটো ওলাল
গাঁওখনৰ ইটো চুবুৰীৰ পৰা
সিটো চুবুৰীলৈকে
ফুচফুচ
কথাটোনো কি?
অমুকাই অমুকীক ক’লে
অমুকীয়ে অমুকাক ক’লে
সকলোতে জনাজাত হ’ল
সঠিক কথাটো কি?
কোনে কাক ক’লে
উত্তৰটো নোলোৱা হ’ল
এতিয়া চৌদিশে
উৰা-বাতৰি এটা
বতাহৰ দৰেই উৰি গ’ল।
