লাচিত নগৰস্থিত চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত সপ্তাহজোৰা ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী
নিকুঞ্জ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটীৰ লাচিত নগৰস্থিত চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বাৰ্ষিক সপ্তাহ যোৱা বৃহস্পতিবাৰৰ পৰা এক ৰঙীন, স্পৰ্ধামূলক আৰু উৎসৱমুখৰ পৰিৱেশত আৰম্ভ হয়। অধ্যক্ষা ড° মৌচুমী বৰদলৈয়ে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। চীফ লীডাৰ ৰণজিৎ দাসে অগ্নিশিখা বহন কৰি অনুষ্ঠানটোৰ গাম্ভীৰ্য বৃদ্ধি কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীৰ মাজত একতাৰ বাৰ্তা প্ৰসাৰিত কৰে।
বিভিন্ন হাউছত বিভক্ত শিক্ষক প্ৰশিক্ষাৰ্থীসকলে পেৰেড আৰু কুচকাৱাজৰ লগতে দৌৰ, শ্বটপুট, ডিছকাছ থ্ৰ’, বেডমিন্টন, ভলীবল, দবা, পাঞ্জা, কেৰম, ফেছন শ্ব’, ৰছী টনা আদি বহুতো খেল-ধেমালি আৰু প্ৰতিযোগিতাত উৎসাহেৰে অংশগ্ৰহণ কৰে। খেলসমূহৰ তত্ত্বাবধানত আছিল শিক্ষক চম্পক ঠাকুৰীয়া আৰু ড° কৃষ্ণা দেৱী বণিয়া, আনহাতে খেলৰ সম্পাদক চম্পক দাস আৰু মিজানুৰ ৰহমানৰ তৎপৰতাত সকলো কাৰ্যসূচী সুসংগঠিতভাৱে সম্পন্ন হয়।
মাৰ্চ পাষ্ট প্ৰতিযোগিতাত কুশল কোৱৰ হাউছে প্ৰথম, টেগৰ হাউছে দ্বিতীয় আৰু কনকলতা হাউছে তৃতীয় স্থান লাভ কৰে। ১০০ মিটাৰ দৌৰত পুৰুষ শাখাত কুশল কোৱৰ হাউছৰ দেৱৰাজ বুজৰবৰুৱাই প্ৰথম, কনকলতা হাউছৰ মিজানুৰ ৰহমানে দ্বিতীয় আৰু দেবব্ৰত ব্ৰহ্মই তৃতীয় স্থান লাভ কৰে। মহিলা শাখাত জাকিৰ হুছেইন হাউছৰ দিব্যা নেৱাৰে প্ৰথম, বাণিকান্ত হাউছৰ আনোৱাৰা আহমেদে দ্বিতীয় আৰু কনকলতা হাউছৰ পিংকি বৰাই তৃতীয় স্থান লাভ কৰে।
আর্ম ৰেষ্টলিংত পুৰুষ শাখাত জাকিৰ হুছেইন হাউছৰ নৱজ্যোতি শইকীয়াই প্ৰথম আৰু টেগৰ হাউছৰ অশিম কুমাৰ চৌধুৰীয়ে দ্বিতীয় স্থান লাভ কৰে। মহিলা শাখাত কনকলতা হাউছৰ লিলিমা পাৰ্বীনে প্ৰথম আৰু জামিনী গোস্বামী মহন্তই দ্বিতীয় স্থান লাভ কৰে। ভলীবল প্ৰতিযোগিতাত কনকলতা হাউছ প্ৰথম আৰু বাণিকান্ত হাউছ ৰাণাৰ্ছ আপ হয়। কেৰমত কনকলতা হাউছৰ মিজানুৰ ৰহমানে প্ৰথম আৰু জেহেৰুল ইছলামে দ্বিতীয় স্থান লাভ কৰে।
দবা প্ৰতিযোগিতাত পুৰুষ শাখাত টেগৰ হাউছৰ হৰজ্যোতি শৰ্মাই প্ৰথম আৰু কনকলতা হাউছৰ দেবব্ৰত ব্ৰহ্মই দ্বিতীয় স্থান লাভ কৰে। মহিলা শাখাত কনকলতা হাউছৰ ৰুমিলা ডেকাই প্ৰথম আৰু টেগৰ হাউছৰ একাদশী সৰকাৰে দ্বিতীয় স্থান লাভ কৰে। ডিছকাছ থ্ৰ’ত পুৰুষ শাখাত কুশল কোৱৰ হাউছৰ দেৱৰাজ বুজৰবৰুৱাই প্ৰথম, ৰাজৰত্ন গগৈয়ে দ্বিতীয় আৰু কনকলতা হাউছৰ দেবব্ৰত ব্ৰহ্মই তৃতীয় স্থান লাভ কৰে। মহিলা শাখাত কনকলতা হাউছৰ নেহা চৌধুৰীয়ে প্ৰথম, জামিনী গোস্বামী মহন্তই দ্বিতীয় আৰু বাণিকান্ত হাউছৰ ৰীতা ৰায়ে তৃতীয় স্থান লাভ কৰে।
পুছ-আপ প্ৰতিযোগিতাত পুৰুষ শাখাত কুশল কোৱৰ হাউছৰ দেৱৰাজ বুজৰবৰুৱাই প্ৰথম, কনকলতা হাউছৰ দেবব্ৰত ব্ৰহ্মই দ্বিতীয় আৰু জাকিৰ হুছেইন হাউছৰ বাবুল ৰাম বড়ো আৰু কুশল কোৱৰ হাউছৰ সন্দীপ পাঠকে তৃতীয় স্থান লাভ কৰে। মহিলা শাখাত কনকলতা হাউছৰ জামিনী গোস্বামী মহন্তই প্ৰথম, সোমা ৰাইজ্যুং আৰু টেগৰ হাউছৰ একাদশী সৰকাৰে দ্বিতীয় স্থান লাভ কৰে। লগতে জাকিৰ হুছেইন হাউছৰ দিব্যা নেৱাৰ আৰু বাণিকান্ত হাউছৰ ময়ূৰী শৰ্মাই তৃতীয় স্থান লাভ কৰে। ‘গ’ এজ ইউ লাইক’ প্ৰতিযোগিতাত কুশল কোৱৰ হাউছৰ বিৰাজ মালাকাৰ, গৌৰৱ নাথ, ৰাজৰত্ন গগৈ আৰু সন্দীপ পাঠকে প্ৰথম, কনকলতা হাউছৰ মিজানুৰ ৰহমান আৰু জেহেৰুল ইছলামে দ্বিতীয় স্থান লাভ কৰে আৰু তৃতীয় স্থান লাভ কৰে দুটা হাউছে—বাণিকান্ত হাউছৰ ৰঞ্জিত দাস আৰু ময়ূৰী শৰ্মাৰ লগতে কনকলতা হাউছৰ ৰীনা কলিতা আৰু ৰুমিলা ডেকাই।
ত্ৰি-লেগড ৰেচত পুৰুষ শাখাত বাণিকান্ত হাউছৰ দেবৰাজ প্যাকুৰেল আৰু ত্ৰিশাংক কাশ্যপে প্ৰথম স্থান লাভ কৰে, আনহাতে মহিলা শাখাত কুশল কোৱৰ হাউছৰ কল্যাণী দাস আৰু চন্দনা তুমুং প্ৰথম হয়। আনহাতে, দ্বিতীয় স্থান লাভ কৰে জিতেন্দ্ৰ দাস আৰু গৌতম তালুকদাৰে কনকলতা হাউছৰ পৰা পুৰুষৰ শাখাত আৰু মহিলাৰ শাখাত ৰশ্মি পেগু আৰু পিংকি বৰাই কনকলতা হাউছৰ পৰা। ইয়াৰ লগতে পুৰুষৰ শাখাত তৃতীয় স্থান লাভ কৰে ধিৰাজ গোস্বামী আৰু জেহেৰুল ইছলামে টেগৰ হাউছ আৰু গৌৰৱ নাথ আৰু দেৱৰাজ বুজৰবৰুৱাই কুশল কোৱৰ হাউছৰ পৰা আৰু মহিলাৰ শাখাত ৰীতা ৰায় আৰু আনোৱাৰা আহমেদে বাণিকান্ত হাউছৰ পৰা। টাগ অফ ৱাৰত মহিলা শাখাত কনকলতা হাউছ আৰু পুৰুষ শাখাত বাণিকান্ত হাউছ বিজয়ী হয়। শ্বটপুট প্ৰতিযোগিতাত পুৰুষ শাখাত কনকলতা হাউছৰ দেবব্ৰত ব্ৰহ্মই প্ৰথম, বাণিকান্ত হাউছৰ দেবৰাজ প্যাকুৰেলে দ্বিতীয় আৰু কুশল কোৱৰ হাউছৰ ৰাজৰত্ন গগৈয়ে তৃতীয় স্থান লাভ কৰে। মহিলা শাখাত জাকিৰ হুছেইন হাউছৰ দিব্যা নেৱাৰে প্ৰথম, কনকলতা হাউছৰ ৰশ্মি পেগুৱে দ্বিতীয় আৰু টেগৰ হাউছৰ একাদশী সৰকাৰে তৃতীয় স্থান লাভ কৰে।
এই সপ্তাহজোৰা খেল-ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে প্ৰশিক্ষাৰ্থী সকলৰ মাজত দলীয় একতা, বন্ধুত্ব আৰু পৰস্পৰ সন্মানৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। প্ৰতিযোগিতা সমূহে শিক্ষাৰ্থী সকলক কেৱল ক্ৰীড়া ক্ষেত্ৰতেই নহয়, ব্যক্তিত্ব বিকাশ আৰু আত্মবিশ্বাস বৃদ্ধিতো উৎসাহিত কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষা, শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী সকলৰ সন্মিলিত প্ৰচেষ্টাত এই বাৰ্ষিক সপ্তাহটো সফলভাৱে সম্পন্ন হয় আৰু ভৱিষ্যততো এনে কাৰ্যসূচীয়ে শিক্ষাৰ পৰিসৰ অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
