ওড়িশাৰ চিকিৎসালয়ত অগ্নিদগ্ধ হৈ মৃত্যু ১০ ৰোগীৰ

Pc The Hindu

ওড়িশাৰ চিকিৎসালয়ত অগ্নিদগ্ধ হৈ মৃত্যু ১০ ৰোগীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ওড়িশাৰ কটকত ভয়ংকৰ অগ্নিকাণ্ড ৷ ওড়িশাৰ কটকত থকা এছচিবি মেডিকেল কলেজ হাস্পতালত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় কমেও ১০জন ৰোগীৰ। ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰে পুৱতিনিশা ৩ বজাত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডটো ৷ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ প্ৰথম মহলাত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰে চিকিৎসালখনত থকা ৰোগী আৰু ৰোগীৰ আত্মীয় ৷ ইফালে তাৎক্ষণিকভাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, অগ্নিকাণ্ডৰ সময়ত অতি সংকটজনক অৱস্থাত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ আই চি ইউত ১০ জনক ভৰ্তি কৰা আছিল ৷ বৰ্তমান আইটাইকেইজন ৰোগীকে সুৰক্ষিতভাবে উদ্ধাৰ কৰি অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মুকেশ মহলিঙৰ ​​সৈতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে পুৱাতে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ তেৱেঁই নিশ্চিত কৰে মৃতকৰ সংখ্যা।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত গঠনৰ নিৰ্দেশ দি মুখ্যমন্ত্ৰী মাঝিয়ে সামাজিক মাধ্যম এক্স ত কয়, “অনাকাংক্ষিত ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ এই ঘটনাত চিকিৎসালয়খনৰ ১১ জনকৈ কৰ্মচাৰী আহত হৈছে ৷ ঘটনাত নিহত পৰিয়াললৈ ২৫ লাখকৈ এককালীন সাহায প্ৰদান কৰা হ’ব ৷ অগ্নিনিৰ্বাপক বাহিনীৰ ডিজিৰ নেতৃত্বত এটা দলে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিব আৰু এই তথ্যৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷” ইফালে শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি উল্লেখ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে ৷ইতিমধ্যে ঘটনাত নিহত লোকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে ৷ নিহতসকলৰ ভিতৰত আছে ৰমেশ চন্দ্ৰ পাৰিদা, দাসুৰ মুণ্ডা, এম ডি নয়ুম, গৌৰাং চন্দ্ৰ বাৰিক, এছ কে আব্দুল ছাটাৰ, মধুসূধন দালাই, কুৰশান চন্দ্ৰ বিশৱাল, ৰবিন্দা দাস, ছেৰু পাৰিদা আৰু মেনকা ৰাউট ৷ মুখ্যমন্ত্ৰী মাঝিয়ে সামাজিক মাধ্যম এক্সত উল্লেখ কৰা অনুসৰি, চিকিৎসালয়খনৰ আই চি ইউত ২৩ গৰাকী ৰোগীক ভৰ্তি কৰা আছিল ৷ তাৰে অগ্নিদ্বগ্ধ হৈ ৭জন ৰোগীৰ মৃত্যু হৈছে ৷