অসমত ৯ এপ্রিলত অনুষ্ঠিত হ’ব বিধানসভাৰ ভোট

Pc BusinessToday.In

অসমত ৯ এপ্রিলত অনুষ্ঠিত হ’ব বিধানসভাৰ ভোট

ৰঙিলী বাৰ্ত্তাসেৱা- সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল। ৰাজ্যৰ ৭৪ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এটা পর্যায়তে অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব ভোট। নতুন দিল্লীত দুই নির্বাচন আয়ুক্ত এছ এছ সান্ধু আৰু বিবেক যোশীক লগত লৈ এক সংবাদ মেলযোগে মুখ্য নির্বাচন আযুক্ত জ্ঞানেশ কুমাৰে অসম বিধানসভাৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। ঘোষিত সময়সূচী অনুসৰি ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। সেইদিনাই নিৰ্বাচনৰ ফলাফল প্রকাশ পাব। ইয়াৰ বিপৰীতে অহা ১৬ মাৰ্চত ৰাজপত্ৰিত অধিসূচনা প্ৰকাশ কৰিব নির্বাচন আয়োগে। ২৩ মার্চ হৈছে মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন । ২৪ মার্চত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২৬ মার্চ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। সমগ্র নির্বাচনী প্রক্রিয়া ৬ মে’ৰ ভিতৰত সম্পন্ন হ’ব লাগিব। লক্ষণীয়ভাৱে অসমৰ লগতে কেৰালা আৰু কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীতো এটা পর্যায়তে ৯ এপ্রিলত অনুষ্ঠিত হ’ব নির্বাচন। সেইদৰে তামিলনাডুতো এটা পর্যায়তে ২৩ এপ্রিলত ভোটগ্ৰহণৰ দিন নির্ধাৰণ কৰা হৈছে। কেৱল একমাত্র পশ্চিমবংগতহে ২৩ আৰু ২৯ এপ্রিলত দুটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। আটাইকেইখন বিধানসভাৰে ফলাফলৰ দিন নিৰ্ধাৰণ কৰা হৈছে ৪ মে’। শদিয়াৰ পৰা ধুবুৰীলৈ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ বাবে নিৰ্বাচনী সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যত তাৎক্ষণিকভাবে বলবৎ হৈছে নির্বাচনী আচৰণবিধি। উল্লেখ্য যে উক্ত ৫ ৰাজ্যৰ মুঠ ৮২৪টা বিধানসভা সমষ্টিৰ বিপৰীতে ১৭.৪ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অসমত ভোটাৰৰ সংখ্যা হৈছে ২,৫০,২১,৪০৮জন। ইয়াৰে ২,৪৯,৫৮,১৩৯জন সাধাৰণ ভোটাৰ আৰু ৬৩,২৬৯জন ছার্ভিচ ভোটাৰ। অসমত ১৮-১৯ বছৰৰ ভোটাৰৰ সংখ্যা হৈছে ৫,৭৫,২৫৮জন। সেইদৰে ২,০৩,৭০৯জন বিশেষভাৱে সক্ষম; ৩৪৩জন তৃতীয় লিংগৰ আৰু ১,০৪,২৩৮জন ৮৫ বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিকে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ২০২৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ তুলনাত ৰাজ্যত এইবাৰ ভোট কেন্দ্ৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২০২৪ চনত ৰাজ্যত মুঠ ২৮,৬৫০টা ভোট কেন্দ্ৰ থকাৰ পৰিৱৰ্তে বিধানসভা নিৰ্বাচনৰ বাবে স্থাপন কৰা হ’ব ৩১,৪৮৬টা ভোট কেন্দ্র। নির্বাচনী প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ নিৰ্বাচন আয়োগে এইবাৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। একোটা ভোট কেন্দ্রত সর্বাধিক ১,২০০জনহে ভোটাৰ থাকিব। ভোট কেন্দ্ৰসমূহত নাগৰিকসকলে যাতে ন্যূনতম সা-সুবিধা পাব পাৰে তাৰ বাবে ইতিমধ্যে নির্বাচন আয়োগে অসমসহ নির্বাচন অনুষ্ঠিতব্য আটাইকেইখন ৰাজ্যৰে মুখ্য নির্বাচনী বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। বিশেষকৈ বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকসকলে যাতে উপযুক্ত সা-সুবিধা পাব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নির্বাচন আয়োগে। প্রতিটো ভোট কেন্দ্রত এইবাৰ চাৰিধৰণৰ ভোটাৰ ফেচিলিয়েচন পোষ্টাৰৰ ব্যৱস্থা কৰিবলৈ মুখ্য নির্বাচনী বিষয়াসকলক নির্দেশ দিছে। এই পোষ্টাৰসমূহত ভোট কেন্দ্ৰৰ বিশদ তথ্য, প্রার্থী তালিকা, কি কৰিব লাগিব-নালাগিব আৰু চিনাক্তকৰণ নথিপত্ৰ তথা কেনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিব, সেই কথা উল্লেখ থাকিব লাগিব। ভোটাৰসকলে ভোট কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত ছুইচ অফ কৰিহে ম’বাইল ফোন লগত নিব পাৰিব। ভোট কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে কর্তৃত্বশীল ভলন্টিয়াৰৰ হাতত জমা দিব লাগিব ম’বাইল ফোন।