চাহ শ্রমিকক সেৱা জনাই ভূমিপট্টা প্ৰদান কৰিলে প্ৰধনমন্ত্ৰী মোদীয়ে

চাহ শ্রমিকক সেৱা জনাই ভূমিপট্টা প্ৰদান কৰিলে প্ৰধনমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  এক ইতিহাস ৰচনা কৰি দুই শতিকাজোৰা প্ৰতাৰণাৰ অৱসান ঘটাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিৰ পট্টা বিতৰণৰ শুভাৰম্ভ কৰিলে। গুৱাহাটীৰ বিষ্ণু-জ্যোতি আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক বিশাল অনুষ্ঠানত তিনিগৰাকী চাহ শ্রমিকক নিজ হাতে ভূমি পট্টা প্রদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য- অসমৰ চাহৰ লগত মোৰ এক অনন্য সম্পর্ক আছে। তেওঁ কয়- আজি অসমৰ চাহ বাগিচাত কাম কৰা প্ৰতিগৰাকী শ্ৰমিকৰ বাবে এক ঐতিহাসিক দিন। যাৰ কঠোৰ পৰিশ্ৰমৰ বাবেই অসমৰ পৰিচয়ে শক্তি পাইছে, যাৰ পৰিশ্রমেই অসমৰ চাহৰ সুগন্ধী সমগ্ৰ বিশ্বতেই ভাৰতকো পৰিচয় কৰাই দিছে। আজি সেইসকল চাহ শ্রমিকক এনডিএ চৰকাৰে সন্মানো দিছে আৰু সহায়ো আগবঢ়াইছে। কংগ্ৰেছৰ শাসনকালত চাহ বাগিচাৰ শ্রমিকসকল কিদৰে প্ৰতাৰিত হৈছিল তাক উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়- কংগ্ৰেছ চৰকাৰৰ কার্যকালত চাহ শ্রমিকক সম্পূৰ্ণভাৱে গুৰুত্বহীন কৰি ৰখা হৈছিল। শ্রমিকসকলৰ ওচৰত নাছিল ভূমিৰ কোনো নথি-পত্ৰ। মই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চৰকাৰখনে চাহ বাগিচাৰ সৈতে জড়িত শ্রমিকসকলৰ বাবে এক বৃহৎ উপকাৰ সাধন কৰিছে। আজি অসম চৰকাৰে দীৰ্ঘদিনীয়া এক অন্যায়ৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছে চাহ বাগিচাৰ শ্রমিকক ভূমিপট্টা নিদি এক ঐতিহাসিক অন্যায় কৰিছিল।

 

কংগ্ৰেছৰ এই ঐতিহাসিক অন্যায় বিজেপিয়ে অন্ত পেলাই চাহ শ্রমিকক ঘৰ, মাটি আৰু বিদ্যালয় প্রদান কৰিছে। আজি অসমৰ চাহ শ্রমিকসকলে নিজৰ ভূমিৰ পট্টা লাভ কৰিছে আৰু এই ভূমিতেই একোটাকৈ পকীঘৰ নিৰ্মাণ হোৱাৰ পথ খোল খাই পৰিছে। ইয়াৰ ফলত চাহ বাগিচাত থকা আমাৰ ভগ্নীসকলে বিশেষভাৱে উপকৃত হ’ব। মই বিচাৰোঁ, চাহ বাগিচাৰ শিশুসকলেও এক উন্নতমানৰ শিক্ষা লাভ কৰে আৰু আগুৱাই যায়। বিজেপি চৰকাৰে ইয়াৰ বাবে সকলোধৰণৰ সুবিধা প্ৰদান কৰিছে। যাৰ বাবে প্ৰতিখন চাহ বাগিচাৰ শ্রমিকে আজি ক’বলৈ আৰম্ভ কৰিছে- আকৌ এবাৰ বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- চাহ বাগিচাৰ শ্ৰমিকসকলক সন্মান প্ৰদৰ্শন কৰি মই এক ঋণৰ পৰা হাত সাৰিছোঁ। তেওঁ চাহ শ্রমিকসকলক উদ্দেশ্যি কয়- আপোনালোকে যদি চাহ বাগিচাত কাম কৰি সুদূৰ গুজৰাটত থকা মোৰ গাঁৱলৈ চাহপাত পঠিয়াইছিল, সেই চাহপাতেৰে চাহ বনাই বিক্ৰী কৰি কৰি আজি মই এই পর্যায়ত উপনীত হৈছোঁ। যদি চাহ বাগিচাৰ শ্ৰমিকসকলে পৰিশ্ৰম কৰি চাহপাত উৎপাদন নকৰিলে হয়, মই এই অৱস্থালৈ আহিব পাৰিলোঁ হয়নে? মা কামাখ্যাৰ এয়াই কৃপা যে মই আজি চাহ বাগিচাৰ শ্রমিক ভাইসকলক ভূমিপট্টা প্ৰদান কৰি ঋণৰ পৰা মুক্ত হোৱাৰ সুযোগ পালোঁ।

উল্লেখ্য যে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা চাহ শ্ৰমিকৰ ভূমিপট্টা বিতৰণৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে ৩.৫ লাখ চাহ শ্রমিক পৰিয়ালে ভূমিপট্টা লাভ কৰিব।লক্ষণীয়ভাৱে মঞ্চলৈ ভূমিপট্টা ল’বলৈ অহা সুশীলা গোৱালাৰ চৰণ স্পৰ্শ কৰি মাতৃ সমাজলৈ অনন্য সম্মান প্রদর্শন কৰিলে প্রধানমন্ত্রী মোদীয়ে। ইয়াৰ পূৰ্বে অসমীয়াত ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ স্থিতিক সমৰ্থন কৰি কয়- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুপ্ৰৱেশকাৰীয়ে দখল কৰা ভূমি উদ্ধাৰৰ এক বিশাল অভিযান চলি আছে। কংগ্ৰেছৰ হাত সদাই এইসকল অনুপ্ৰৱেশকাৰীৰ সৈতে আছিল আৰু আজিও আছে। দশক দশক ধৰি কংগ্ৰেছে অসমৰ খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰা নাছিল। বিজেপি-এনডিএ চৰকাৰ খিলঞ্জীয়া লোকসকলৰ সৈতে থিয় দি ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখ্য যে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পিএম কিষান আঁচনিৰ ২২সংখ্যক কিস্তিও মুকলি কৰে। এই প্রসংগত প্রধানমন্ত্রীয়ে কয়- সমগ্ৰ দেশৰ কৃষকসকলক মা কামাখ্যা ভূমিৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰীৰ কিষান আঁচনি সঁচা অৰ্থত এক অসাধাৰণ পদক্ষেপ। কৃষক ভাই-ভনীসকলৰ অধিকাংশৰেই ২০১৪ চনৰ আগতে ম’বাইল ফোন বা বেংক একাউন্ট নাছিল। কিন্তু এনডিএ চৰকাৰ অহাৰ পিছতেই তেওঁলোকৰ বেংক একাউন্ট হ’ল। কেৱল অসমতেই প্রায় ১৯ লাখ কৃষকে আজিলৈকে প্রায় ৮ হাজাৰ কোটি টকা লাভ কৰিছে। এয়া বিশ্বৰ উন্নত দেশসমূহতো সম্ভৱ হোৱা নাই। যি আজি ভাৰতবৰ্ষত সম্ভৱ হৈছে। মাত্র এটা ক্লিকতে দেশৰ কোটি কোটি কৃষকৰ ওচৰলৈ পোনপটীয়াকৈ ধন যায়। তেওঁ কয়- কৃষক সন্মান নিধি আঁচনিখনে কৃষকৰ বাবে সামাজিক সুৰক্ষা প্ৰদানৰ মাধ্যমৰূপে থিয় দিছে। বৰ্তমানৰ চৰকাৰখনে সৰ্বাধিক গুৰুত্ব দিছে কৃষকৰ কল্যাণৰ বাবে। বিগত ১০ বছৰত কৃষকে ২০ লাখ কোটি টকাৰ এমএছপি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়- বিগত ১১ বছৰত বৰ্তমানৰ চৰকাৰখনে এমএছপি হওক, সুলভমূল্যৰ ঋণ হওক, শস্য বীমা হওক বা পিএম কিষান সন্মান নিধি হওক এই আঁচনিসমূহৰ জৰিয়তে কৃষকক সকলোধৰণৰ সহায় আগবঢ়াবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় সংকটৰ প্ৰভাৱে যাতে কৃষি আৰু কৃষিক্ষেত্ৰৰ লগত জড়িত কোনো অনুষ্ঠান বা ব্যক্তিবিশেষৰ ওপৰত নপৰে, তাৰ প্ৰতি চৰকাৰে সতৰ্কতা অৱলম্বন কৰি আহিছে। ক’ভিড মহামাৰী আৰু পৰৱৰ্তী সময়ত হোৱা যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰৰ মূল্য বৃদ্ধি পাইছিল, বিদেশী বজাৰৰ পৰা সাৰ ক্ৰয় কৰাটো অত্যন্ত কঠিন আছিল। কিন্তু সেই সময়তো কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক সংকটৰ পৰা উদ্ধাৰ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩ হাজাৰ মূল্যৰ ইউৰিয়া বেগ ৩০০ টকাত যোগান ধৰি আহিছে।

উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে গুৱাহাটীৰ জ্যোতি-বিষ্ণু কলাকেন্দ্ৰৰ অনুষ্ঠানৰ পৰাই ১,৯৪,৮০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ ভাষণত কয়- মা কামাখ্যাৰ আশীর্বাদত ১,৯৪,৮০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাম অতি সোনকালে সম্পন্ন কৰা হ’ব। অসমক শক্তিখণ্ডত আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে ইতিমধ্যে এক বিশাল প্রকল্প লাভ কৰিছে। সমান্তৰালভাৱে চাহ শ্রমিক আৰু কৃষকসকলেও এই চৰকাৰৰ দিনত আর্থিকভাৱে সকাহ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী কিষান সন্মান নিধি আঁচনিৰ অধীনত ১৮ হাজাৰ কোটিতকৈ অধিক ধন কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ হৈছে। উল্লেখ্য যে প্রধানমন্ত্রীয়ে এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে ১২০ মেগাৱাট নামনি কপিলী জলবিদ্যুৎ প্রকল্প, উত্তৰ-পূব গেছ গ্রীড প্রকল্প-নুমলীগড়-শিলিগুৰি প্ৰডাক্ট পাইপলাইন প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৰে’ললাইন সংযোগী পিঅ’এল টার্মিনেলৰ শিলান্যাস আৰু ফৰকাটিং-তিনিচুকীয়া ৰে’লৱে লাইন দ্বৈতকৰণৰ শিলান্যাস কৰে। তদুপৰি প্রধানমন্ত্রীয়ে ৰঙিয়া-মুৰ্কংচেলেক, চাপৰমুখ-ডিব্ৰুগড়, বদৰপুৰ-শিলচৰ, বদৰপুৰ-চুড়াইবাড়ী ৰে’লপথৰ বৈদ্যুতিকৰণৰ লোকার্পণ কৰাৰ লগতে ভার্চুৱেলী উদ্বোধন কৰে। প্রধানমন্ত্রীয়ে এই অনুষ্ঠানতে পাণ্ডু বন্দৰৰ চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ২৭লৈ এলিভেটেড ৰোড আৰু বিশ্বনাথ ঘাটত ক্রুজ টার্মিনেলৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি ডিব্ৰুগড়ত আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ আৰু নিমাতীত ক্রুজ টার্মিনেলৰ ভূমি পূজন কৰে। লগতে প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেলী মহানগৰীৰ বেতকুছিত ২৯৮ কোটি টকা ব্যয়সাপেক্ষে নির্মিত একতা মলৰো উদ্বোধন কৰে ।