দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আদৰণি জনায় । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে কইনাধৰাত ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বৰ সৈতে অনুষ্ঠিত কৰে কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠক। আনহাতে আজি প্ৰায় ডেৰ লক্ষাধিক যুৱ প্ৰজন্মৰ ভোটাৰৰ উপস্থিতিত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগা যুৱ সন্মিলনক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখ্য যে পূৰ্বৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খনক দুটা কেম্পাছত বিভক্ত কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰে প্ৰথম কেম্পাছটো পূৰ্বৰ পাণবজাৰত নতুনকৈ নিৰ্মাণ কৰি তোলাৰ বিপৰীতে দ্বিতীয় কেম্পাছ নিৰ্মাণ কৰি তোলা হৈছে কালাপাহাৰৰ পূৰ্বৰ যক্ষ্মা চিকিৎসালয়খনৰ চৌহদত। গৃহমন্ত্রী অমিত শ্বাহে দ্বিতীয় কেম্পাছ ৰূপে নিৰ্মাণ কৰা প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ পিছতে দুপৰীয়াৰ ভাগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত যুব সম্মিলনক সম্বোধন কৰিব। আজিৰ সন্মিলন সন্দৰ্ভত মন্ত্রী পীযূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৩৫ বছৰ অনুৰ্ধৰ প্ৰায় ডেৰ লাখ যুৱক-যুৱতীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ১৮ বছৰ উৰ্দ্ধৰ আৰু ৩৫ বছৰ তলৰ যুৱ প্ৰজন্মই কিদৰে বিজেপিক সমর্থন কৰে সেয়া আজিৰ সমাৰোহতে স্পষ্ট হৈ পৰিব।

মন কৰিবলগীয়া যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বেই গুৱাহাটীলৈ আগমন ঘটিছে বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যৰ। আজিৰ সমাবেশত অমিত শ্বাহৰ লগতে  তেজস্বী সূর্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব। ইফালে অমিত শ্বাহৰ আগমনক লৈ সামাজিক মাধ্যমযোগে গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাই মুখ্যমন্ত্রী ড০ শৰ্মাই লিখিছে- কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ ভূমিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। তেওঁৰ এই ভ্ৰমণৰ জৰিয়তে অসমত বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প জাতিৰ বাবে উৎসৰ্গা কৰা হ’ব। লগতে তেওঁৰ প্ৰেৰণাদায়ক বাণীয়ে আমাৰ যুৱশক্তিক নতুন উদ্যম আৰু দিক্-নির্দেশনা প্রদান কৰিব।  গুৱাহাটীত উপস্থিত হোৱা গৃহমন্ত্রী অমিত শ্বাহে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত অংশ লয়। মুখ্যতঃ প্রার্থী তালিকা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ লক্ষ্যৰে অনুষ্ঠিত এই আলোচনাত কেইবাটাও সমষ্টিত দলৰ প্রার্থিত্বকেন্দ্রিক বেমেজালি দূৰ কৰাৰ বাবেও আলোচনা হয়। আনহাতে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে মিত্রদল অগপৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰতো অগপ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয় বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ সৈতেও গৃহমন্ত্ৰীগৰাকীয়ে দীঘলীয়া আলোচনা কৰা বুলি জানিব পৰা গৈছে।