অভি-নীল হত্যাকাণ্ডৰ শুনানি সম্পূর্ণ

অভি-নীল হত্যাকাণ্ডৰ শুনানি সম্পূর্ণ

ৰঙিলী বাৰ্ত্তাসেৱা- অভি-নীল হত্যাকাণ্ডৰ শুনানি সম্পূর্ণ। এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সুদীর্ঘ সাত বছৰে নগাঁও আদালতত চলি আছিল । গোচৰীয়া পক্ষৰ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে শুকুৰবাৰে আদালতত আচামীপক্ষৰ অধিবক্তাৰ সকলো যুক্তিৰ অতি সবলভাৱে প্ৰত্যুত্তৰ দিয়ে। গোচৰটোৰ অন্তিম শুনানি তথা চূড়ান্ত যুক্তিতৰ্কৰ অন্তিমটো দিনত আদালতত ভুক্তভোগী নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাস, অভিজিত নাথৰ পিতৃ অজিত নাথ আৰু আচমী পক্ষৰ অধিবক্তা মানস শৰণীয়াও উপস্থিত থাকে। অন্তিমটো যুক্তিতর্ক শুকুৰবাৰে পুৱা এঘাৰ বজাৰ পৰা বিয়লি চাৰি বজালৈকে চলে। গোচৰটোৰ শুনানিৰ অন্তিমটো দিনত আদালতত পাঁচ ঘণ্টা ধৰি যুক্তি আগবঢ়ায় চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে। পাছত তেওঁ আদালত চৌহদত সাংবাদিকৰ আগত কয়, সাত বছৰ ধৰি চলা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ আজি অন্তিমটো দিন। আমি চূড়ান্ত যুক্তিতর্কত ভাগ ল’লোঁ। আচামী পক্ষৰ অধিবক্তাৰ সকলোখিনি যুক্তিৰ উত্তৰ দিলোঁ। আচামী পক্ষৰ অধিবক্তাই উঠোৱা তথ্যৰ আমি পইন্ট তালিকাৰ অন্তর্ভুক্ত টুপইন্ট উত্তৰ দিলোঁ। পুৱা এঘাৰ বজাৰ পৰা বিয়লি চাৰি বজালৈ গোটেইখিনি যুক্তি তর্ক সম্পূৰ্ণ কৰিলোঁ। এতিয়া আদালতে নিৰ্ধাৰিত তাৰিখ দিছে অহা ছয় এপ্রিল। ৬ এপ্রিলত আদালতে গোচৰটোৰ ৰায়দান দিব। আমি তাৰেই অপেক্ষাত আছোঁ। জ্যেষ্ঠ অধিবক্তা কামাৰে আৰু কয়, সকলো ভালে ভালে সম্পূর্ণ হৈ গৈছে। আজি শুনানি সম্পূৰ্ণ হৈ গৈছে আৰু শুনানি হ’বলগীয়া নাই। এতিয়া আদালতৰ ওপৰত সকলো নিৰ্ভৰ কৰিব। আমি গোচৰটো ৩০২ ধাৰাৰ বুলি প্রতিষ্ঠা কৰাৰ চেষ্টা কৰিছোঁ। আমি আদালতত যুক্তি দিছোঁ যে এইটো ৩০৪ অথবা ৩২৬ ধাৰাৰ গোচৰ নহয়, এইটো ৩০২ ধাৰাৰহে। ৩০২ত প্রমাণ হ’লে আচামীৰ যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড হ’ব পাৰে। সাত বছৰ গোচৰটো চলাইছোঁ, আজি অন্ত পৰাত মই সুখী। আনহাতে, নীলোৎপল দাসৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্ৰ দাসে সাংবাদিকৰ আগত কয়, আজি অন্তিমটো দিনৰ মূহুৰ্তত গোচৰটোৰ যি প্রগতি দেখিছোঁ সেই হিচাপে আমি সম্পূর্ণ আশাবাদী। আমি হয়তো এটা ভাল ফলাফল পাম। অপৰাধীৰ এনেকুৱা শাস্তি হ’ব লাগে যেন এনেকুৱা জঘন্য কাণ্ড সংঘটিত কৰিবলৈ অগলৈ কোনেও যাতে সাহস নকৰে। আমি অপৰাধীৰ ফাঁচি হোৱাটোকে বিচাৰোঁ।উল্লেখ্য যে সভ্য সমাজক লজ্জানত কৰি আৰু দেশৰ প্রচলিত আইন ব্যৱস্থাক উপহাস কৰি বিগত ২০১৮ চনৰ আঠ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী যুৱক নীলোৎপল দাস আৰু অভিজিত নাথক।