মোৰ জীৱনৰ পথ প্ৰদৰ্শক – নিশামণি গগৈ

Pc Vecteezy

মোৰ জীৱনৰ পথ প্ৰদৰ্শক

নিশামণি গগৈ ,যোৰহাট 

মোক এনে এটা মন্ত্ৰ দিয়ক,
যি মোৰ সমগ্ৰ জীৱন পথৰ
একান্ত সহযাত্ৰী।
মায়ে উত্তৰ দিছিল—
মই তোমাক এটা মন্ত্ৰ দিম।
যি মন্ত্ৰৰ তাৎপৰ্য্য,
মানুহক মানুহ হিচাপে গঢ়ি তোলা।
“আনে তোমাৰ সতে
যি কাম কৰিলে তুমি বিৰক্ত হোৱা,
নিজে কেতিয়াও আনৰ সতে
সেই কাম নকৰিবা।”
এই সৰ্বোত্তম মন্ত্ৰটোৱে মোৰ জীৱনৰ
পথ প্ৰদৰ্শক।