নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত ‘চিমি’এ লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ‘এনিমেচন’ ছবিৰ বাবে আহিছে এক সুখবৰ। নিউয়র্ক চুটি এনিমেচন মহোৎসৱত লেখক, আন্তর্জাতিক সন্মানপ্রাপক পৰিচালক, আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা ‘চিমি’ ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এনিমেটেড চুটি ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িওৱা পৰিচালক ড° পাৰ্থসাৰথি মহন্তই এই স্বীকৃতি সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কয়- ‘এনিমেচনে ভাষা আৰু ভূগোলৰ সীমা অতিক্ৰম কৰি গল্পসমূহক বহু দূৰলৈ লৈ যাব পাৰে। চিমিক নিউয়র্ক শ্বর্ট এনিমেচন ফেষ্টিভেলৰ দৰে এখন আন্তর্জাতিক মঞ্চত স্বীকৃতি দিয়া বুলি জানিব পাৰি মই গৌৰৱ অনুভৱ কৰিছোঁ।’ তেওঁ লগতে কয়- ‘এই স্বীকৃতিয়ে এইটোও সোঁৱৰাই দিয়ে যে নিজৰ সংস্কৃতি আৰু অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা গল্পসমূহে বিশ্বজুৰি দৰ্শকৰ সৈতে সুৰ মিলাব পাৰে। নিউয়র্ক চুটি এনিমেচন মহোৎসৱত চিমিৰ এই স্বীকৃতিয়ে আন্তর্জাতিক এনিমেচন মঞ্চত ভাৰতীয় আৰু অসমীয়া গল্পকথনৰ সমাদৰ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ কথাও প্ৰতিফলিত কৰিছে। এই স্বীকৃতিয়ে এনিমেটেড ছবিখনৰ পৰিচালনা আৰু এনিমেচনৰ মাধ্যমেৰে এটা শক্তিশালী কাহিনী প্রকাশ কৰিব পৰাৰ দক্ষতাক স্বীকৃতি দিছে।’ উল্লেখযোগ্য যে নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত এনিমেচন শিল্পৰ সৃজনশীলতা, মৌলিকতা আৰু দক্ষতাৰ দিশ উদযাপন কৰা হয় আৰু বিশ্বৰ এনিমেটৰসকলৰ উদ্ভাৱনীমূলক কৰ্মৰাজিক এখন মঞ্চত উপস্থাপন কৰে। এই মহোৎসৱে অসাধাৰণ এনিমেটেড গল্পকথন শৈলীক স্বীকৃতি দিয়ে আৰু উদীয়মান তথা প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলক আন্তৰ্জাতিক মঞ্চ প্ৰদান কৰি আহিছে। নিউয়ৰ্ক চুটি এনিমেটেড মহোৎসৱত নিৰ্বাচিত ছবিসমূহে মেক্সিকোত প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। ইয়াৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতাসকলে অধিক আন্তৰ্জাতিক প্ৰচাৰ লাভ কৰিব আৰু নিউয়ৰ্কৰ বাহিৰেও বিশ্বৰ দৰ্শকৰ সন্মুখত নিজৰ সৃষ্টিক প্ৰদৰ্শনৰ সুযোগ পাব। নিউয়র্ক চুটি এনিমেছন ফেষ্টিভেল এক প্রাণবন্ত মঞ্চ আৰু এই মঞ্চত এনিমেটৰসকলে নিজৰ গল্পসমূহ উপস্থাপন কৰে। আন্তর্জাতিক এই মহোৎসবে সৃষ্টিশীল কণ্ঠসমূহক বিশ্বৰ বৈচিত্র্যময় দৰ্শকৰ কাষলৈ নিয়াৰ পথ মুকলি কৰে। এই সন্মানৰ জৰিয়তে ছবিখনে আন্তর্জাতিকভাবে স্বীকৃতিপ্রাপ্ত এনিমেটেড কৰ্মৰ তালিকাত অন্তর্ভুক্তি লাভ কৰিলে।
