পৰাজয়ৰ শতকলৈ অপেক্ষা কৰিছে কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

পৰাজয়ৰ শতকলৈ অপেক্ষা কৰিছে কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে শুক্ৰবাৰে অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শিলচৰত জনসভা সম্বোধন কৰে ৷ শিলচৰৰ অম্বিকাপুৰত তিনিটা অভিলাষী প্রকল্পৰ ভূমিপুজন উপলক্ষে আয়োজিত বিশাল জনসভাত জনতাক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰছ চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দেশৰ প্ৰতিখন ৰাজ্যই আজি কংগ্রেছক শিক্ষা দি আছে। এটা নিৰ্বাচনৰ পিছত আনটোত পৰাজিত হৈছে কংগ্ৰেছ। এতিয়া অদূৰ ভৱিষ্যতে কংগ্ৰেছে নিজৰ পৰাজয়ৰ ইতিহাসত শতক অৰ্জন কৰিবলৈ ওলাইছে। পৰাজয়ৰ হতাশাৰে ভৰা কংগ্ৰেছে খোদ ফ্রন্ট মুকলি কৰিছে দেশৰ বিৰুদ্ধে। দেশৰ বদনাম কৰাত সম্প্রতি ব্যস্ত কংগ্রেছ নেতৃত্ব। প্রধান বিৰোধী দল কংগ্ৰেছৰ প্ৰতি এই তির্যক মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। নিজ ভাষণত তেওঁ শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা সম্মিলনৰ প্ৰসংগ উত্থাপন কৰি উপস্থিত জনতাক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে কয় যে নতুন দিল্লীত বিশাল এআই সম্মিলন অনুষ্ঠিত হোৱা আপোনালোকে দেখিছে। সমগ্র বিশ্বই যেতিয়া কৃত্রিম বুদ্ধিমত্তাক লৈ অতি কৌতূহলী হৈ আছিল, তেতিয়াই নতুন দিল্লীত এআই সম্মিলন সফলতাৰে অনুষ্ঠিত কৰি নতুন আশাৰ সঞ্চাৰ সৃষ্টি কৰা হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা, প্রযুক্তি কোম্পানী আৰু খণ্ডৰ প্রতিনিধি আহিছিল নতুন দিল্লীলৈ। কিন্তু এই সম্মিলনৰ বদনাম কৰিবলৈ কংগ্রেছে। কাপোৰ ফালি প্রতিবাদ সাব্যস্ত কৰে। এতিয়া কংগ্ৰেছৰ হাতত নিজৰ কাপোৰ ফালি পেলোৱাৰ বাদে আন কোনো বিকল্প নাই। কংগ্ৰেছৰ এনে অশ্লীল আৰু কুৎচিত বিক্ষোভক সমগ্র দেশে সমালোচনা কৰিছে। কিন্তু এই কাৰ্যক নিজৰ প্ৰাপ্তি বুলি দাবী কৰি দেশক লজ্জানত কৰাসকলক প্ৰশংসা কৰিছে কংগ্ৰেছৰ ৰাজ পৰিয়ালে। ৰাষ্ট্ৰৰ প্রতি শত্রুতা থকা কংগ্ৰেছে কোনো ৰাজ্যৰে উপকাৰ সাধন কৰিব নোৱাৰে। কেতিয়াও ভাবিব নোৱাৰে অসমৰ যুৱ প্ৰজন্মৰ মংগলৰ কথাও। অসমৰ যুৱক-যুৱতীসকলক হিংসা আৰু সন্ত্রাসবাদৰ কুচক্ৰত আবদ্ধ কৰি ৰখা বুলি কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে প্রধানমন্ত্রী মোদীয়ে। তেওঁৰ মতে, বিভাজন-শাসন নীতিৰ বাবে কংগ্রেছে অসমক পৰীক্ষাগাৰলৈ পর্যবসিত কৰিছে। আজি অসমৰ যুৱক-যুৱতীসকলে এক আকাশলংঘী সুযোগৰ মুকলি আকাশ লাভ কৰা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ছেমিকণ্ডাক্টৰ খণ্ডত অসম অগ্রগণী বাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াত গঢ় লৈ উঠিছে পৰৱৰ্তী প্ৰজন্মৰ বাবে এটা পৰিৱেশতন্ত্র আৰু প্ৰতিভাৰ কেন্দ্র। অসমত আইআইটি আৰু আইআইএমৰ দৰে প্রতিষ্ঠান স্থাপন কৰা হৈছে। এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰা হৈছে চিকিৎসা মহাবিদ্যালয়-এইমছ-কর্কট চিকিৎসালয়ৰ। শান্তি আৰু প্ৰগতিৰ এই নতুন যুগ বহু ত্যাগ আৰু প্ৰচেষ্টাৰ মাজেৰে আহিছে। সেয়েহে এতিয়া অসমক পুনৰ অতীতলৈ ঠেলি দিবলৈ চেষ্টা কৰা যিকোনো শক্তিক আমি উপযুক্ত প্ৰত্যুত্তৰ দিব লাগিব। স্বাধীনতাৰ পিছত বহু দশক ধৰি কংগ্ৰেছ চৰকাৰে উত্তৰ-পূবক দিল্লীৰ অন্তৰৰ পৰা আঁতৰাই ৰাখিছিল বুলি তেওঁ মন্তব্য কৰে। এই প্রসংগত প্রধানমন্ত্রী মোদীৰ ভাষ্য আছিল এনেধৰণৰ- কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক একপ্ৰকাৰ পাহৰি গৈছিল। কিন্তু বিজেপিৰ ডাব্‌ল ইঞ্জিন চৰকাৰে উত্তৰ-পূবক এনেদৰে সংযোগ কৰিছে, সেয়া সর্বত্র চর্চিত। আজি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ এক্ট-ইষ্ট পলিচীৰ কেন্দ্রবিন্দু হৈ পৰিছে। এখন সাঁকোত পৰিণত হৈছে দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতক সংযোগ কৰাৰ ক্ষেত্ৰতো। উন্নয়নৰ দৌৰত পিছপৰি থকাসকলক অগ্রাধিকাৰ দিয়াটোৱেই বিজেপিৰ মূল মন্তব্য বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে সীমান্ত অঞ্চলত দেশৰ শেষৰখন গাঁওৰূপে গণ্য কৰিছিল বুলি বৰাক উপত্যকাৰ পৰাই প্রধান বিৰোধী দলটোৰ বিৰুদ্ধে ৰণহুংকাৰ দিয়া প্রধানমন্ত্রী মোদীৰ বক্তব্য- আমি সীমান্তৰ গাঁওবোৰক দেশৰ প্ৰথম গাঁও হিচাপে গণ্য কৰোঁ। সেয়েহে সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে কাছাৰ জিলাত পৰৱৰ্তী পৰ্যায়ৰ ভাইব্রেন্ট ভিলেজ প্রগ্রেম আৰম্ভ কৰা হৈছে। যাৰ ফলত নিশ্চিত হৈছে বৰাক উপত্যকাৰ বহু গাঁৱৰ উন্নতি সাধন। সম্প্রতি সমগ্র বিশ্বতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰসংগয়ো তেওঁৰ ভাষণত স্থান লাভ কৰে। এই বিষয়তো কংগ্রেছক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয় যে সকলোৱে প্ৰতিদিনে যুদ্ধৰ ভয়াৱহতাৰ সাক্ষী হৈ আছে। যুদ্ধই সৃষ্টি কৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপৰি নাগৰিকসকলে সম্মুখীন হোৱা কষ্টসমূহ ন্যূনতম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে আমাৰ চৰকাৰে। আমাৰ প্ৰচেষ্টা দেশৰ নাগৰিকৰ ওপৰত যুদ্ধৰ প্ৰভাৱ যথাসম্ভৱ কম কৰা। এই সময়ত কংগ্ৰেছে দায়িত্বশীল ৰাজনৈতিক দলৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল যদিও নিজ স্বাৰ্থৰ বাবেই এই গুৰুত্বপূৰ্ণ কামত তেওঁলোক পুনৰ ব্যৰ্থ হৈছে। কংগ্ৰেছে দেশত আতংক সৃষ্টি কৰিবলৈ প্রচেষ্টা চলাইছে, যাতে দেশ বিপদত পৰে। অসম তথা দেশৰ বাবে কংগ্ৰেছৰ কোনো দৃষ্টিভংগী নাই বুলিও অভিযোগ উত্থাপন কৰে প্রধানমন্ত্রী মোদীয়ে। যাৰ কাৰণে কংগ্ৰেছে উৰাবাতৰি-মিথ্যাচাৰ-প্ৰতাৰণাক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে আভুৱা-ভাঁৰা ৰীল নিৰ্মাণৰ এটা উদ্যোগ গঢ়ি তুলিছে। ভাৰতৰ দ্রুত বিকাশ হজম কৰিব নোৱাৰা বিদেশী শক্তিৰ দুৰ্ভাগ্যজনকভাৱে হাতৰ পুতলা হৈ পৰিছে কংগ্ৰেছ। এনে অৱস্থাত অসমৰ প্ৰতিজন নাগৰিক তথা যুৱ প্ৰজন্মক কংগ্ৰেছৰ পৰা সতৰ্ক হৈ থাকিবলৈ তেওঁ আহ্বান জনায়।