ডিব্ৰুগড়ত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফিট ইণ্ডিয়াৰ সহযোগত “চান্দে’চ অন চাইকেল”-শীৰ্ষক এক চাইকেল ৰেলী

ডিব্ৰুগড়ত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফিট ইণ্ডিয়াৰ সহযোগত “চান্দে’চ অন চাইকেল”-শীৰ্ষক এক চাইকেল ৰেলী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ চাবুৱাস্থিত ‘শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়’ৰ উদ্যোগত আৰু ‘ফিট ইণ্ডিয়া’ৰ সহযোগত দেওবাৰে আয়োজন কৰা হয়- “চান্দে’চ অন চাইকেল”-শীৰ্ষক এক চাইকেল ৰেলী। ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ চৌহদত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বিভিন্ন স্থানৰ পৰা অহা বহু ক্ৰীড়াপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে আদৰণি জনোৱা ৰেলীত আৰম্ভনিতে এখনি স্বাস্থ্যমূলক ক্ৰীড়া সভা অনুষ্ঠিত হয়। স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ লগতে প্ৰদূষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা এই কাৰ্যসূচীৰ মূলবাৰ্তা আছিল—”ফিটনেছ কা ড’জ , আধা ঘণ্টা ৰ’জ” । অনুষ্ঠানত উপস্থিত থাকে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ড০ হিৰেন্দ্ৰ নাথ শৰ্মা, পদ্মশ্ৰী প্ৰাপক তথা অসম সাহিত‍্য সভাৰ প্ৰাক্তন সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকা, ফিট ইণ্ডিয়াৰ প্ৰজেক্ট মেনেজাৰ জাসপ্ৰীত সিং, ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈ, ক্ৰীড়া প্ৰাধিকৰণ ভাৰতৰ সহকাৰী সঞ্চালক অনন্যা শৰ্মা হাজৰিকা, চি আৰ পি এফৰ ডি আই জি প্ৰভাকৰ ত্ৰিপাঠি আদি। ভাষণ প্ৰসংগত বিশিষ্ট অতিথিসকলে নিয়মীয়াকৈ চাইকেল চলোৱাৰ অভ্যাসে মানুহক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণতো সহায়ক বুলি উল্লেখ কৰে। পদ্মশ্ৰী ডঃ সূৰ্য্যকান্ত হাজৰিকাই নেডাৰলেণ্ডৰ উদাহৰণ দাঙি ধৰি চাইকেলিঙৰ প্ৰচলন বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰে। অনুষ্ঠানত ডিব্ৰুগড় চাইকেলিং ক্লাবৰ সদস্যসকলৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলৰ দ্বাৰা পৰম্পৰাগত নৃত্যও প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত ফিট ইণ্ডিয়া কাৰ্যসূচী অনুসৰি চলিতবৰ্ষত উত্তৰ পূৰ্বাঞ্চৰ ভিতৰত তৃতীৰ বাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানে দেশজুৰি স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ফিট ইণ্ডিয়া অভিযানৰ অংশ হিচাপে এই চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে। ইয়াৰ আগতে গুৱাহাটীত আৰু মনিপুৰৰ ৰাজধানী ইম্ফলত এই ৰেলী অনুষ্ঠিত হৈছিল।