কোকৰাঝাৰত ৪,৫৭০ কোটিৰ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

কোকৰাঝাৰত ৪,৫৭০ কোটিৰ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰত ৪,৫৭০ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন-আধাৰশিলা স্থাপন কৰে। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি প্রধানমন্ত্রী মোদীয়ে ইয়াৰ বাবে কোকৰাঝাৰলৈ যোৱাৰ কথা আছিল যদিও প্রতিকূল বতৰৰ বাবে সেয়া সম্ভৱ নহ’ল। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পৰাই ভার্চুৱেলী কোকৰাঝাৰত অনুষ্ঠিত জনসভা তেওঁ সম্বোধন কৰে। ‘খুলুমবাই কোকৰাঝাৰ’ শব্দ দুটাৰে নিজ ভাষণ আৰম্ভ কৰা প্রধানমন্ত্রী মোদীয়ে বডোফা উপেন্দ্রনাথ ব্রহ্ম, ৰূপনাথ ব্রহ্ম আদিৰ দৰে মহান ব্যক্তিসকলক স্মৰণ কৰে। লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদীয়ে প্রধান বিৰোধী দল কংগ্ৰেছক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লয়। ইয়াৰ বিপৰীতে বিজেপি-এনডিএ চৰকাৰৰ কার্যকালত বড়োলেণ্ডৰ সমান্তৰালভাৱে অসমে শান্তি-উন্নয়নৰ এক নতুন অধ্যায় ৰচনা কৰা বুলি তেওঁ মন্তব্য কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়, চেন্ট্রেল ইনষ্টিটিউট অৱ টেকন’লজী আৰু এখন ইঞ্জিনিয়াৰিং কলেজৰ লগতে এনেধৰণৰ অসংখ্য প্রকল্প বিটিচিত সফল হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে ২০২০ চনৰ চুক্তিৰ অধীনত আমি যিবোৰ প্রতিশ্রুতি দিছিলোঁ, সেয়া এটাৰ পিছত এটাকৈ দ্রুতগতিত নিৰন্তৰ কঠোৰ পৰিশ্ৰমেৰে পূৰণ কৰা হৈছে। বড়োক দিয়া হৈছে সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা।

বড়োলেণ্ডৰ কাৰণে ১,৫০০ কোটি টকাৰ এটা বিশেষ পেকেজ প্রদান কৰা হৈছে। কোকৰাঝাৰত এখন মেডিকেল কলেজ স্থাপন কৰা হৈছে। তামুলপুৰতো নিৰ্মাণ কৰা হৈছে এখন মেডিকেল কলেজ। ইয়াত নতুন নতুন দলং নিৰ্মাণ হৈছে। অসমৰ প্ৰায় ১০ হাজাৰ যুৱকে অস্ত্র ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয় যে কেইবা দশক ধৰি কংগ্ৰেছ দলৰ বিশ্বাসঘাতকতাৰ সাক্ষী হৈছে বড়োলেও। বড়োলেণ্ডৰ বাসিন্দাক প্ৰজন্মৰ পিছত প্রজন্ম ধৰি ভুৱা সপোন দেখুৱাইছিল কংগ্রেছে। দিল্লীৰ কংগ্ৰেছ চৰকাৰসমূহে কেৱল মানুহক দেখুৱাবৰ কাৰণেই কাগজত চুক্তি স্বাক্ষৰ কৰিছিল। যেতিয়া আপোনালোকে কংগ্রেছক দেশ আৰু অসম উভয়ৰে পৰা উৎখাত কৰি বিজেপি-এনডিএক সুযোগ দিছিল, তেতিয়াই আমি আমাৰ আন্তৰিক প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। কংগ্ৰেছে নিজৰ স্বাৰ্থপৰ ৰাজনৈতিক উদ্দেশ্যে সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰাৰ পৰিৱৰ্তে বিজেপিয়ে স্থায়ী শান্তিৰ হকে কাম কৰিছিল। এই দৃষ্টিভংগী লৈয়েই সম্পাদন কৰা হৈছিল বড়ো শান্তিচুক্তি। যিয়ে প্ৰথমবাৰৰ বাবে সকলো প্রধান সংগঠনক একত্ৰিত কৰিছে। বড়ো সম্প্ৰদায়ৰ বিশ্বাস আৰু ঐতিহ্য ৰাষ্ট্ৰীয় পর্যায়ত সন্মানিত হোৱাটো আমাৰ চৰকাৰে নিশ্চিত কৰিছে। ঐতিহ্যপূর্ণ বড়ো সমাজৰ পৰম্পৰাগত আস্থা বাথৌক সন্মান দিয়া হৈছে। কংগ্ৰেছে কৰা এক গুৰুতৰ পাপ দেশ আৰু অসমৰ সুৰক্ষাৰ বাবে মাৰাত্মক ভাবুকি হৈ পৰা বুলি তেওঁ অভিযোগ কৰে। এই সন্দৰ্ভত প্রধানমন্ত্রী মোদীৰ ভাষ্য আছিল এনেধৰণৰ- যিয়ে ৰুটী, বেটা আৰু মাটি; তিনিওটাৰে সুৰক্ষা বিপন্ন কৰি তুলিছে। কংগ্ৰেছৰ হাত সদায়েই অনুপ্ৰৱেশকাৰীৰ লগত আছিল আৰু আজিও আছে। কেইবা দশক ধৰি কংগ্ৰেছে ইয়াৰে থলুৱা বাসিন্দাক ভূমিপট্টা নিদিলে। আদিবাসীসকলৰ বহুত ভূমি কংগ্ৰেছে গতাই দিলে অনুপ্ৰৱেশকাৰীক। ধুবুৰী আৰু গোৱালপাৰাৰ দৰে জিলাৰ পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে। ইয়াৰ ফলত বড়োলেণ্ডত জনগাঁথনিৰ ভাৰসাম্য বিঘ্নিত হোৱাৰ লগতে সমাজলৈ সংকট নামি আহিছে। অৱশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুপ্ৰৱেশকাৰীৰ কবলত পৰা ভূমি উদ্ধাৰৰ বাবে অসমত চলি থকা বিশাল অভিযানৰ বাবে তেওঁ সন্তুষ্টি ব্যক্ত কৰে।

তেওঁ কয় যে বিজেপি-এনডিএ চৰকাৰে অসমত থলুৱা বাসিন্দাসকলক ভূমিপট্টা প্রদান কৰিছে। এইক্ষেত্রত সহযোগিতা আগবঢ়োৱাৰ বাবে জনগোষ্ঠীয় সম্প্ৰদায়ৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত জনসাধাৰণক উদ্দেশ্যি প্রধানমন্ত্রী মোদীৰ আহ্বান-আজি মই আসন্ন নির্বাচনত কংগ্রেছক কঠোৰ শাস্তি বিহিবলৈ আপোনালোকক অনুৰোধ জনোৱাৰ বাবে আহিছোঁ। এটা স্পষ্ট বার্তা দিয়ক। দেশত অনুপ্রৱেশকাৰীৰ কাৰণে কোনো স্থান নাই। অসমৰ পৰা যোৱা এই বার্তাটোৱে সমগ্ৰ দেশৰ কণ্ঠস্বৰ হৈ উঠিব। অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে অসমৰ জনসাধাৰণৰ আশীৰ্বাদত ‘বিকশিত অসম’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব। প্রধানমন্ত্রী মোদীয়ে প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰত উপস্থিত হ’ব নোৱাৰাত দুখ ব্যক্ত কৰে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত বাগুৰুমবা দহৌ অনুষ্ঠানত অংশগ্ৰহণৰ স্মৃতি সোঁৱৰণ কৰি ভাষণত তেওঁ কয় যে কেই সপ্তাহমান পূর্বে মই গুৱাহাটীত বিশাল বাগুৰুমবা দহো উৎসৱত সমৃদ্ধ বড়ো সংস্কৃতিৰ অংশীদাৰ হোৱাৰ সুযোগ পাইছিলোঁ। বড়ো সম্প্রদায়ে কেনেদৰে নিজৰ ভাষা-সংস্কৃতি-ঐতিহ্য ইমান যত্নসহকাৰে সংৰক্ষণ কৰিছে, সেয়া প্ৰত্যক্ষ কৰি গভীৰভাৱে গর্বিত। বাথৌৰ আধ্যাত্মিক পৰম্পৰাই হওক বা বৈশাগু উৎসৱ, এই অনুষ্ঠানসমূহে ভাৰতৰ সাংস্কৃতিক শক্তিক আৰু অধিক মজবুত কৰে। বিজেপি-এনডিএৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ ঐতিহ্য সংৰক্ষণ তথা উন্নয়ন ত্বৰান্বিত কৰাৰ হকে অক্লান্ত পৰিশ্ৰম কৰিছে। আজিৰ এই অনুষ্ঠানত ৪,৫০০ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ উদ্বোধন-আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত ১,১০০ কোটিতকৈও বেছি ধনৰাশি বড়োলেণ্ডৰ পথৰ বাবে ব্যয় কৰা হ’ব। অসম মালাৰ তৃতীয় পর্যায় ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিব। কামাখ্যা-চার্লাপল্লী, অমৃত ভাৰত এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই প্রকল্পসমূহৰ দ্বাৰা সুবিধা লাভৰ সমান্তৰালভাৱে বাণিজ্য আৰু পৰ্যটন খণ্ডকো উৎসাহিত কৰিব। কৃষকৰ উৎপাদিত ফচল আৰু অতি সহজে বজাৰত উপলব্ধ হ’ব। কোকৰাঝাৰসহ এই সমগ্র অঞ্চলটোৱে বিগত কেইবা দশক ধৰি বহু বেছি হেৰুৱাবলগীয়া হৈছে। আমি এনেধৰণৰ কঠিন পৰিস্থিতিও দেখিছোঁ, যেতিয়া ইয়াৰ পাহাৰসমূহত প্রতিধ্বনিত হৈছিল বোমা-বন্দুকৰ শব্দ। কিন্তু আজি এই দৃশ্যপটৰ পৰিৱৰ্তন ঘটিছে। এতিয়া ইয়াৰ পাহাৰসমূহত ‘খাম’ আৰু ‘চিফুং’ৰ মধুৰ ধ্বনি প্রতিধ্বনিত হয়। সম্প্রতি বড়োলেণ্ড শান্তি-উন্নয়নৰ জোঁৱাৰৰ পথেৰে আগবাঢ়িছে। অসমে ৰচনা কৰিছে শান্তি-উন্নয়নৰ এক নতুন অধ্যায়। আজি উদ্বোধন-আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক প্রকল্পসমূহৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। বিশেষকৈ বিটিআৰত ৬টা গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে ৰে’ল যোগাযোগ ক্ষিপ্ৰতৰ কৰি তুলিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াতে স্থাপন হ’বলগীয়া ৰে’লৱে ৱর্কশপে অঞ্চলটোক এটা ডাঙৰ লজিষ্টিক চেণ্টাৰলৈ পৰিণত কৰিব। ভূটানক সংযোগ কৰিবলগীয়া ৰে’ললাইনৰো কাম চলি আছে। বহু ষ্টেচনৰ আধুনিকীকৰণ হৈ আছে। বন্দে ভাৰত আৰু ৰাজধানী এক্সপ্ৰেছৰ দৰে কোকৰাঝাৰত ৰখায়, যিটো বড়োলেণ্ডত উন্নত যোগাযোগৰ চাক্ষুষ প্রমাণ। এনেধৰণৰ প্ৰকল্পসমূহৰ জৰিয়তে কোকৰাঝাৰ বাণিজ্যৰ এটা প্রধান কেন্দ্ৰ হৈ পৰিব। বিকাশমূলক এনেধৰণৰ কামৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কার্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ টীমক তেওঁ অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বিটিচিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।