জুবিন গাৰ্গৰ ছমহীয়া তিথি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জনপ্রিয় শিল্পী, হার্টথ্র’ব, অসমীয়া প্রাণ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা সোমবাৰৰ দিনটোত ছমাহ সম্পূর্ণ হয়। এই উপলক্ষে শিল্পীগৰাকীৰ গুৱাহাটী কাহিলিপাৰাস্থিত বাসগৃহত পৰিয়ালৰ উদ্যোগত আধ্যাত্মিক পৰিৱেশত তেওঁৰ ছমহীয়া তিথি পালন কৰা হয়। এই বিশেষ দিনটোত পত্নী গৰিমা শইকীয়া গার্গে জুবিন গাৰ্গৰ প্ৰিয় খাদ্যসমূহ নিজ হাতে ৰান্ধি ‘সপিণ্ডন’ হিচাপে এসীজ ভাত আগবঢ়ায়। প্রিয় শিল্পীৰ মহাপ্রয়াণৰ পাছত ছমহীয়া তিথিৰ দিনটোত পূৰ্বৰ স্মৃতিবোৰ সুঁৱৰি কাহিলিপাৰাৰ বাসভৱনত প্রিয়তমৰ পছন্দৰ খাদ্য সম্ভাৰ নিজ হাতেৰে এফালৰ পৰা প্ৰস্তুত কৰি গ’ল পত্নী গৰিমা শইকীয়া গাৰ্গে। মনৰ এচুকত অকালতে প্রিয়তমক হেৰুওৱাৰ বেদনাখিনি দুচকুৰে অশ্ৰুৰ ৰূপত নিগৰিছে। কিন্তু সকলো দুখ-বেদনাক একাষৰীয়াকৈ ৰাখি এফালৰ পৰা মৰমৰ গ’ল্ডীয়ে ভালপোৱা সকলো খাদ্য নিজ হাতেৰে ৰান্ধি গ’ল গৰিমা শইকীয়া গার্গে। গ’ল্ডীবিহীন সময়ছোৱাক সুঁৱৰি মাজে-সময়ে উচুপি উঠা গৰিমাই ক’লে- তেওঁ ভালপোৱা বস্তুখিনি ৰান্ধি দিবলৈ চেষ্টা কৰোঁ। প্রতি মাহে এসাঁজ ভাত তেওঁলৈ আগবঢ়াওঁ। ৰান্ধি থকা সময়খিনিত খুব ভাল লাগে। তেওঁ হেঁপাহেৰে আহি খাব যেন লাগে। আজিও দিছোঁ। তেওঁ য’ত আছে শান্তিৰে থাকক। উল্লেখ্য যে আজি শিল্পীগৰাকীৰ ভাতৃ ঋতুপ্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে সকলো বৈদিক কর্ম সম্পাদন কৰে। শ্রাদ্ধৰ অন্তত অৰুণ গাৰ্গে প্রিয় শিল্পীৰ পছন্দৰ বাহনত উঠি শুক্ৰেশ্বৰত গৰিমা শইকীয়া গাৰ্গে ৰান্ধি দিয়া আহাৰ ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। ব্যস্ততাৰ মাজতে গৰিমাই পুনৰ কয় যে তেওঁ বিচৰা সপোনৰ অসমখনত সকলোৱে মিলাপ্ৰীতিৰে থাকক। শিল্পীগৰাকীৰ ন্যায় প্রসংগতো তেওঁ কয় যে ছমাহ বহু ধৈর্য ধৰি বাট চাই আছোঁ। আমি এতিয়ালৈকে একো কৰিব পৰা নাই। গোটেই অসমজুৰি অগণিত জুবিনপ্রেমীয়ে এটাই উত্তৰ বিচাৰি আছে। দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰোঁ। গোচৰটোৰ তদন্ত ক্ষিপ্ৰতৰ হোৱাটো কামনা কৰোঁ। জুবিন গাৰ্গৰ দৰে সত্তাই যদি ন্যায় নাপায়, তেন্তে গোটেই অসমখনত ন্যায় বিচৰাৰ একো অর্থই নাই। অকল সেয়াই নহয়, শিল্পীগৰাকীক ৰাজনীতিৰ মাজতৈ নানিবলৈ সকলো ৰাজনৈতিক দলক আহ্বান জনাইছে শিল্পীপত্নী গৰিমা শইকীয়া গার্গে। তেওঁ কয় যে কোনেও যাতে জুবিন গাৰ্গক ৰাজনীতিৰ ক্ষেত্রখনলৈ টানি নানে। সেয়া হ’লে তেওঁৰ আত্মাই খুব কষ্ট পাব। তেওঁ যথেষ্ট অৰাজনৈতিক আছিল। কোনো ৰাজনৈতিক দলৰ সৈতে তেওঁ জড়িত নাছিল। ভালক ভাল বুলি কৈছিল, বেয়া দেখিলেও সন্মুখত কৈছিল। গতিকে, কোনোৱে ৰাজনীতিৰ মাজলৈ তেওঁক টানি আনিব নালাগে।
