দেৱব্রত দাস আৰু সহাইছুলী ব্ৰহ্মলৈ সাহিত্য অকাডেমি বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমিবঁটা। দেশৰ ২৪ গৰাকী সাহিত্যিকলৈ বিভিন্ন ক্ষেত্রত আগবঢ়োৱা সাহিত্যিক অৱদানৰ বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে। আনহাতে, অসমৰ দুই বৰেণ্য কথাশিল্পী তথা সাহিত্যিক এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে। প্রথিতযশা কথাশিল্পী, সাহিত্যিক দেৱব্রত দাসক ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে। ‘কড়ি খেলাৰ সাধু’ নামৰ উপন্যাসখনৰ কাৰণে কথা সাহিত্যিকগৰাকীক এই সন্মান আগবঢ়োৱা হৈছে সাহিত্য অকাডেমিয়ে প্রকাশ কৰা সাহিত্য অকাডেমি বঁটা বিজয়ীসকলৰ ভিতৰত বড়ো ভাষাত সহাইছুলী ব্ৰহ্মক ২০২৫ বৰ্ষৰ সন্মান আগবঢ়োৱা হৈছে। তেওঁৰ ‘দৌংনৈ লামা মোনছে গাথৌন’ (দুটা পথ এটা ঘাট) নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰে। উল্লেখ্য যে সাহিত্য অকাডেমি বঁটাৰ গ্ৰন্থ বাছনিৰ অসমীয়া ভাষাত জুৰিৰ সদস্যসকল আছিল- ড° ধ্ৰুৱজ্যোতি বৰা, অধ্যাপক দীনেশ বৈশ্য আৰু ড° ৰঞ্জনা ভট্টাচাৰ্য। উল্লেখ্য যে ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক হৈছে দেৱব্রত দাস। সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীর্ষক স্তম্ভ লিখি তেওঁ বিশেষ জনপ্রিয়তা অর্জন কৰিছিল। ১৯৮১ চনত দেবব্রত দাসৰ প্ৰথমখন গল্প সংকলন ‘অর্পিতাৰ এৰাতি’ প্রকাশ পায়। শিক্ষাসূত্রে এগৰাকী অভিযন্তা দেবব্রত দাস কর্মসূত্ৰে ভাৰতীয় ৰিজার্ভ বেংকৰ এগৰাকী বিষয়া আছিল। ১৯৫০ চনৰ ৩ জানুৱাৰীত গুৱাহাটীত জন্ম গ্রহণ কৰা প্রখ্যাত কথাশিল্পী দেৱব্ৰত দাসৰ এতিয়ালৈ প্রকাশিত গল্প-সংকলনসমূহ ক্রমে- অর্পিতাৰ এৰাতি (১৯৮১), হয়তোবা ভেছন আৰু অন্যান্য গল্প (১৯৮৭), অর্পিতাৰ অন্য এৰাতি (১৯৯২), বিষয় মূলতঃ প্রেম (১৯৯৫), নিৰ্মালীৰ প্ৰেম (২০০২), দেবব্রত দাসৰ নির্বাচিত গল্প (২০০৭), ৰাতিপুৱালৈ (২০১১) আৰু ৰাজহীহৰ গান (২০২২)। আনহাতে, প্রকাশিত উপন্যাসসমূহ হৈছে ক্রমে-গধূলিৰ পৰা গধূলিলে (১৯৮৩), মধ্যান্তৰ (১৯৯৩), পুতলা নাচৰ সাধু (১৯৯৫), ধূসৰতাৰ কাব্য (২০০৫) আৰু কড়ি খেলাৰ সাধু (২০২২)। একেদৰে প্রকাশ হোৱা উপন্যাস সংকলনসমহ হৈছে ক্রমে- মগয়া, নিঠুৰ মৃগয়া (১৯৯৩), গান, গোলাপ আৰু কাঁহৰে কথা (১৯৯৩), দূৰলৈ নেযাবা কাবেৰী (১৯৯৩), দুৱাৰডলিব সময় (১৯৯৩), সপোনৰ দৰে দিঠকৰ দৰে (১৯৯৫), বৰষাৰ প্ৰথম সুবাস (১৯৯৬) আৰু পূজাৰ অসুখ (২০০৯)।সাহিত্য অকাডেমি বঁটা প্রাপকলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুই সাহিত্যিকলৈ অভিনন্দন জনাই কয় যে আজি ঘোষণা কৰা ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমীৰ অসমীয়া আৰু বড়ো ভাষা শিতানত দুগৰাকী অসম সন্তান উজলি উঠাত অতি আনন্দিত হৈছোঁ৷ কেইবাখনো জনপ্ৰিয় গল্পগ্ৰন্থ আৰু উপন্যাসৰ ৰচয়িতা শ্ৰীদেৱব্ৰত দাস ডাঙৰীয়াই ‘কড়ি খেলাৰ সাধু’ উপন্যাস আৰু বড়ো ভাষা-সাহিত্য চৰ্চা কৰি বিশেষ খ্যাতি অৰ্জা শ্ৰীমতী ছাহাইছুলি ব্ৰহ্ম ডাঙৰীয়ানীয়ে ‘দোংনৈ লামা: মোনসে গাথোন’ উপন্যাসৰ বাবে লাভ কৰিছে অকাদেমীৰ সন্মান৷ দুয়োগৰাকীলৈ মোৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ৷ নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে আপোনালোক আৰু বহুদূৰ আগবাঢ়ি গৈ উত্তৰপ্ৰজন্মৰ আদৰ্শ হৈ ৰওক, সেয়াই এই শুভ দিনত কামনা কৰোঁ। আনহাতে, প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালেও সাহিত্য অকাডেমি বঁটাপ্রাপক দেবব্রত দাসৰ লগতে ছাহাইচুলি ব্রহ্মলৈ অভিনন্দন জ্ঞাপন কৰি কয়,অসমীয়া আৰু বড়ো ভাষাৰ বাবে ক্ৰমে শ্ৰী দেৱব্ৰত দাস আৰু শ্ৰীমতী সহায়সুলি ব্ৰহ্মই ২০২৫ চনৰ সাহিত্য অকাদেমী বঁটা লাভ কৰাৰ খবৰটো পাই আনন্দিত হৈছোঁ। দুয়োগৰাকী সাহিত্যিককে এই আনন্দৰ ক্ষণত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সৃষ্টিশীল প্ৰতিভাই আমাৰ ৰাজ্যখনৰ সাহিত্য ক্ষেত্ৰক সমৃদ্ধ কৰি গৌৰৱ কঢ়িয়াই আনিছে। ন ন সৃষ্টিৰে আপোনালোকে অসমৰ ভাষা-সাহিত্য জগতক গতিশীলতা প্ৰদান কৰি যাব বুলি আশা ৰাখিলোঁ আৰু মোৰ তৰফৰপৰা শুভকামনা জ্ঞাপন কৰিলোঁ।
