ফাগুনৰ বিননি – ৰশ্মি ৰেখা দুৱৰা

Pc Songbad Prokash

ফাগুনৰ বিননি

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

বিষাদৰ জুইকুৰা অহৰ্নিশে জ্বলিছে
দুনয়নত টোপটোপকৈ নিয়ৰ সৰিছে
লঠঙা গছৰ তলত মৰমৰ ধ্বনিয়ে
অনুভূতিৰ গীত জুৰিছে।

কোনে শুনিব ফাগুনৰ বিননি,
ধূলিয়ৰি ফাগুনে কিমানক ক’ব
অলিখিত দুখৰ কাহিনী !
পিয়াহত ধৰফৰাই ফুৰে
এজাক বৰষুণৰ বাবে অপেক্ষাৰে ৰয়।

শিমলু,পলাশ,মদাৰে শুকান পাতৰ
মৰমৰ ধ্বনিক কয়
বিষাদৰ গীত গাই সহযোগ নকৰিবা
আবিৰৰ ৰঙেৰে ৰঙীন কৰিম
বিষাদৰ জুইকুৰা।

বৰষুণ আহি পিয়াহ গুচাব
লঠঙা ডালৰ বেজাৰ আঁতৰিব
ন-ঋতুত ন-কৈ সজাই তুলিব
সুখেৰে উপচি বিহুগীত জুৰিব
নিমিষতে পাহৰিব দুখ।