তেজস্বিনী নাৰী – ৰশ্মি ৰেখা দুৱৰা

Pc Pinterest

তেজস্বিনী নাৰী

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

মনৰ মাজত অহৰহ ধুমুহা লৈ
আগবাঢ়ি যাব পৰা এক শক্তি,
সমস্ত লুকুৱাই ৰখাৰ প্ৰচেষ্টা
জয়ী হোৱাৰ কামনা।
নাৰী দয়ালু,মমতাময়ী,জীৱন-দায়িনী
নাৰী ভীৰু অবলা নহয়
পৰিস্থিতি সতে মোকাবিলা কৰি
যুঁজ দিয়া জাগ্ৰত নাৰী।
চাৰিওফালে নাৰী নিৰ্যাতন
সুৰক্ষাৰ কোনো নাম নাই,
শোষিতৰ সতে যুঁজ দিয়া
মই সাহসী তেজস্বিনী নাৰী।
আজিৰ নাৰী জাগি উঠিছে
ৰক্ষণশীল সমাজৰ শিকলি খুলি
নাৰীয়ে সাহসৰ প্ৰতীক হৈ
নাৰী শক্তি জগাই তুলিছে।
দানৱ ৰূপী মানৱক নাশি
মুকলি আকাশত ফুৰিব নাৰী
নাৰীয়ে সৰ্বেসৰ্বা
নাৰী অৰ্ধ আকাশ।