গুৰুদক্ষিণা প’র্টেল মুকলি কৰিব শিক্ষামন্ত্রীয়ে 

গুৰুদক্ষিণা প’র্টেল মুকলি কৰিব শিক্ষামন্ত্রীয়ে 

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ পূৰ্বে পদ প্ৰাদেশিকীকৰণৰ পৰা যিবোৰ শিক্ষানুষ্ঠান তথা শিক্ষক বাদ পৰিছে তাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব গুৰুদক্ষিণা। শিক্ষাগুৰুসকলক গুৰুদক্ষিণা দিয়াৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে প্ৰক্ৰিয়া। ইয়াৰ বাবে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰিব গুৰুদক্ষিণা প’র্টেল। উল্লেখ্য যে প্রাদেশিকীকৰণ আইনৰ আওতালৈ নহা ৰাজ্যৰ বিদ্যালয় সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ বাজেটত গুৰুদক্ষিণা শীর্ষক এখন আঁচনি ঘোষণা কৰিছিল। বিশেষকৈ অপ্রাদেশীকৃত শিক্ষানুষ্ঠানত বছৰ বছৰ ধৰি বিনাবেতনে শিক্ষাদান কৰি অহা শিক্ষকসকলক মর্যাদাসহকাৰে বিদায় দিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে শিক্ষকসকলক প্ৰদান কৰা হ’ব আর্থিক সাহায্য। উল্লেখ্য যে প্রাদেশীকৃত আইন সংশোধনৰ জৰিয়তে ইতিমধ্যে ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া অনলাইনযোগে আৰম্ভ হৈছে। যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা পিএমএছ প’র্টেলত এই পর্যন্ত ৮,৪৪২খন শিক্ষানুষ্ঠানৰ নাম পঞ্জীয়ন হৈছে। পঞ্জীয়ন হোৱা এই শিক্ষানুষ্ঠানৰ ভিতৰত ৪,৯২৮খন শিক্ষানুষ্ঠানৰ ২৮,৫৩৬ গৰাকী শিক্ষক-কর্মচাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। ইয়াৰ বিপৰীতে ৩,৫১৪খন শিক্ষানুষ্ঠানৰ শিক্ষক-কর্মচাৰীয়ে নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই। নির্ধাৰিত সময়ত যিসকল শিক্ষক-কর্মচাৰীৰ নাম পঞ্জীয়ন হ’ব, সেইসকলক সংশোধিত পদ প্রাদেশিকীকৰণ আইন অনুসৰি লাভ কৰিব দৰমহা। কিন্তু যিসকলে পঞ্জীয়ন কৰিবলৈ সক্ষম নহ’ব অথবা অপ্রাদেশীকৃত হৈ থাকিব সেইসকল শিক্ষক-কর্মচাৰীক এককালীন সাহায্যৰে এই ব্যৱস্থাৰ পৰা বিদায় দিয়া হ’ব। ইয়াৰ বাবে কাইলৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰিব গুৰুদক্ষিণা শীর্ষক প’র্টেল। বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে প্রস্তুত কৰা এই প’ৰ্টেল তথা গুৰুদক্ষিণা আঁচনি ইতিমধ্যে বিধানসভাত লেখানুদান উত্থাপনৰ সময়ত বিত্তমন্ত্রী অজন্তা নেওগে ৰাজহুৱা কৰিছিল। তদুপৰি এই প’র্টেলত অপ্রাদেশীকৃত শিক্ষানুষ্ঠানত বিনাবেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষক-কর্মচাৰী আৰু কৰ্মৰত অৱস্থাতে মৃত্যু হোৱা শিক্ষক-কর্মচাৰীৰ নিকটাত্মীয়য়ো গুৰুদক্ষিণা প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আবেদন। এই আবেদনৰ ভিত্তিতে চলিত বিত্তীয় বর্ষতে শিক্ষক-কর্মচাৰীসকলে লাভ কৰিব সাহায্য। অৱশ্যে নতুন চৰকাৰ গঠন হোৱাৰ পাছতহে এই এককালীন সাহায্য লাভ কৰাৰ সম্ভাৱনা আছে।