১৮ মার্চত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা
ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত ২০২৬ৰ বিধানসভা নির্বাচনলৈ সম্পূর্ণৰূপে সাজু হৈছে শাসকীয় বিজেপি দল। প্রার্থী তালিকাও প্রায় সম্পূর্ণ হৈছে বিজেপি দলটোৰ। অহা ১৮ মার্চত বিজেপিৰ প্রার্থী তালিকা প্রকাশ পাব। শনিবাৰে শিলচৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপিৰ প্রার্থী তালিকা প্রকাশক লৈ চলি থকা বিভিন্ন চৰ্চাৰ মাজতে অহা ১৮ মাৰ্চত দলৰ প্ৰাৰ্থী তালিকা প্রকাশ হ’ব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ১৮ মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা প্রকাশ পাব। আনহাতে বৰাকৰ ১৩টা সমষ্টিৰ ১০টাত বিজেপিয়ে প্রার্থিত্ব দিব বুলি জানিবলৈ দি আন তিনিটা সমষ্টি অগপক এৰি দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে। মিত্রদল অগপক আলগাপুৰ- কাটলিচেৰা, দক্ষিণ কৰিমগঞ্জ আৰু সোণাই সমষ্টি এৰি দিয়া হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।
